ভাৰতীয় নিৰ্বাচন আয়োগ
নিৰ্বাচন আয়োগে দুগুণলৈ বৃদ্ধি কৰিলে বুথ পৰ্যায়ৰ বিষয়াৰ পাৰিতোষিক ; বি এল অ’ তত্বাৱধায়কৰো পাৰিতোষিক বৃদ্ধি
নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’), সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া (এ ই আৰ অ’)কো মাননি প্ৰদানৰ সিদ্ধান্ত নিৰ্বাচন আয়োগৰ
Posted On:
02 AUG 2025 12:07PM by PIB Guwahati
নিৰ্ভুল নিৰ্বাচনী তালিকা গণতন্ত্ৰৰ মূল স্তম্ভ। নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’), সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া (এ ই আৰ অ’), বি এল অ’ তত্বাৱধায়ক আৰু বুথ পৰ্যায়ৰ বিষয়া (বি এল অ’)ৰে গঠিত নিৰ্বাচনী যন্ত্ৰৰ সৈতে জড়িতসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু নিৰপেক্ষ তথা তেওঁলোকে স্বচ্ছ নিৰ্বাচনী তালিকা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আয়োগে সেয়েহে, বিএলঅ’ৰ বাৰ্ষিক পাৰিতোষিক দুগুণ কৰাৰ সিদ্ধান্ত লৈছে । লগতে নিৰ্বাচনী তালিকা প্ৰস্তুত তথা পুনৰীক্ষণৰ সৈতে জড়িত বিএলঅ’ তত্বাৱধায়কসকলৰ পাৰিতোষিকো বৃদ্ধি কৰিছে। শেষবাৰৰ বাবে এনে পুনৰীক্ষণ ২০১৫ চনত কৰা হৈছিল।লগতে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’), সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া (এ ই আৰ অ’)কো মাননি প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে।
ক্ৰমিক নং
|
পদবী
|
২০১৫ চনৰ পৰা বিদ্যমান
|
এতিয়া সংশোধন কৰা হৈছে
|
১
|
বুথ স্তৰৰ বিষয়া (BLO)
|
৬০০০ টকা
|
১২০০০ টকা
|
২
|
নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ বাবে বিএলঅ’লৈ উদগনি
|
১০০০ টকা
|
২০০০ টকা
|
৩
|
বি এল অ’ তত্বাৱধায়ক
|
১২০০০ টকা
|
১৮০০০ টকা
|
৪
|
এ ই আৰ অ’
|
শূন্য
|
২৫০০০ টকা
|
৫
|
ই আৰ অ’
|
শূন্য
|
৩০০০০ টকা
|
ইয়াৰ উপৰি বিহাৰৰ পৰা আৰম্ভ কৰি বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ বাবে বিএলঅ’ৰ বাবেও আয়োগে ৬,০০০/- টকাৰ বিশেষ উদগনিত অনুমোদন জনাইছে।এই সিদ্ধান্তই যিসকল নিৰ্বাচনী কৰ্মীয়ে ক্ষেত্ৰ পৰ্যায়ত অক্লান্তভাৱে কাম কৰি সঠিক নিৰ্বাচনী তালিকা প্ৰস্তুত কৰিছে, ভোটাৰক সহায় কৰিছে, আৰু নিৰ্বাচনী প্ৰক্ৰিয়া শক্তিশালী কৰিছে সেইসকলক অনুপ্ৰাণিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।
******
PK/GDH/RP/DM
(Release ID: 2151763)