কেবিনেট
azadi ka amrit mahotsav

পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত (২০২১-২২ৰ পৰা ২০২৫-২৬) চলি থকা কেন্দ্ৰীয় খণ্ডৰ আঁচনি “প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা” (পি এম কে এছ ৱাই)ৰ বাবে ১৯২০ কোটি টকাৰ অতিৰিক্ত ব্যয়কে ধৰি মুঠ ৬৫২০ কোটি টকা ব্যয়ত কেবিনেটৰ অনুমোদন

Posted On: 31 JUL 2025 3:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি পঞ্চদশ বিত্ত আয়োগ চক্ৰ(এফ চি চি) (২০২১-২২ৰ পৰা ২০২৫-২৬)ৰ সময়ছোৱাত চলি থকা কেন্দ্ৰীয় খণ্ডৰ আঁচনি "প্ৰধানমন্ত্ৰী কিষাণ সম্পদ আঁচনি" (পি এম কে এছ ৱাই)ৰ বাবে ১৯২০ কোটি টকাৰ অতিৰিক্ত ব্যয়কে ধৰি মুঠ ৬৫২০ কোটি টকা ব্যয়ত অনুমোদন জনাইছে।

এই অনুমোদনবোৰৰ ভিতৰত আছে- (i) উপাদান আঁচনি- সংহত শীতল শৃংখল আৰু মূল্য সংযোজন আন্তঃগাঁথনি (আইচিচিভিএআই)ৰ অধীনত ৫০টা বহু-উৎপাদনযুক্ত খাদ্য বিকিৰণ গোট আৰু প্ৰধানমন্ত্ৰী কিষাণ উপাদান আঁচনি– সম্পদ যোজনা (পিএমকেএছৱাই)ৰ অধীনত বাজেট ঘোষণাৰ সৈতে সংগতি ৰাখি খাদ্য সুৰক্ষা আৰু গুণগত নিশ্চয়তা আন্তঃগাঁথনি (এফএছকিউএআই)ৰ অধীনত এনএবিএল স্বীকৃতিপ্ৰাপ্ত ১০০টা খাদ্য পৰীক্ষাগাৰ (এফটিএল) স্থাপন কৰাত সহায় কৰিবলৈ  ১০০০ কোটি টকা আৰু (ii)  ১৫সংখ্যক এফচিচিৰ সময়ত পিএমকেএছৱাইৰ বিভিন্ন উপাদান আঁচনিৰ অধীনৰ প্ৰকল্পৰ বাবে ৯২০ কোটি টকা।

আইচিচিভিএআই আৰু এফএছকিউএআই দুয়োখন পিএমকেএছৱাইৰ দ্বাৰা পৰিচালিত উপাদান আঁচনি। সমগ্ৰ দেশৰ যোগ্য সংস্থাসমূহৰ পৰা প্ৰস্তাৱ আমন্ত্ৰণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ (ই অ’ আই এছ) বিচৰা হ’ব। ই অ’ আইৰ বিপৰীতে লাভ কৰা প্ৰস্তাৱসমূহ প্ৰচলিত আঁচনিৰ নিৰ্দেশনা অনুসৰি যোগ্যতাৰ মাপকাঠীৰ ভিত্তিত সঠিক পৰীক্ষাৰ অন্তত অনুমোদন জনোৱা হ’ব।

প্ৰস্তাৱিত ৫০টা বহু-উৎপাদনযুক্ত খাদ্য বিকিৰণ গোট ৰূপায়ণৰ ফলত এই গোটসমূহৰ অধীনত বিকিৰণ কৰা খাদ্য সামগ্ৰীৰ ধৰণৰ ওপৰত ভিত্তি কৰি বছৰি ২০ৰ পৰা ৩০ লাখ মেট্ৰিক টন (এলএমটি)ৰ ভিতৰত মুঠ সংৰক্ষণ ক্ষমতা সৃষ্টি কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে। ব্যক্তিগত খণ্ডৰ অধীনত প্ৰস্তাৱিত ১০০টা এনএবিএল স্বীকৃতিপ্ৰাপ্ত খাদ্য পৰীক্ষাগাৰ স্থাপন কৰিলে খাদ্যৰ নমুনা পৰীক্ষাৰ বাবে উন্নত আন্তঃগাঁথনিৰ বিকাশ ঘটিব, যাৰ ফলত খাদ্য সুৰক্ষাৰ মানদণ্ড আৰু নিৰাপদ খাদ্যৰ যোগান নিশ্চিত হ’ব।

*****

MJPS/BM/KD


(Release ID: 2150672)