গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

বয়োজ্যেষ্ঠ লোকক লক্ষ্য কৰি সংঘটিত চাইবাৰ অপৰাধ

Posted On: 22 JUL 2025 3:52PM by PIB Guwahati

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৱে (NCRB) ইয়াৰ প্ৰকাশন “ক্ৰাইম ইন ইণ্ডিয়া”-ত অপৰাধৰ পৰিসংখ্যাগত তথ্য সংকলনেৰে প্ৰকাশ কৰে। শেহতীয়াকৈ ২০২২-ত ইয়াৰ প্ৰতিবেদন প্ৰকাশ পাইছে। এনচিআৰবি-এ প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮-ৰ পৰা ২০২২-লৈকে চাইবাৰ অপৰাধৰ অধীনত পঞ্জীয়ন হোৱা গোচৰৰ সবিশেষ (মাধ্যম/লক্ষ্য হিচাপে কমিউনিকেচন ডিভাইচ জড়িত) তলত উল্লেখ কৰা হৈছেঃ

চাইবাৰ অপৰাধ

পঞ্জীয়ন হোৱা গোচৰ

বৰ্ষ

২০১৮

২০১৯

২০২০

২০২১

২০২২

 

২৭,২৪৮

৪৪,৭৩৫

৫০,০৩৫

৫২,৯৭৪

৬৫,৮৯৩

 

 

দেশৰ বয়োজ্যেষ্ঠ লোকসকলে দাখিল কৰা চাইবাৰ অপৰাধৰ অভিযোগ সন্দৰ্ভত নিৰ্দিষ্ট তথ্য এনচিআৰবি-এ পৃথকে ৰখা নাই।

‘পুলিচ’ আৰু ‘ৰাজহুৱা ব্যৱস্থা’ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ৰাজ্যিক বিষয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ নিজ-নিজ আইন প্ৰয়োগকাৰী সংস্থা (LEA)-ৰ জৰিয়তে বয়োজ্যেষ্ঠ লোকসকলৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধ আৰু ইয়াৰ প্ৰতিৰোধ, ধৰা পেলোৱা, তদন্ত আৰু বিচাৰৰ বাবে মূলতঃ দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপৰ পৰিপূৰক হিচাপে কাম কৰে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজ-নিজ এলইএ-ৰ সামৰ্থ্য বিকাশৰ বাবে ভিন্ন আঁচনিৰ অধীনত পৰামৰ্শ আৰু আৰ্থিক সাহায্য আগবঢ়ায়।

বয়োজ্যেষ্ঠ লোকসকলৰ ক্ষেত্ৰত সংঘটিত চাইবাৰ অপৰাধৰে ব্যাপক আৰু সমন্বিতভাৱে মোকাবিলাকৰণৰ ব্যৱস্থাক সুদৃঢ়কৰণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজি হৈছেঃ

  1. গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ সংলগ্ন কাৰ্য্যালয় হিচাপে ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (I4C) স্থাপন কৰিছে।
  2. I4C-ৰ অংশ হিচাপে ‘ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ৰিপ’ৰ্ট পৰ্টেল’ (NCRP) (https://cybercrime.gov.in)-ৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে জনসাধাৰণে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধত বিশেষ গুৰুত্ব আৰোপেৰে সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত ঘটনা সম্পৰ্কে অৱগত কৰিব পাৰে। এই পৰ্টেলত ৰিপ’ৰ্ট কৰা চাইবাৰ অপৰাধৰ ঘটনা, ইয়াক এফআইআৰ-লৈ ৰূপান্তৰ কৰা আৰু এই সন্দৰ্ভত পৰৱৰ্তী ব্যৱস্থা সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহে আইনৰ বিধান অনুসৰি গ্ৰহণ কৰে।
  3. ২০২১-ত বিত্তীয় জালিয়াতি সম্পৰ্কে তাৎক্ষণিকভাৱে অৱগতকৰণৰ বাবে I4C-ৰ অধীনত ‘চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ’ৰ্টিং এণ্ড মেনেজমেন্ট চিষ্টেম’ (CFCFRMS) আৰম্ভ কৰা হৈছে।
  4. I4C-ত এটা অত্যাধুনিক চাইবাৰ জালিয়াতি প্ৰশমন কেন্দ্ৰ (CFMC) স্থাপন কৰা হৈছে। ইয়াত প্ৰধান বেংক, বিত্তীয় মধ্যস্থতাকাৰী, পেমেন্ট এগ্ৰিগেটৰ, টেলিকম সেৱা প্ৰদানকাৰী, আইটি মধ্যস্থতাকাৰী আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিনিধিয়ে একেলগে কাম কৰি চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা আৰু নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে কাম অব্যাহত আছে।
  5. এতিয়ালৈকে আৰক্ষী কৰ্তৃপক্ষই জনোৱা অনুসৰি ৯.৪২ লাখৰো অধিক চিম কাৰ্ড আৰু ২,৬৩,৩৪৮ টা আইএমইআই ভাৰত চৰকাৰে ব্লক কৰিছে।
  6. কেন্দ্ৰীয় চৰকাৰে চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, যথাঃ-

 

  1. মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ২৭-১০-২০২৪ ৰ "মন কী বাত" ত ডিজিটেল এৰেষ্ট সম্পৰ্কে কৈছিল আৰু ভাৰতৰ নাগৰিকক এই সন্দৰ্ভত সজাগ কৰিছিল।
  2. আকাশবাণী, নতুন দিল্লীয়ে ডিজিটেল এৰেষ্ট সন্দৰ্ভত ২৮-১০-২০২৪ ত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিল।
  3. কলাৰ টিউন কেম্পেইনঃ I4C-এ দূৰসংযোগ বিভাগৰ (DoT) সহযোগত চাইবাৰ অপৰাধ সম্পৰ্কে সজাগতা সৃষ্টি আৰু চাইবাৰ অপৰাধ হেল্পলাইন নম্বৰ ১৯৩০ তথা এনচিআৰপি পৰ্টেলৰ প্ৰচাৰৰ বাবে ১৯-১২-২০২৪ ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ এটা কলাৰ টিউন কেম্পেইন আৰম্ভ কৰিছে।
  4. কেন্দ্ৰীয় চৰকাৰে ডিজিটেল এৰেষ্ট কেলেংকাৰি সন্দৰ্ভত এক বিস্তৃত সজাগতা কাৰ্য্যসূচী আৰম্ভ কৰিছে। ইয়াৰ অৰ্থে বাতৰিকাকতৰ বিজ্ঞাপন, দিল্লী মেট্ৰ’ত ঘোষণা, বিশেষ প’ষ্টৰ বাবে ছ’চিয়েল মিডিয়াৰ ইনফ্লুয়েন্সাৰসকলক নিয়োগ, প্ৰসাৰ ভাৰতী আৰু ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে প্ৰচাৰ চলোৱা হৈছে।

এনচিআৰবি-এ প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮-২০২২ বৰ্ষৰ ভিতৰত কেৰালাৰ জিলাসমূহত চাইবাৰ অপৰাধ তথা প্ৰৱঞ্চনাৰ অধীনত পঞ্জীয়ন হোৱা গোচৰৰ সবিশেষ পৰিশিষ্টত আছে।

*****

পৰিশিষ্ট

২০১৮-২০২২ ত কেৰালাৰ জিলাসমূহত চাইবাৰ অপৰাধ তথা প্ৰৱঞ্চনাৰ অধীনত পঞ্জীয়ন হোৱা গোচৰৰ সবিশেষ

 

ক্ৰমিক নং

জিলাসমূহ

২০১৮

২০১৯

২০২০

২০২১

২০২২

আলাপুজা

এৰ্নাকুলাম

এৰ্নাকুলাম গ্ৰাম্য

ইদুক্কি

কান্নুৰ চহৰ

কাছাৰগোড

কোল্লাম

কোল্লাম গ্ৰাম্য

১০

১৬

কোট্টায়ম

১০

কোজিকোডে

১১

কোজিকোডে গ্ৰাম্য

১২

মালাপ্পুৰম

১৩

পলাক্কাদ

১৪

পাঠনামথিত্ত

১৫

ৰেলৱে

১৬

ত্ৰিশূৰ

 

১৭

ত্ৰিশূৰ গ্ৰাম্য

১৮

ত্ৰিবান্দ্ৰম

১৯

ত্ৰিবান্দ্ৰম গ্ৰাম্য

২০

ৱায়ানাডু

২১

অপৰাধ শাখা

২২

কন্নুৰ গ্ৰাম্য

-

-

-

 

মুঠ

১৪

১৪

১৬

২৬

উৎসঃ ক্ৰাইম ইন ইণ্ডিয়া

লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে এই কথা কয়।

***

RK/VV/HS/PS/PR/SB


(Release ID: 2147653)