উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাইজিং নৰ্থইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫

উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য আৰু বিনিয়োগক অনুঘটক হিচাপে লৈ কাম কৰাৰ উদ্দেশ্যে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে এই সন্মিলনৰ আয়োজন কৰে

শীৰ্ষ সন্মিলন আৰু ইয়াৰ প্ৰাকক্ষণত অনুষ্ঠিত ৰোডশ্বসমূহে ৪.৪৮ লাখ কোটি টকাৰ বিনিয়োগৰ আগ্ৰহ সৃষ্টি কৰে

Posted On: 23 JUL 2025 4:54PM by PIB Guwahati

 

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূব অঞ্চলৰ বাণিজ্য আৰু বিনিয়োগক অনুঘটক হিচাপে লৈ কাম কৰাৰ উদ্দেশ্যে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫ৰ আয়োজন কৰে। সামগ্ৰিকভাৱে, শীৰ্ষ সন্মিলন আৰু ইয়াৰ প্ৰাকক্ষণত অনুষ্ঠিত ৰোডশ্ব'সমূহে বুজাবুজিৰ চুক্তি (এম অ' ইউ), উদ্দেশ্য পত্ৰ, আৰু ব্যক্তিগত বিনিয়োগকাৰী, ৰাজহুৱা খণ্ডৰ উদ্যোগ, আৰু প্ৰধান ঔদ্যোগিক সংঘসমূহৰ পৰা ৪.৪৮ লাখ কোটি টকাৰ বিনিয়োগৰ আগ্ৰহ লাভ কৰে।

শীৰ্ষ সন্মিলনৰ সময়ত শক্তি আৰু কৃষি খাদ্য সংসাধন আৰু আনুষংগিক খণ্ডসমূহে অধিকাংশ বিনিয়োগৰ প্ৰস্তাৱ আকৰ্ষিত কৰিছে:

ভাৰত চৰকাৰে ঔদ্যোগিক পৰিৱেশ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত কৰ্মসংস্থাপন সৃষ্টিৰ বাবে নতুন বিনিয়োগ আকৰ্ষণৰ বাবে ‘উত্তৰ পূৰ্ব ট্ৰেন্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন’ (ইউএনএটিআই) আঁচনি ৰূপায়ণ কৰিছে। ‘ইউএনএটিআই’ আঁচনিৰ অধীনত প্ৰদান কৰা উদগণিসমূহ হ’ল (i) মূলধনী বিনিয়োগ উদগণি; (ii) কেন্দ্ৰীয় মূলধনী সুত ৰাজসাহায্য উদগণি; আৰু (iii) উৎপাদন আৰু সেৱা সংযুক্ত উদগণি। তদুপৰি, ৰাজ্য চৰকাৰসমূহেও বিনিয়োগৰ সুবিধাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, যিবোৰৰ ভিতৰত ‘ছিগংল উইণ্ড ক্লিয়াৰেন্স’, বিনিয়োগ প্ৰসাৰ সংস্থা স্থাপন, ভূমি বেংক স্থাপন, বিনিয়োগৰ বাবে উদগণিৰ দিহা আদি অন্তৰ্ভুক্ত কৰা হৈছে।

ৰাজ্য চৰকাৰসমূহে পৰিৱেশ সংবেদনশীল উত্তৰ-পূৰ্বাঞ্চলত পৰিৱেশ অখণ্ডতা ৰক্ষা কৰাৰ লগতে অৰ্থনৈতিক উন্নয়ন সাধনৰ বাবে কম কাৰ্বনযুক্ত প্ৰযুক্তি আৰু পৰিৱেশৰ প্ৰতি বহনক্ষম পদ্ধতি গ্ৰহণৰ প্ৰসাৰ ঘটায়। যিবোৰ প্ৰকল্পই বিপজ্জনক প্ৰভাৱ পেলোৱা নাই আৰু সেউজ উদ্যোগ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, যিবোৰে স্থানীয় পৰিৱেশত ন্যূনতম নেতিবাচক প্ৰভাৱ পেলায়, তেনেবোৰ উদ্যোগক প্ৰাথমিকতা প্ৰদান কৰা হৈছে।

উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

*****

Samrat/Allen/KB


(Release ID: 2147606)