উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বঞ্চলৰ উন্নয়নৰ বাবে আঁচনি
২০২২-২৩ ৰ পৰা ২০২৫-২৬ বিত্তীয়বৰ্ষলৈ চাৰিটা বছৰৰ বাবে ‘উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ’ (পিএম-ডিভাইন)ৰ অধীনত ৬,৬০০ কোটি টকাৰ ব্যয় ধায্য কৰা হৈছে
‘উত্তৰ পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি’ (এনইএছআইডিএছ)– পথ নিৰ্মাণৰ ক্ষেত্ৰত থকা নিৰ্দিষ্ট ব্যৱধান আঁতৰোৱাৰ বাবে প্ৰয়োজনীয় পুঁজি প্ৰদানৰ পথ
পথ/দলং আৰু সহায়ক আন্তঃগাঁথনি নিৰ্মাণেৰে ভৌতিক সম্পত্তি গঢ়াত সহযোগিতা আগবঢ়ায়
‘উত্তৰ-পূব পৰিষদ’ৰ আঁচনিসমূহৰ বৃহত্ উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে চিনাক্তকৃত গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ সামগ্ৰিক উন্নয়নত সহায় কৰা
Posted On:
23 JUL 2025 4:53PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে তলত উল্লেখ কৰা আঁচনিসমূহ ৰূপায়ণ কৰি আছে।
(ক) পিএম-ডিভাইন আঁচনি: কেন্দ্ৰীয় বাজেট ২০২২-২৩-ত সাতটা প্ৰকল্পৰ প্ৰাৰম্ভিক তালিকা আৰু প্ৰাৰম্ভিক আবণ্টন ১৫০০ কোটি টকাৰে ‘উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ’ (পিএম-ডিভাইন) শীৰ্ষক আঁচনিখন কেন্দ্ৰীয় খণ্ডৰ নতুন আঁচনি হিচাপে ঘোষণা কৰা হৈছিল। ২০২২-২৩ চনৰ পৰা ২০২৫-২৬ চনলৈকে চাৰিটা বছৰৰ বাবে এই আঁচনিখনৰ ব্যয় ধাৰ্য কৰা হৈছে ৬,৬০০ কোটি টকা। ‘পি এম-ডিভাইন’ আঁচনিৰ উদ্দেশ্যসমূহ হ’ল- (i) ‘পি এম গতিশক্তি’ৰ মনোভাৱেৰে আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অভিসাৰী ৰূপত পুঁজি প্ৰদান কৰা; (ii) উত্তৰ-পূৰ্বাঞ্চলৰ অনুভূত প্ৰয়োজনীয়তাত ভিত্তি কৰি সামাজিক উন্নয়ন প্ৰকল্পসমূহক সমৰ্থন কৰা; (iii) যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে জীৱিকাৰ সাধন সক্ষম কৰা; আৰু (iv) বিভিন্ন খণ্ডৰ মাজত থকা উন্নয়নৰ ব্যৱধান পূৰণ কৰা।
(ii) ‘উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (এনইএছআইডিএছ)– পথ’: এই আঁচনিখন হৈছে ২০১৭-১৮ চনৰ ভিতৰত অনুমোদিত কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু ‘পঞ্চদশ বিত্ত আয়োগ’ৰ শেষ পৰ্যন্ত বৃদ্ধি কৰা, অৰ্থাৎ ৩১.০৩.২০২৬ তাৰিখলৈকে সম্প্ৰসাৰিত কৰি চৰকাৰৰ আন কোনো বিভাগ অৰ্থাৎ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, গ্ৰাম্য উন্নয়ন বিভাগ, সীমান্ত পথ সংগঠন আদিয়ে সামৰি নোলোৱা, অথচ (i) দূৰৱৰ্তী স্থানসমূহলৈ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা (ii) বজাৰসমূহত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা, আৰু (iii) নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা প্ৰয়োজনীয় পথসমূহৰ নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্দিষ্ট ব্যৱধান-পুঁজি প্ৰদান কৰিবলৈ ৰূপায়ণ কৰা হৈছে। কেৱল পথ/দলং আৰু সহায়ক আন্তঃগাঁথনিত ভৌতিক সম্পত্তি নিৰ্মাণৰ দিশত নেতৃত্ব দিয়া প্ৰকল্পসমূহ এই আঁচনিৰ অধীনত অনুমোদনৰ বাবে বিবেচনা কৰা হয়।
(iii) ‘উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি’ (এনইএছআইডিএছ) – অ’টিআৰআই : ই এখন কেন্দ্ৰীয় খণ্ডৰ আঁচনি, ২০১৭-১৮ চনৰ ভিতৰত অনুমোদিত আৰু ‘পঞ্চদশ বিত্ত আয়োগ’ৰ শেহ পৰ্যন্ত সম্প্ৰসাৰিত, অৰ্থাৎ ৩১.০৩.২০২৬ ‘এনইএছআইডিএছ’ – (অ’টিআৰআই) উপাদানে ইয়াৰ পূৰ্বৰ আঁচনিসমূহৰ অধীনত অনুমোদিত (কিন্তু এতিয়াও সম্পূৰ্ণ নোহোৱা) প্ৰকল্পসমূহক সামৰি লয়, অৰ্থাৎ
(ক) ‘নন-লেপচেবল’ কেন্দ্ৰীয় সম্পদ পুল (এনএলচিপিআৰ)
(খ) পাহাৰীয়া অঞ্চল উন্নয়ন কাৰ্যসূচী (এইচএডিপি)
এই আঁচনিৰ অধীনত প্ৰাথমিক আৰু মাধ্যমিক স্বাস্থ্যসেৱা, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা, পানী যোগান, কঠিন আৱৰ্জনা ব্যৱস্থাপনা, উদ্যোগিক উন্নয়ন, অসামৰিক বিমান পৰিবহণ, ক্ৰীড়া, টেলিকম আদিৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ দিশত নেতৃত্ব দিয়া, ৫ কোটিৰ পৰা ৫০ কোটি টকাৰ পুঁজিৰে সম্পন্ন হব লগা প্ৰকল্পসমূহৰ অনুমোদনৰ বাবে বিবেচনা কৰা হয়।
(iv) ‘উত্তৰ-পূব পৰিষদ’ৰ আঁচনি: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে চিনাক্তকৃত গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ সামগ্ৰিক উন্নয়নত সহায় কৰাৰ বিস্তৃত উদ্দেশ্যেৰে ০১.০৪.২০২২ তাৰিখৰ পৰা ৩১.০৩.২০২৬ লৈকে সম্প্ৰসাৰিত আঁচনিখন ‘পঞ্চদশ বিত্ত আয়োগ’ৰ সময়ছোৱা (২০২২-২৩ৰ পৰা ২০২৫-২৬ চনলৈ)ত পৰিসৰ/আওতাৰ কোনো ডাঙৰ পৰিৱৰ্তন নোহোৱাকৈ কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনোৱা হয়। এই আঁচনিখনে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যকে সামৰি লৈছে। আঁচনিখনৰ অধীনত প্ৰকল্পসমূহৰ নিৰ্বাচন, অনুমোদন আৰু নিৰীক্ষণ প্ৰক্ৰিয়া সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে আলোচনা কৰি ‘এমডিঅ’এনইআৰ’/‘এনইচি’-ৰ দ্বাৰা পৰিচালিত হয়। উত্তৰ-পূৰ্বাঞ্চলৰ সংশ্লিষ্ট ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় সংস্থাৰ ৰূপায়ণ সংস্থাসমূহৰ জৰিয়তে পৰিকল্পনা আৰু ৰূপায়ণৰ দিহা কৰা হয়। ‘এন ই চি’-ৰ আঁচনিৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ কেতবোৰ গুৰুত্বক্ষেত্ৰ হৈছে বাঁহ, গাহৰি পালন, আঞ্চলিক পৰ্যটন, উচ্চ শিক্ষা, তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা, জীৱিকাৰ সাধন সৃষ্টি কৰা ইত্যাদি।
‘উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়’ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি ‘লোকসভা’ত এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।
*****
Samrat/Allen/KB
(Release ID: 2147603)