গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ৰাজ্যখনত ১ লাখ কোটি টকাৰ বিনিয়োগ বাস্তৱায়িত কৰাৰ বাবে আয়োজিত ‘উত্তৰাখণ্ড বিনিয়োগ মহোৎসৱ ২০২৫’ত ভাষণ দিয়ে; উত্তৰাখণ্ড চৰকাৰৰ ১২৭১ কোটি টকা ব্যয় সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
ক্ষুদ্ৰ আৰু পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উন্নয়ন কৰি দেশত সমাৱেশী উন্নয়ন সুনিশ্চিত কৰিছে মোদীজীয়ে
উত্তৰাখণ্ডত এক লাখ কোটিতকৈয়ো অধিক টকাৰ বিনিয়োগ বাস্তৱত পৰিণত কৰাৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ দলটোক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে
পৰিৱেশ আৰু ঔদ্যোগিক বিকাশৰ মাজত ভাৰসাম্য ৰক্ষাৰ এক উৎকৃষ্ট উদাহৰণ হৈছে উত্তৰাখণ্ড
আয়ুৰ্বেদ, যোগ, জৈৱিক কৃষি আৰু প্ৰাকৃতিক চিকিৎসা উত্তৰাখণ্ডৰ উন্নয়নৰ চাৰিটা গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হ’ব
বিৰোধীয়ে ৰাজ্যসমূহৰ উন্নয়নত ব্যাঘাত জন্মোৱা প্ৰথা বন্ধ কৰিব লাগে
ঔদ্যোগিক বিকাশ আৰু দৰিদ্ৰৰ কল্যাণ একেলগে হ’ব নোৱাৰে বুলি কোৱা ‘মিথ’টোক শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে ভাঙি পেলাইছে
এটা জ্যোতিৰ্লিংগ, তিনিটা শক্তি পীঠ, চাৰ ধাম, পঞ্চ প্ৰয়াগ, পঞ্চ কেদাৰ, আৰু সপ্ত বদ্ৰীৰে শোভা বঢ়া ভূমি— উত্তৰাখণ্ডৰ অগ্ৰগতিত কোনো শক্তিয়ে বাধা দিব নোৱাৰে
Posted On:
19 JUL 2025 8:00PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি উত্তৰাখণ্ডত ১ লাখ কোটি টকাৰ বিনিয়োগ বাস্তৱায়িত কৰাৰ উপলক্ষে আয়োজন কৰা ‘উত্তৰাখণ্ড বিনিয়োগ মহোৎসৱ – ২০২৫’ আৰু ৰাজ্য চৰকাৰে ১,২৭১ কোটি টকাৰে নিৰ্মাণ কৰা এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনীৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, বিধানসভাৰ অধ্যক্ষ শ্ৰীমতী ঋতু খান্দুৰি ভূষণ, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় টামতা আৰু ‘যোগ গুৰু’ বাবা ৰামদেৱৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
‘উত্তৰাখণ্ড বিনিয়োগ মহোৎসৱ ২০২৫’ত ভাষণ দি কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে প্ৰতিবাৰেই উত্তৰাখণ্ড ভ্ৰমণলৈ আহি তেওঁ নৱীকৃত শক্তিবোধেৰে উভতি যাব পাৰিছে। উত্তৰাখণ্ডত ভৰি দিয়াৰ মুহূৰ্ততে ‘চাৰ ধাম’ত বাস কৰা দেৱতা, গংগা আৰু যমুনাৰ দৰে পবিত্ৰ নদী আৰু এই ভূমিত আধ্যাত্মিকতাৰ শিখা জীয়াই ৰখা সন্তসকলে তেওঁক আশীৰ্বাদ দিয়ে। শ্ৰী শ্বাহে কয় যে উত্তৰাখণ্ডক "দেৱ ভূমি" (দেৱতাৰ দেশ) বুলি কোৱাটো সঠিক, কাৰণ ইয়াৰ পৰ্বতৰ চূড়াই কেৱল ভাৰতকে নহয়, সমগ্ৰ বিশ্বকে আধ্যাত্মিকতাৰ উচ্চতালৈ উন্নীত কৰে। ইয়াত বাস কৰা সন্ত আৰু ঋষিসকলে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতীয় সংস্কৃতিক কাষেৰে বৈ যোৱা গংগাৰে শুদ্ধ আৰু ৰক্ষাৰ বাবে কাম কৰি আহিছে। একে সময়তে উত্তৰাখণ্ডৰ নদীসমূহে প্ৰায় আধা ভাৰতবৰ্ষক খোৱাপানী আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰি জীৱন ধাৰণৰ সাধন প্ৰদান কৰে। তেওঁ লগতে কয় যে উত্তৰাখণ্ডই প্ৰকৃতি আৰু সংস্কৃতিৰ সংগমৰ এক অনন্য নিদৰ্শন দাঙি ধৰি আহিছে।
শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে উত্তৰাখণ্ডত অনুষ্ঠিত ২০২৩ চনৰ ‘গ্ল’বেল ইনভেষ্টৰ্ছ ছামিট’ৰ সময়ত যেতিয়া মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীয়ে তেওঁক জনাইছিল যে ৰাজ্যখনে ৩.৫৬ লাখ কোটি টকাৰ বুজাবুজি চুক্তি লাভ কৰিছে, তেতিয়া তেওঁ মন্তব্য কৰিছিল যে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাটো কোনো ডাঙৰ কৃতিত্ব নহয়—এইবোৰ ক্ষেত্ৰভিত্তিকভাৱে কাৰ্যকৰী কৰাটো হৈছে প্ৰকৃত প্ৰত্যাহ্বান। শ্ৰী শ্বাহে কয় যে আজি উত্তৰাখণ্ডত ১ লাখ কোটিৰো অধিক মূল্যৰ বিনিয়োগ বাস্তৱত পৰিণত হৈছে। তেওঁ উল্লেখ কৰে যে ভূমি আৱদ্ধ আৰু পাহাৰীয়া অঞ্চলসমূহলৈ বিনিয়োগ অনাটো পাহাৰ বগোৱাৰ দৰেই প্ৰত্যাহ্বানজনক। কিন্তু মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীয়ে সকলো প্ৰতিকূল পৰিস্থিতিৰ মাজতো আৰু পৰম্পৰাগত ধাৰণা ভংগ কৰি ৰাজ্যখনলৈ ১ লাখ কোটিৰো অধিক বিনিয়োগ সফলতাৰে আনিছে। তেওঁ লগতে কয় যে এই বিনিয়োগৰ সমান্তৰালকৈ উত্তৰাখণ্ডত ৮১ হাজাৰৰো অধিক চাকৰিৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও আনুষংগিক উদ্যোগসমূহে প্ৰায় ২.৫ লাখ নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, বিনিয়োগ আনকি দ্বিতীয় আৰু তৃতীয় স্তৰভুক্ত চহৰসমূহতো উপনীত হৈছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে পৰিৱেশ বহনক্ষমতাৰ সৈতে ভাৰসাম্য বৰ্তাই ৰাখি ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ সাধন কৰা হৈছে। তেওঁ উত্তৰাখণ্ডৰ উন্নয়নৰ নতুন পথপৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰাৰ বাবে মুখ্যমন্ত্ৰী শ্ৰী ধামীক প্ৰশংসা কৰে, যি নীতিৰ স্বচ্ছতা, কাৰ্যকৰীকৰণৰ গতি, আৰু পৰিকল্পনাত দৃষ্টিভংগীৰ দ্বাৰা চিহ্নিত কৰা হৈছে।

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে যেতিয়া উত্তৰাখণ্ডৰ জনসাধাৰণে পৃথক উত্তৰাখণ্ড ৰাজ্যৰ বাবে যুঁজি আছিল তেতিয়া বিৰোধী দলে উত্তৰাখণ্ডৰ আন্দোলনকাৰীসকলৰ ওপৰত অত্যাচাৰ চলাইছিল। উত্তৰাখণ্ডক সুকীয়া ৰাজ্য হিচাপে গঢ়ি তোলাৰ কাম তদানীন্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত অটল বিহাৰী বাজপেয়ীয়ে কৰিছিল বুলিও তেওঁ কয়। অটল জীয়ে তিনিখন ৰাজ্য সৃষ্টি কৰিছিল - উত্তৰাখণ্ড, ঝাৰখণ্ড আৰু ছত্তীশগড়। এই তিনিখন ৰাজ্য গঠন কৰা হ’ল আৰু উন্নয়নৰ পথত আগবাঢ়ি যাবলৈ আৰম্ভ কৰিলে। শ্ৰী শ্বাহে কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত অটল জীয়ে যিয়েই সৃষ্টি কৰিলে, মোদীজীয়ে ইয়াৰ উন্নতি আৰু বৰ্ধনৰ বাবে কাম কৰিলে। এতিয়া উত্তৰাখণ্ডত এখন ‘ডাবল ইঞ্জিন’ চৰকাৰ আছে।
শ্ৰী অমিত শ্বাহে কয় যে মোদীজীয়ে সমগ্ৰ দেশৰ উন্নয়নৰ ‘ব্লুপ্ৰিণ্ট’ অংকন কৰিছে। আন্তঃগাঁথনিৰ উন্নয়নেই হওক, শিক্ষা নীতিত স্পষ্টতা অনাই হওক, দেশৰ উদ্যোগিক উন্নয়নৰ ভেটি স্থাপন কৰাই হওক, অৰ্থনীতিক আগুৱাই নিয়াই হওক, মোদীজীয়ে প্ৰতিটো ক্ষেত্ৰতে বহু অভিলেখ গঢ়ি তুলিছে। তেওঁ কয় যে যোৱা ১০টা বছৰত মোদী চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ৬০ শতাংশ বৃদ্ধি কৰিছে। গ্ৰামাঞ্চলত ৮ লাখ কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ কাম কৰা হৈছে। সুবিধাজনক ‘বন্দে ভাৰত’ ৰে’ল দেশৰ ৩৩৩খন জিলাত উপস্থিত হৈছে৷ ৪৫ হাজাৰ কিলোমিটাৰ ৰে’লপথত বিদ্যুৎ সংযোগ কৰা হৈছে। ৮৮টা নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে আৰু অভ্যন্তৰীণ জলপথৰ মালবাহী সামগ্ৰী ১১ গুণ বৃদ্ধি পাইছে। এই উন্নয়নমূলক কামবোৰৰ ফলতেই অটলজীয়ে তেতিয়া এই দেশৰ অৰ্থনীতিক ১১ নম্বৰ স্থানলৈ আনিছিল, যিটো মোদীজীয়ে ১০টা বছৰত ১১ নম্বৰৰ পৰা ৪ নম্বৰলৈ উন্নীত কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে আমি ২০২৭ চনত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ ওলাইছোঁ। তেওঁ কয় যে যি গতিৰে উন্নয়ন হৈছে, সেৱা খণ্ডত আমাৰ ৰপ্তানি দুগুণ হৈছে আৰু ৰপ্তানি ৭৬ শতাংশ বৃদ্ধি পাইছে, যাৰ বাবে আমি দ্ৰুতগতিত উন্নতি কৰা অৰ্থনীতিত পৰিণত হৈছোঁ। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনি নিৰ্মাণ কৰি ঔদ্যোগিক উন্নয়ন হ’লে দৰিদ্ৰ লোকৰ কল্যাণত প্ৰভাৱ পৰে বুলি কোৱা মিথটোক ভাঙি পেলাইছে। তেওঁ কয় যে মোদী চৰকাৰে দেশৰ ৮০ কোটি দৰিদ্ৰ লোকক ৫ কেজিকৈ খাদ্যদ্ৰব্য বিনামূলীয়াকৈ দি খাদ্য সুৰক্ষা সুনিশ্চিত কৰিছে, কোটি কোটি লোকক পাঁচ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰি, চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত তেওঁলোকৰ খৰচ ৰেহাই দিয়া হ’ল। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ১৬ কোটি ঘৰত নলৰ পানী যোগান ধৰা হয়, ১২ কোটি ঘৰত শৌচাগাৰ নিৰ্মাণ কৰা, ১৩ কোটি ঘৰত এল পি জি চিলিণ্ডাৰ যোগান ধৰা হয়, ৩ কোটি ঘৰত বিদ্যুৎ যোগান ধৰা হয় আৰু চাৰি কোটি লোকক ঘৰ দিয়া হয়। ইয়াৰ লগতে ২৫ কোটি লোকক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অনাৰ কামো কৰা হৈছে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদীজীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণৰূপে উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিছে। উন্নত উত্তৰাখণ্ড অবিহনে উন্নত ভাৰত গঢ়ি তোলাটো সম্ভৱ নহয়। তেওঁ কয় যে আমাৰ ক্ষুদ্ৰ ৰাজ্যসমূহে অগ্ৰগতি লাভ নকৰালৈকে দেশত সমাৱেশী উন্নয়ন হ’ব নোৱাৰে। ঠিক তেনেদৰে পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অগ্ৰগতি নোহোৱালৈকে দেশৰ একেধৰণৰ উন্নয়ন হ’ব নোৱাৰে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে ক্ষুদ্ৰ ৰাজ্য আৰু পূবৰ ৰাজ্যসমূহৰ উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে এটা জ্যোতিৰ্লিংগ, দুটা শক্তি পীঠ, চাৰিটা ধাম, পঞ্চ প্ৰয়াগ, পঞ্চ কেদাৰ আৰু সপ্ত বদ্ৰী অৱস্থিত উত্তৰাখণ্ডৰ বিকাশ কোনেও ৰোধ কৰিব নোৱাৰে। তেওঁ কয় যে আমাৰ চৰকাৰে উত্তৰাখণ্ডৰ প্রয়োজন অনুযায়ী স্থিতিশীলতা আনিব পৰা নীতি ৰচনা কৰিছে, উদ্যোগখণ্ডৰ বাবে ৰেড কাৰ্পেট আৰু স্বচ্ছ শাসনৰ ব্যৱস্থা কৰা, সু-আইন-শৃংখলা সুনিশ্চিত কৰা আৰু এনে আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিছে যাতে পৰ্যটকসকলে ২৪ ঘন্টা আৰু বছৰৰ ৩৬৫ দিনতে আহিব পাৰে।
শ্ৰী অমিত শ্বাহে কয় যে মোদীজীয়ে উত্তৰাখণ্ডক সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত চেষ্টাত কোনো ত্ৰুটি ৰখা নাই। তেওঁ কয় যে একাংশ আন্দোলনকাৰীয়ে আমাৰ চাৰ ধামলৈ সৰ্ববতৰৰ পথ নিৰ্মাণ বন্ধ কৰাৰ চেষ্টা চলাইছিল, কিন্তু মোদীজীয়ে অতি দৃঢ়তাৰে ভাৰত চৰকাৰৰ অধিবক্তাসকলক উচ্চতম ন্যায়ালয়ত থিয় কৰাইছিল আৰু চাৰ ধামলৈ সৰ্ববতৰৰ পথ প্ৰদানৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে। যিদিনা এই কাম সম্পূৰ্ণ হ’ব, সেইদিনা গোটেই বছৰটো উত্তৰাখণ্ডত পৰ্যটকৰ ভিৰ লাগিব। শ্ৰী শ্বাহে কয় যে গোবিন্দ ঘাটৰ পৰা হেমকুণ্ড চাহিবলৈ ২৭০০ কোটি টকা ব্যয় সাপেক্ষে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোপৱে’ আৰু ৪০০০ কোটি টকা ব্যয়েৰে সোণপ্ৰয়াগ-কেদাৰনাথ ৰোপৱে’ নিৰ্মাণে অনাগত দিনত সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিব। ভক্তসকলৰ বাবে এনে বহু পথ নিৰ্মাণ কৰা হৈছে যিয়ে দিল্লীক পোনপটীয়াকৈ সংযোগ কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে সুস্থিৰ নীতিৰ বাবে উত্তৰাখণ্ডত ঔদ্যোগিক বিনিয়োগৰ পৰিৱেশ গঢ় লৈ উঠিছে। পৰ্যটন নীতি, ষ্টাৰ্ট আপ নীতি, ফিল্ম চিটীৰ নীতি, সেৱা খণ্ডৰ বাবে নীতি আৰু আয়ুষ নীতি প্ৰস্তুত কৰা হৈছে। একেখন খিৰিকীৰে সকলো অনুমোদন লাভৰ ব্যৱস্থা কৰি মুখ্যমন্ত্ৰীয়ে উদ্যোগপতিসকলক যথেষ্ট সুবিধা প্ৰদান কৰিছে। শ্ৰী শ্বাহে কয় যে আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা আৰু জৈৱিক কৃষি, এই চাৰিটা অনাগত দিনত উত্তৰাখণ্ডৰ উন্নয়নৰ আধাৰ হ’বলৈ গৈ আছে। আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা আৰু জৈৱিক কৃষি ইয়াত এক পৰম্পৰা, এইসমূহৰ বাবে উপযুক্ত পৰিৱেশ আছে আৰু মানুহৰ ইয়াৰ ওপৰতো বিশ্বাস আছে। এই চাৰিটা খণ্ডত বহুগুণে অধিক বিনিয়োগ আৰু পৰ্যটকক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ৰাজ্যখনত নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ডিপোসমূহে ৰপ্তানি আৰু লজিষ্টিকক প্ৰসাৰিত কৰিব। হৰিদ্বাৰ, ডেৰাডুন, উধম সিং নগৰত প্লাগ এণ্ড প্লে-ৰ সুবিধা গঢ়ি তোলা হৈছে। ষ্টাৰ্ট-আপৰ বাবে বহু আঁচনি অনা হৈছে আৰু ৰাজ্যখনৰ বৰ্তমানৰ চৰকাৰখনে উন্নয়নৰ সামগ্ৰিক পৰিৱেশ সৃষ্টি কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে বিৰোধী দলৰ চৰকাৰৰ দিনত উত্তৰাখণ্ডক হস্তান্তৰণ আৰু অনুদান সহায্য হিচাপে মুঠ ৫৩ হাজাৰ কোটি টকা দিয়া হৈছিল, আনহাতে মোদীজীয়ে ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত প্ৰায় চাৰে তিনিগুণ অধিক অৰ্থাৎ এক লাখ ৮৬ হাজাৰ কোটি টকা দিছে। ইয়াৰ উপৰিও পথৰ বাবে ৩১ হাজাৰ কোটি টকা, ৰেলৱেৰ বাবে ৪০ হাজাৰ কোটি টকা আৰু বিমানবন্দৰৰ বাবে ১০০ কোটি টকা দিয়া হৈছে। তেওঁ কয় যে সামগ্ৰিকভাৱে আমি বিৰোধী দলৰ চৰকাৰতকৈ উত্তৰাখণ্ডক ৪.২৫ গুণ বেছি ধন দিছো। তেওঁ কয় যে বিৰোধী দলসমূহে ৰাজ্যৰ উন্নয়নত ব্যাঘাত জন্মোৱা প্ৰথা বন্ধ কৰিব লাগে। যেতিয়া ৰাজ্যখন আগবাঢ়িছে তেতিয়া ইয়াক সমৰ্থন কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰে দায়িত্ব হোৱা উচিত।
শ্ৰী অমিত শ্বাহে কয় যে মোদীজীয়ে উন্নয়নৰ লগতে ঐতিহ্যকো সংযুক্ত কৰিছে। ভাৰতীয়ত্ব, ভাৰতীয় সংস্কৃতি আৰু ভাৰতীয় ভাষাক পৰিত্যাগ নকৰাকৈ বিশ্বৰ দ্ৰুততম বিকাশ সাধন কৰাটোৱেই হৈছে আমাৰ লক্ষ্য।
*****
RK/VV/HS/PS/PR/KB
(Release ID: 2146685)
Visitor Counter : 3