তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

মুম্বাইৰ ‘এন এফ ডি চি চৌহদ’ত মুকলি হ’ল ‘আই আই চি টি’ৰ প্ৰথমটো গোট


‘আইআইচিটি ল'গ' আৰু ‘ৱেভছ আউটকাম ৰিপৰ্ট’ মুকলি কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশ আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে

‘এন এফ ডি চি-নেশ্যনেল মিউজিয়াম অব ইণ্ডিয়ান চিনেমা’ৰ ‘গুলশন মহল’ত ‘ৱেভছ ভাৰত পেভিলিয়ন’-ৰ আনুষ্ঠানিক উদ্বোধন

‘ৱেভছ’ এতিয়া এক আন্দোলনত পৰিণত হৈছে আৰু আমি এই অনুষ্ঠানৰ এক বিশ্বজোৰা প্ৰতিধ্বনি শুনিবলৈ পাইছোঁ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী

‘আইআইচিটি’-য়ে সম্পূৰ্ণৰূপে উদ্যোগ-সংৰেখিত উন্নত কাৰ্যসূচী আগবঢ়াব, ‘এভিজিচি-এক্সআৰ’-ৰ পেছাদাৰ আৰু প্ৰশিক্ষকসকলক উন্নত প্ৰশিক্ষণ প্ৰদান কৰিব: অশ্বিনী বৈষ্ণৱ

Posted On: 18 JUL 2025 4:28PM by PIB Guwahati

 

আজি পুৱা মুম্বাইৰ ‘এন এফ ডি চি চৌহদ’ত প্ৰশাসনিক ভৱন আৰু শ্ৰেণীকোঠাকে ধৰি ‘ইণ্ডিয়ান ইনষ্টিটিউট অব ক্ৰিয়েটিভ টেকন’লজী’ (আই আই চি টি)ৰ প্ৰথমটো গোট উদ্বোধন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰে’লৱে, ইলেক্ট্ৰনিকছ আৰু আই টি দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱে। ইয়াৰ পিছত ‘এনএফডিচি-নেশ্যনেল মিউজিয়াম অব ইণ্ডিয়ান চিনেমা’ (এনএমআইচি)ৰ ‘গুলশন মহল’ত ‘ৱেভছ ২০২৫ ভাৰত পেভিলিয়ন’-ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ফড়নৱিশ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী বৈষ্ণৱে। অনুষ্ঠানত ‘বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন’ (ৱেভছ ২০২৫) ৰ ‘প্ৰথম সংস্কৰণৰ ফলাফল প্ৰতিবেদন’খনো প্ৰকাশ কৰা হয়। এই উপলক্ষে মহাৰাষ্ট্ৰ চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা আৰু তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী, মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্য সচিব শ্ৰীযুত আশীষ শ্বেলাৰ, শ্ৰী ৰাজেশ সিং মীনা আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ সচিব শ্ৰী সঞ্জয় জাজুও উপস্থিত থাকে। অনুষ্ঠানত ‘আই আই চি টি’-ৰ প্ৰতীকচিহ্ন আৰু সোতৰটা পাঠ্যক্ৰমো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

 

 

এই উপলক্ষে ‘মহাৰাষ্ট্ৰ ফিল্ম, ষ্টেজ এণ্ড কালশ্যাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড’ (এম এফ এছ চি ডি চি এল)ৰ জৰিয়তে ‘প্ৰসাৰ ভাৰতী’ আৰু ‘মহাৰাষ্ট্ৰ চৰকাৰ’ৰ মাজত এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। দেশৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ ক্ষেত্ৰখনত সৃষ্টিশীলতাৰ গুৰুত্বক স্বীকাৰ কৰি ‘মিডিয়া খণ্ড’ত উদ্ভাৱন, দক্ষতা বিকাশ, আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক সমৰ্থ্য প্ৰসাৰিত কৰাৰ বাবে দুয়োটা পক্ষই সহযোগিতাৰে সংহত চলচ্চিত্ৰ আৰু ‘টেলিভিছন মিডিয়া হাব’ গঢ়ি তুলিব।

এই উপলক্ষে প্ৰদান কৰা ভাষণত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ফড়নৱিশে ভাৰতৰ মনোৰঞ্জনৰ ৰাজধানী মুম্বাইত ‘ৱেভছ’-ৰ প্ৰথম সংস্কৰণৰ আয়োজন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। ‘ৱেভছ’-ৰ প্ৰথম সংস্কৰণ চলিত বৰ্ষৰ ১-৪ মে’ত  মুম্বাইত অনুষ্ঠিত হৈছিল। সৃষ্টিশীল অৰ্থনীতিক উন্নীতকৰণৰ বাবে ভাৰতত এক গোলকীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা দৃষ্টিভংগী অনুসৰি কেন্দ্ৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ সংযুক্ত প্ৰচেষ্টাৰ জৰিয়তে ‘WAVES’ সফলভাৱে আয়োজন কৰা হৈছে বুলি শ্ৰী ফড়নৱিশে প্ৰকাশ কৰে। তেওঁ কয়, “ৱেভছ এতিয়া এক আন্দোলনত পৰিণত হৈছে আৰু আমি এই অনুষ্ঠানৰ বিশ্বজোৰা প্ৰতিধ্বনি শুনিবলৈ পাইছোঁ”।

 

এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয়, প্ৰধানমন্ত্ৰী মোদীৰ সপোন আছিল সৃষ্টিশীল প্ৰযুক্তিৰ ক্ষেত্ৰত ‘আই আই টি’ আৰু ‘আই আই এম’ৰ পৰিসৰৰ প্ৰতিষ্ঠান এটা গঢ়ি তোলা আৰু ‘আই আই চি টি’ স্থাপন কৰাটো হৈছে এই দিশত এক যুগান্তকাৰী সিদ্ধান্ত। তেওঁ লগতে কয়, সৃষ্টিশীল অৰ্থনীতিত কাম কৰা লোকসকলক নতুন দক্ষতা, প্ৰশিক্ষণ আৰু সঁজুলি প্ৰদান কৰা, আৰু বিশ্বৰ উত্তম পদ্ধতিসমূহ ভাৰতলৈ অনাটো হৈছে গুৰুত্বপূৰ্ণ। তেতিয়া ভাৰতত নতুন ‘ইনকিউবেশ্যন’, নতুন ধাৰণা আৰু নতুন প্ৰযুক্তি নিৰ্মাণ কৰা হ’ব বুলিও শ্ৰী বৈষ্ণৱে লগতে কয়। কম সময়ৰ ভিতৰতে প্ৰথমটো ‘আই আই চি টি কেম্পাছ’ আৰম্ভ হোৱাত তেওঁ সুখ প্ৰকাশ কৰে। ‘ফিল্ম চিটী’-ত মহাৰাষ্ট্ৰ চৰকাৰে প্ৰদান কৰা মাটিত পৰৱৰ্তী কেম্পাছটো নান্দনিকভাৱে আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে সংগতি ৰাখি নিৰ্মাণ কৰি থকা হৈছে। ‘আই আই চি টি’-ৰ বাবে ৪০০ কোটি টকাৰ বাজেট আবণ্টন দিয়া হৈছে বুলিও তথ্য দাঙি ধৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। শ্ৰী বৈষ্ণৱে লগতে জনাই যে ‘আইআইচিটি’-ত ‘ভিএফএক্স’, ‘পোষ্ট প্ৰডাকশ্যন’, ‘এক্সআৰ’, ‘গে’মিং’ আৰু ‘এনিমেশ্যন’ত সম্পূৰ্ণ উদ্যোগৰ লগত সংগতি ৰাখি উন্নত কাৰ্যসূচী থাকিব। উদ্যোগ-শৈক্ষিক সংহতিৰ মনোভাৱেৰে ‘আইআইচিটি’-য়ে গুগল, মেটা, এনভিডিয়া, মাইক্ৰ’ছফ্ট, এপল, এড’ব আৰু ডব্লিউপিপি আদি কোম্পানীসমূহৰ সৈতে আনুষ্ঠানিক অংশীদাৰিত্ব লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম খেপত ৩০০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ লগতে ‘এভিজিচি-এক্সআৰ’ ক্ষেত্ৰসমূহৰ পেছাদাৰী আৰু প্ৰশিক্ষকসকলক উন্নত প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।

অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা ‘আই এফ এফ আই মহোৎসৱ’ৰ পৰিচালক শ্ৰী শেখৰ কাপুৰ আৰু প্ৰখ্যাত গীতিকাৰ তথা ‘চি বি এফ চি’-ৰ অধ্যক্ষ শ্ৰী প্ৰসূন যোশী।

ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান’ (আই আই চি টি)ৰ বিষয়ে

ভাৰতৰ ক্ৰমবৰ্ধমান ডিজিটেল আৰু সৃষ্টিশীল অৰ্থনীতিয়ে এক পৰিৱৰ্তনশীল উথ্থানৰ বাবে সাজু হৈছে, কাৰণ ‘ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান’ (আই আই চি টি)-য়ে এই বছৰৰ আগষ্ট মাহৰ পৰা প্ৰথমটো গোটৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া মুকলি কৰিব। প্ৰতিষ্ঠানটোৱে ‘এভিজিচি-এক্সআৰ’ (এনিমেশ্যন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিক্স, আৰু এক্সটেণ্ডেড ৰিয়েলিটী) খণ্ডত উদ্যোগ-সঞ্চালিত পাঠ্যক্ৰমৰ এক শক্তিশালী সূচী আগবঢ়াব। সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।(click here.)

 

আই আই চি টি-এন এফ ডি চি কেম্পাছ-ত এটা শ্ৰেণীকোঠা

 

ভাৰত পেভিলিয়নৰ বিষয়ে

ভাৰতৰ কালজয়ী গল্প-কথনৰ উত্তৰাধিকাৰিত্ব আৰু গোলকীয় বিষয়বস্তু সৃষ্টিৰ ভৱিষ্যতলৈ ইয়াৰ গতিশীল উত্তৰণ উদযাপনত ‘ভাৰত পেভিলিয়ন’-য়ে মুম্বাইৰ ‘জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ’ত অনুষ্ঠিত ‘বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন (WAVES) ২০২৫’ৰ কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই মণ্ডপটো ভাৰতৰ সাংস্কৃতিক চেতনা আৰু ইয়াৰ ‘কলাৰ পৰা বিধি’লৈ ডিজিটেল ৰূপান্তৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে থিয় দিছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ধাৰণা আৰু নেতৃত্বৰে ‘ভাৰত পেভিলিয়নে’ দেশৰ সৃষ্টিশীল মহাশক্তি হোৱাৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। বিভিন্ন বিষয়ভিত্তিক মণ্ডলত ব্যৱস্থা কৰা প্ৰদৰ্শনীসমূহে কেৱল এক নিমজ্জিত অভিজ্ঞতা প্ৰদান কৰাই নহয়, ‘অৰেঞ্জ-ইকনমি’ক প্ৰতিপালনৰ বাবে বিষয়বস্তু, সৃষ্টিশীলতা আৰু সংস্কৃতিৰ দ্বাৰা চালিত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিকো প্ৰতিফলিত কৰে। সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক( click here.)।

 

এনএমআইচি-এনএফডিচিৰ গুলশন মহলত ভাৰত পেভিলিয়ন

ৱেভছ ২০২৫-ৰ ফলাফল প্ৰতিবেদন

উদ্ভাৱন, গ্ৰহণ, আৰু বিশ্বজোৰা ৰূপায়ণত গুৰুত্ব আৰোপ কৰি ‘ৱেভছ’ পৰিৱেশ তন্ত্ৰৰ অবিচ্ছেদ্য একাধিক প্ৰতিবেদন আৰু পদক্ষেপৰ আনুষ্ঠানিক উন্মোচন কৰা হয়, ইয়াৰ ভিতৰত আছিল:

ক. ৱেভছ ফলাফল প্ৰতিবেদন

খ. কনফাৰেন্স ট্ৰেক সম্পৰ্কীয়ত প্ৰতিবেদন

গ. গ্ল'বেল মিডিয়া ডাইলগ: কফি টেবুল বুক

ঘ. ক্ৰিয়েট'স্ফিয়াৰ ৰিপৰ্ট

ঙ. ৱেভএক্স প্ৰতিবেদন

চ. ৱেভছ বজাৰ প্ৰতিবেদন

এই প্ৰকাশনসমূহে ভাৰতৰ ‘এম এণ্ড ই’ খণ্ডৰ অসাধাৰণ গতিশীলতা আৰু বৈচিত্ৰ্যক উজ্জ্বল কৰি তোলে, যিয়ে ছবি, টেলিভিছন, এনিমেশ্যন, গে’মিং, ইমাৰ্চিভ মিডিয়া, লাইভ ইভেণ্ট, সংগীত আৰু ডিজিটেল কন্টেন্টক সামৰি লৈছে। সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক(click here.)

 

 

Sayyid Rabeehashmi/Sriyanka Chaterjee/ Sonal Tupe/ Edgar Coelho/Preeti Malandkar/KB


(Release ID: 2145981) Visitor Counter : 5