নিতি আয়োগ
নিটি আয়োগে উত্তৰ-পূৰ্বাঞ্চল জিলা এছডিজি সূচকাংক (২০২৩-২৪)-ৰ দ্বিতীয় খণ্ড প্ৰকাশ কৰে
৮৫% জিলাত কম্প’জিট স্ক’ৰ বৃদ্ধি প্ৰত্যক্ষ
মিজোৰামৰ লগতে ছিকিম আৰু ত্ৰিপুৰাৰ সকলো জিলাৰ ফ্ৰন্ট ৰানাৰৰ মৰ্য্যাদা লাভ
মিজোৰামৰ হাঁথিয়ালৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বোত্তম প্ৰদৰ্শনকাৰী জিলা হিচাপে আত্মপ্ৰকাশ
নাগালেণ্ড (৩ জিলা)-ৰ শীৰ্ষ ১০ প্ৰদৰ্শনকাৰীৰ ভিতৰত স্থান লাভ
৯৩ জিলাত সু-স্বাস্থ্য আৰু মংগলৰ ক্ষেত্ৰত স্ক’ৰ বৃদ্ধি
ছিকিমৰ সকলো জিলাৰ ভিতৰত অধিক ধাৰাবাহিক প্ৰদৰ্শন
অসমৰ সকলো জিলাৰ শূন্য ক্ষুধা, গুণগত শিক্ষা, বিশুদ্ধ পানী আৰু অনাময় তথা পৰিমিত কাম আৰু অৰ্থনৈতিক বিকাশৰ সূচকত অগ্ৰগতি লাভ
Posted On:
07 JUL 2025 8:49PM by PIB Guwahati
নিটি আয়োগে আজি উত্তৰ-পূৰ্বাঞ্চল (NER) জিলা বহনক্ষম উন্নয়ন লক্ষ্য (SDG) সূচকাংক প্ৰতিবেদন (২০২৩-২৪)-ৰ দ্বিতীয় খণ্ড প্ৰকাশ কৰে। ইউএনডিপি-ৰ কাৰিকৰী সহায়েৰে নিটি আয়োগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে (MoDoNER) এই সূচকাংক যুগুত কৰিছে। ২০২১-ৰ ২৬ আগষ্টত প্ৰকাশিত ইয়াৰ প্ৰথম খণ্ডৰ গতিৰ আধাৰত প্ৰস্তত এই সূচকাংকই উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ জিলাসমূহৰ এছডিজি সন্দৰ্ভত কৰা কাম-কাজৰ মূল্যায়ন কৰিছে।
আঞ্চলিক পৰ্য্যায়ত নিৰীক্ষণৰ অগ্ৰগতিৰ ক্ষেত্ৰত এই সূচকাংক (২০২৩-২৪) এক বৃহৎ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই সূচকাংকই সামাজিক, অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিক মাত্ৰাসমূহৰ ক্ষেত্ৰত উন্নয়নমূলক প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণ তথা অঞ্চলটোৰ কোনো এখন জিলাও যাতে পিছ পৰি নাথাকে, সেয়া নিশ্চিতকৰণৰ অৰ্থে অংগীকাৰকে প্ৰতিফলিত কৰে। নিটি আয়োগৰ এছডিজি ইণ্ডিয়া সূচকাংক পদ্ধতিৰ ওপৰত ভিত্তিৰে এই সূচকাংকই সিদ্ধান্ত গ্ৰহণ কাৰ্য্য সম্পৰ্কে অৱগত কৰিবলৈ অঞ্চলটোৰ জিলা পৰ্য্যায়ত উন্নয়ন সম্পৰ্কীয় অগ্ৰগতি নিৰীক্ষণৰ ক্ষেত্ৰত এক মূল আহিলা হিচাপে কাম কৰে।
নিটি আয়োগৰ মাননীয় উপাধ্যক্ষ শ্ৰী সুমন বেৰী, নিটি আয়োগৰ চিইঅ’ শ্ৰী বি.ভি.আৰ. সুব্ৰহ্মণ্যম, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ আৰু ভাৰতৰ ইউএনডিপি-ৰ আৱাসী প্ৰতিনিধি ডঃ এঞ্জেলা লুচিগিয়ে নিটি আয়োগৰ কাৰ্য্যসূচী সঞ্চালক (SDG) শ্ৰী ৰাজীৱ কুমাৰ সেন আৰু আন-আন জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই প্ৰতিবেদন উন্মোচন কৰে।
সমবায় ফেডাৰেলিজমৰ প্ৰকৃত মনোভাৱেৰে এই পদক্ষেপে উত্তৰ-পূবৰ আঠোখন ৰাজ্য, নিটি আয়োগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় (MoDoNER)-ক একত্ৰিতকৰণেৰে বহনক্ষম আৰু সৰ্বাংগীন উন্নয়নৰ এক ঐক্যবদ্ধ অন্বেষণ কৰে।
ইয়াত ভাষণ প্ৰদানেৰে নিটি আয়োগৰ উপাধ্যক্ষ শ্ৰী সুমন বেৰীয়ে কয় যে ভাৰতে বিকশিত ভাৰত @২০৪৭-ৰ দৃষ্টিভংগীৰ দিশত ধাৱমান হোৱাৰ লগে-লগে ২০৩০-ৰ ভিতৰত এছডিজি-ৰ দৰে মধ্যৱৰ্তী মাইলৰ খুঁটিসমূহত উপনীত হোৱা কাৰ্য্য অতিশয় গুৰুত্বপূৰ্ণ সাফল্য বুলি বিবেচিত হৈছে।
নিটি আয়োগৰ চিইঅ’ শ্ৰী বি.ভি.আৰ. সুব্ৰহ্মণ্যমে মাননীয় প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ আঠোখন ৰাজ্যক অষ্ট লক্ষ্মী হিচাপে অভিহিতকৰণৰ কথা উল্লেখেৰে ৰাজ্য কেইখনৰ বিকাশ আৰু অগ্ৰগতিৰ গুৰুত্বত আলোকপাত কৰে।
ড’নাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে ব্যৱধান চিনাক্তকৰণৰ আহিলা হিচাপে এই সূচকাংকৰ ভূমিকাত গুৰুত্ব আৰোপেৰে হস্তক্ষেপ আৰু দক্ষ সম্পদ নিয়োগ কাৰ্য্যক পথ প্ৰদৰ্শন কৰিবলৈ ফলপ্ৰসূ অন্তৰ্দৃষ্টি প্ৰদান কৰে।
ইউএনডিপি-ৰ আৱাসী প্ৰতিনিধি ডঃ এঞ্জেলা লুচিগিয়ে কয় যে প্ৰতিটো ডাটা পইন্টক মানৱ উন্নয়নৰ ফলাফলক আগুৱাই নিয়া অৰ্থপূৰ্ণ কাৰ্য্যলৈ ৰূপান্তৰিত কৰাটো নিশ্চিতকৰণত শীৰ্ষ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে।
উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক প্ৰদৰ্শনঃ

যোৱা দুটা সংস্কৰণত জিলাসমূহৰ ৰাজ্য-ভিত্তিক সামগ্ৰিক প্ৰদৰ্শনঃ

ফলাফল আৰু তথ্য
১২১ খন জিলাৰ কম্প’জিট স্ক’ৰ অৰুণাচল প্ৰদেশৰ লংডিঙত ৫৮.৭১-ৰ পৰা মিজোৰামৰ হাঁথিয়ালত ৮১.৪৩-লৈকে বিস্তৃত। জিলাসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছেঃ i) এচিভাৰঃ ১০০-ৰ সমান স্ক’ৰ (চিনাক্ত সূচকৰ ক্ষেত্ৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱা), ii) ফ্ৰন্ট ৰানাৰঃ ৬৫-৯৯ ৰ ভিতৰত স্ক’ৰ (১০০-ক এৰি), iii) পাৰ্ফমাৰঃ ৫০-৬৫ ৰ ভিতৰত স্ক’ৰ (৬৫-ক এৰি) আৰু iv) আকাংক্ষী (Aspirant): ৫০-তকৈ কম স্ক’ৰ।
এনইআৰ জিলা এছডিজি সূচকাংক, ২০২৩-২৪ ৰ শীৰ্ষ ১০ জিলাঃ

মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰাৰ সকলো জিলাই ফ্ৰন্ট ৰানাৰৰ মৰ্য্যাদা লাভ কৰিছে, আকাংক্ষী বা এচিভাৰ শিতানত এখনো জিলা নাই। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে মিজোৰামৰ হাঁথিয়াল জিলাই সৰ্বাধিক ৮১.৪৩ স্ক’ৰ লাভ কৰে আৰু সমগ্ৰ অঞ্চলটোৰ ভিতৰতে অৰুণাচল প্ৰদেশৰ লংডিং জিলাই সৰ্বনিম্ন ৫৮.৭১ স্ক’ৰ লাভ কৰে।
সৰ্বাধিক আৰু সৰ্বনিম্ন স্ক’ৰ লাভ কৰা জিলাৰ ক্ষেত্ৰত ছিকিমৰ পৰিসৰ আটাইতকৈ সংকীৰ্ণ (৫.৫ পইন্ট), যিয়ে সমগ্ৰ জিলাসমূহৰ ভিতৰতে অধিক ধাৰাবাহিক প্ৰদৰ্শন দেখুৱাইছে। ত্ৰিপুৰাত ৰাজ্যৰ ভিতৰত ন্যূনতম তাৰতম্য (৬.৫ পইন্ট)-ৰে ইয়াৰ জিলাসমূহে সৰ্বাধিক স্ক’ৰ লাভ কৰিছে। মিজোৰাম আৰু নাগালেণ্ডত সৰ্বাধিক স্ক’ৰ লাভ কৰা জিলাৰ সমান্তৰালকৈ ভিন্নতাও দেখা যায় (ক্ৰমে ১৩.৭২ আৰু ১৫.০৭-ৰ পৰিসৰ)।
ৰাজ্যসমূহৰ ভিতৰত জিলাসমূহৰ ৰাজ্য-ভিত্তিক সৰ্বাধিক আৰু সৰ্বনিম্ন স্ক’ৰঃ
- অৰুণাচল প্ৰদেশঃ নামনি দিবাং উপত্যকা (৭৩.৩৬)-ৰ পৰা লংডিঙলৈ (৫৮.৭১)
- অসমঃ ডিব্ৰুগড় (৭৪.২৯), দক্ষিণ শালমাৰা-মানকাচৰ (৫৯.৭১)
- মণিপুৰঃ ইম্ফল পশ্চিম (৭৩.২১), ফেৰজাল (৫৯.৭১)
- মেঘালয়ঃ পূব খাচী পাহাৰ (৭৩.০০), পূব জয়ন্তীয়া পাহাৰ (৬৩.০০)
- মিজোৰামঃ হাঁথিয়াল (৮১.৪৩), লংটলাই (৬৭.৭১)
- নাগালেণ্ডঃ মকোকচুং (৭৮.৪৩), জুনহেবোটো (৬৩.৩৬)
- ছিকিমঃ গেংটক (৭৬.৬৪), গিয়ালছিং (৭১.১৪)
- ত্ৰিপুৰাঃ গোমাটি (৭৮.৭৯), ধলাই (৭২.২৯)
এনইআৰ জিলা এছডিজি সূচকাংক, ২০২৩-২৪-ই উন্নয়নমূলক প্ৰচেষ্টাৰাজিৰ প্ৰমাণ-ভিত্তিক পৰিকল্পনা, সম্পদ আবন্টন আৰু নিৰীক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নীতিগত আহিলা হিচাপে কাম কৰে। জিলাসমূহৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত এনে উল্লেখযোগ্য অগ্ৰগতিয়ে আকাংক্ষী জিলা কাৰ্য্যক্ৰমৰ দৰে পদক্ষেপৰাজিৰ জৰিয়তে স্থানীয়কৰণ প্ৰচেষ্টাৰ লগতে ৰাষ্ট্ৰীয় ধ্বজাবাহী আঁচনিৰাজিৰ সংহত প্ৰভাৱকে প্ৰতিফলিত কৰে। সূচকাংক প্ৰতিবেদনখনিয়ে ২০৩০-ৰ ভিতৰত এছডিজি-ত উপনীত হোৱাৰ দিশত অগ্ৰগতিক ত্বৰান্বিতকৰণৰ বাবে জিলা-পৰ্য্যায়ৰ বিশদ বিশ্লেষণ আৰু পৰামৰ্শ আগবঢ়ায়, যি কাৰ্য্যই অঞ্চলটোৰ উন্নয়ন যাত্ৰাত কোনো জিলা পিছ পৰি নথকাটো নিশ্চিত কৰে।
*****
MJPS/SKS/SB
(Release ID: 2143057)