ৰেল মন্ত্ৰালয়
ৰেলওৱান এপ মুকলিঃ সকলো যাত্ৰী সেৱাৰ ওৱান-ষ্টপ সমাধান
Posted On:
01 JUL 2025 3:19PM by PIB Guwahati
ৰেলৱেয়ে যাত্ৰীৰ সা-সুবিধাৰ অগ্ৰগতি সাধনৰ বাবে নিৰন্তৰভাৱে পদক্ষেপ গ্ৰহণ কৰি আহিছে। যোৱা দশকটোত নতুন প্ৰজন্মৰ ৰেলৰ প্ৰৱৰ্তন, ষ্টেচনৰ পুনৰ উন্নয়ন সাধন, পুৰণি ডবাক নতুন এলএইচবি ডবালৈ উন্নীতকৰণ তথা এনেধৰণৰ একাধিক পদক্ষেপে যাত্ৰীসকলৰ অভিজ্ঞতাক সমৃদ্ধ কৰিছে।
কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেন্টাৰত আয়োজিত চেন্টাৰ ফৰ ৰেলৱে ইনফৰ্মেচন চিষ্টেমছ (CRIS)-ৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰেলওৱান (RailOne) নামৰ এটা নতুন এপ মুকলি কৰে। ৰেলওৱানে ৰেলৱেৰ সৈতে যাত্ৰীৰ সংযোগৰ অগ্ৰগতি সাধনত গুৰুত্ব আৰোপ কৰিছে।

ই হৈছে ইউজাৰ-অনুকূল ইন্টাৰফেছৰে এটা বিস্তৃত, অল-ইন-ওৱান এপ্লিকেচন। এপটো এণ্ড্ৰইড প্লে ষ্ট’ৰ আৰু আইঅ’এছ এপ ষ্ট’ৰত ডাউনল’ড কৰিব পাৰিব। ইয়াত সকলো যাত্ৰী সেৱা উপলব্ধ যেনেঃ
● ৩% ৰেহাই লাভ কৰিবলৈ আৰ-ৱালেটৰ জৰিয়তে অ-সংৰক্ষিত ইউটিএছ টিকট
● লাইভ ট্ৰেইন ট্ৰেকিং
● অভিযোগ নিষ্পত্তি
● ই-কেটাৰিং, পৰ্টাৰ বুকিং আৰু লাষ্ট-মাইল টেক্সি
আইআৰচিটিচি-ত সংৰক্ষিত টিকটৰ ব্যৱস্থা অব্যাহত থাকিব। আইআৰচিটিচি-ৰ সৈতে অংশীদাৰিত্ব কৰা আন বহু বাণিজ্যিক এপৰ দৰেই ৰেলওৱান এপটোতো আইআৰচিটিচি-এ অনুমোদন জনাইছে।
ৰেলওৱানত এমপিন বা বাঅ'মেট্ৰিকৰ যোগেদি লগইনৰ লগতে একক-চাইন-অনৰ সুবিধা আছে। ই বৰ্তমানৰ ৰেলকানেক্ট আৰু ইউটিএছ ক্ৰেডেনচিয়েলকো ছাপ’ৰ্ট কৰে। এপটোৱে স্পেচ-ৰাহি কৰে, কিয়নো একাধিক এপ ইনষ্টলৰ প্ৰয়োজনীয়তা নোহোৱা কৰে।
২০২৫-ৰ ডিচেম্বৰৰ ভিতৰত আধুনিক যাত্ৰী সংৰক্ষণ ব্যৱস্থা (PRS)
ৰেল মন্ত্ৰীজনে চিআৰআইএছ-ৰ সমগ্ৰ টীমটোক প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জনায়। তেওঁ ভাৰতীয় ৰেলৱেৰ ডিজিটেল ব্যৱস্থাক অধিক সুদৃঢ়কৰণৰ ক্ষেত্ৰত চিআৰআইএছ-ক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।
মন্ত্ৰীজনে বৰ্তমানৰ পিআৰএছ উন্নীতকৰণৰ ক্ষেত্ৰত চিআৰআইএছ টীমক প্ৰশংসা কৰে। আধুনিক পিআৰএছ ক্ষীপ্ৰ, বহুভাষিক আৰু সাম্প্ৰতিক ল’ডৰ ১০ গুণ নিয়ন্ত্ৰণ কৰিবলৈ স্কেলেবল হ'ব। ইয়াৰ জৰিয়তে প্ৰতি মিনিটত ১.৫ লাখ টিকট বুকিং আৰু ৪০ লাখ অনুসন্ধান কৰিব পৰা যাব।
নতুন পিআৰএছ অন্তৰ্ভুক্ত হ’ব। ইয়াত আসন বাছনি আৰু ফেয়াৰ কেলেণ্ডাৰৰ বাবে উন্নত ব্যৱস্থা থাকিব তথা দিব্যাংগজন, ছাত্ৰ-ছাত্ৰী আৰু ৰোগী আদিৰ বাবে সংহত বিকল্প থাকিব।
প্ৰযুক্তিয়ে ভৱিষ্যতক সংজ্ঞায়িত কৰিছে
ভাৰতীয় ৰেলৱেক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইয়াক ভাৰতৰ বিকাশ যাত্ৰাৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীয়ে পৰিচালিত কৰিছে। ৰেলওৱান এপ মুকলি কাৰ্য্যই ভাৰতীয় ৰেলৰ প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণ আৰু প্ৰতিগৰাকী যাত্ৰীক বিশ্ব-মানৰ গতিশীলতা প্ৰদানৰ অংগীকাৰক পুনৰাই দৃঢ় কৰিছে।
*****
Dharmendra Tewari/Shatrunjay Kumar/SB
(Release ID: 2141512)
Read this release in:
Odia
,
English
,
Gujarati
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam