কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী - ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

Posted On: 01 JUL 2025 3:13PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেটে তামিলনাডুত ৪-লেনৰ পৰমকুড়ী - ৰামনাথপুৰম অংশৰ (৪৬.৭ কিমি) নিৰ্মাণত অনুমোদন জনাইছে। প্ৰকল্পটো হাইব্ৰিড এনুইটি ম’ডত (HAM) মুঠ ১,৮৫৩ কোটি টকাৰ মূলধনী ব্যয়েৰে নিৰ্মাণ কৰা হ’ব।

বৰ্তমান মাদুৰাই, পৰমকুড়ী, ৰামনাথপুৰম, মাণ্ডাপাম, ৰামেশ্বৰম আৰু ধনুষকুড়ীৰ মাজৰ যোগাযোগ ব্যৱস্থা এতিয়াৰ ২-লেনৰ ৰাষ্ট্ৰীয় ঘাইপথ ৮৭ (NH-87) আৰু সংশ্লিষ্ট ৰাজ্যিক ঘাইপথৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পৰিণতিত বিশেষকৈ ঘন জনবসতিপূৰ্ণ অঞ্চল আৰু কৰিডৰৰ কাষৰীয়া মূল চহৰসমূহত অধিক যান-জঁটৰ সৃষ্টি হয়। এই প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাকৰণৰ অৰ্থে প্ৰকল্পটোৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ ৮৭-ৰ পৰমকুড়ীৰ পৰা ৰামনাথপুৰমলৈ প্ৰায় ৪৬.৭ কিলোমিটাৰ অংশ ৪-লেনলৈ উন্নীত কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত বৰ্তমানৰ কৰিডৰটো ভিৰ মুক্ত, সুৰক্ষা ব্যৱস্থাৰ অগ্ৰগতি সাধন হ’ব আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা পৰমকুড়ী, সতীৰাকুড়ী, আচুন্দনভায়াল তথা ৰামনাথপুৰমৰ দৰে চহৰৰ ম’বিলিটি প্ৰয়োজনীয়তা পূৰণ হ’ব।

প্ৰকল্পটোৱে ৫ টা প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ-৩৮, ৰাষ্ট্ৰীয় ঘাইপথ-৮৫, ৰাষ্ট্ৰীয় ঘাইপথ-৩৬, ৰাষ্ট্ৰীয় ঘাইপথ-৫৩৬ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৩২) তথা ৩ টা ৰাজ্যিক ঘাইপথ (ৰাজ্যিক ঘাইপথ-৪৭, ৰাজ্যিক ঘাইপথ-২৯, ৰাজ্যিক ঘাইপথ-৩৪)-ক একত্ৰিতকৰণেৰে সমগ্ৰ দক্ষিণ তামিলনাডুৰ মূল অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্ৰসমূহলৈ নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। ইয়াৰ উপৰিও উন্নীতকৃত কৰিডৰটোৱে ২ টা প্ৰধান ৰেলৱে ষ্টেচন (মাদুৰাই আৰু ৰামেশ্বৰম), এটা বিমানবন্দৰ (মাদুৰাই) আৰু ২ টা সৰু বন্দৰ (পাম্বন আৰু ৰামেশ্বৰম)-ক সংযোগেৰে মাল্টি-মডেল সংহতিৰ বৰ্ধন ঘটাব, ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলটোত সামগ্ৰীৰ সৰবৰাহ আৰু যাত্ৰীৰ আহ-যাহ ত্বৰান্বিত হ’ব।

সম্পূৰ্ণ হোৱাৰ লগে-লগে পৰমকুড়ী-ৰামনাথপুৰম অংশই আঞ্চলিক অৰ্থনৈতিক বিকাশ, প্ৰধান ধৰ্মীয় আৰু অৰ্থনৈতিক কেন্দ্ৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থাক সুদৃঢ়কৰণ, ৰামেশ্বৰম আৰু ধনুষকুড়ীলৈ পৰ্যটনৰ সম্প্ৰসাৰণ, বাণিজ্য আৰু ঔদ্যোগিক উন্নয়নৰ নতুন পথ মুকলিৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰকল্পটোৱে প্ৰায় ৮.৪ লাখ পাৰ্ছন-ডে’ৰ প্ৰত্যক্ষ আৰু ১০.৪৫ লাখ পাৰ্ছন-ডে’ৰ পৰোক্ষ নিয়োগো সৃষ্টি কৰিব তথা ইয়াৰ জৰিয়তে আশে-পাশে থকা অঞ্চলসমূহৰ বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন পথ প্ৰশস্ত হ’ব।

কৰিডৰৰ মানচিত্ৰ

image.jpeg

পৰিশিষ্ট - I: প্ৰকল্পৰ বিৱৰণ

বৈশিষ্ট্য

সবিশেষ

প্ৰকল্পৰ নাম

৪-লেনৰ পৰমকুড়ী - ৰামনাথপুৰম অংশ

কৰিডৰ

মাদুৰাই – ধনুষকুড়ী কৰিডৰ (NH-87)

দৈৰ্ঘ্য (কিমি)

৪৬.৭

মুঠ চিভিল ব্যয় (কোটি টকা)

৯৯৭.৬৩

ভূমি অধিগ্ৰহণ ব্যয় (কোটি টকা)

৩৪০.৯৪

মুঠ মূলধনী ব্যয় (কোটি টকা)

১,৮৫৩.১৬

ম’ড

হাইব্ৰিড এনুইটি ম’ড (HAM)

সংযোগ কৰিবলগীয়া মূল পথসমূহ

ৰাষ্ট্ৰীয় ঘাইপথ - ৰাষ্ট্ৰীয় ঘাইপথ-৩৮, ৰাষ্ট্ৰীয় ঘাইপথ-৮৫, ৰাষ্ট্ৰীয় ঘাইপথ-৩৬, ৰাষ্ট্ৰীয় ঘাইপথ-৫৩৬ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৩২

ৰাজ্যিক ঘাইপথ - ৰাজ্যিক ঘাইপথ-৪৭, ৰাজ্যিক ঘাইপথ-২৯, ৰাজ্যিক ঘাইপথ-৩৪

সংযোগ কৰিবলগীয়া অৰ্থনৈতিক / সামাজিক / পৰিবহণ কেন্দ্ৰ

বিমানবন্দৰঃ মাদুৰাই, ৰামনাড (নেভেল এয়াৰ ষ্টেচন)

ৰেলৱে ষ্টেচনঃ মাদুৰাই, ৰামেশ্বৰম

সৰু বন্দৰঃ পাম্বন, ৰামেশ্বৰম

সংযোগ কৰিবলগীয়া মূল নগৰ / চহৰ

মাদুৰাই, পৰমকুড়ী, ৰামনাথপুৰম, ৰামেশ্বৰম

নিয়োগ সৃষ্টিৰ সম্ভাৱনা

৮.৪ লাখ পাৰ্ছন-ডে’ (প্ৰত্যক্ষ) আৰু ১০.৪৫ লাখ পাৰ্ছন-ডে’ (পৰোক্ষ)

’২৫ বিত্তীয় বৰ্ষত বাৰ্ষিক গড় দৈনিক ট্ৰেফিক (AADT)

আনুমানিক ১২,৭০০ পেছেঞ্জাৰ কাৰ ইউনিট (PCU)

*****

MJPS/BM/SB


(Release ID: 2141328)