গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে তেলেংগানাৰ সংগাৰেড্ডীৰ সাৰ কাৰখানাত সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ কৰে
তেলেংগানাৰ সংগাৰেড্ডীৰ সাৰ কাৰখানাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাত শোকাহত হৈছোঁ
ততাতৈয়াকৈ এনডিআৰএফ-ৰ টীম ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় প্ৰশাসনৰ সৈতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে
আপোনজনক হেৰুৱাবলগীয়া হোৱা পৰিয়াল-বৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপনেৰে আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ
Posted On:
30 JUN 2025 7:31PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে তেলেংগানাৰ সংগাৰেড্ডীৰ এটা সাৰ কাৰখানাত সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ কৰে।
‘এক্স’-ৰ এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয়, “তেলেংগানাৰ সংগাৰেড্ডীৰ সাৰ কাৰখানাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাত শোকাহত হৈছোঁ। ততাতৈয়াকৈ এনডিআৰএফ-ৰ টীম ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় প্ৰশাসনৰ সৈতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াত আপোনজনক হেৰুৱাবলগীয়া হোৱা পৰিয়াল-বৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপনেৰে আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।”
*****
RK/VV/ASH/PS/SB
(Release ID: 2141013)