গৃহ মন্ত্ৰালয়
'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস' উপলক্ষে কেন্দ্ৰীয় গৃহআৰুসমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটৰ আহমেদাবাদত স্থানীয় লোকসকলৰ সৈতে যোগাসন কৰে
মন, শৰীৰ আৰু মগজুৰ মাজত সন্তুলন ৰক্ষা কৰা ‘যোগ’ আজি সমগ্ৰ বিশ্বৰ লোকৰে দৈনন্দিন জীৱন-যাত্ৰাৰ অংশ হৈ পৰিছে
যুগ-যুগ ধৰি যোগভাৰতীয় সুস্থ আৰু ফিট জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে
মোদীডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ অমূল্য ঐতিহ্য ‘যোগ’-ক সমগ্ৰ বিশ্বই আদৰি লৈছে
সকলোকে'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস'-ৰ শুভেচ্ছা জ্ঞাপনৰ লগতে যোগক দৈনন্দিন জীৱন-যাত্ৰাৰ এক অংশকৰি তুলিবলৈ আহ্বান জনাইছোঁ
Posted On:
21 JUN 2025 4:04PM by PIB Guwahati
আজি 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস' উপলক্ষে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটৰ আহমেদাবাদত স্থানীয় লোকসকলৰ সৈতে যোগাসন কৰে।‘এক্স’-ৰ এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয় যেমন, শৰীৰ আৰু মগজুৰ মাজত সন্তুলন ৰক্ষা কৰা ‘যোগ’ আজি সমগ্ৰ বিশ্বৰ লোকৰে দৈনন্দিন জীৱন-যাত্ৰাৰ অংশ হৈ পৰিছে।
আন এটা প’ষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীজনে কয়, যুগ-যুগ ধৰি যোগভাৰতীয় সুস্থ আৰু ফিট জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে।নিয়মীয়া যোগাভ্যাসে শৰীৰ, মন আৰু চিন্তাক সুস্থ কৰি তোলে আৰু ইয়াক ধনাত্মক শক্তিৰেভৰাই তোলে।মোদীডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ অমূল্য ঐতিহ্য ‘যোগ’-ক সমগ্ৰ বিশ্বই আদৰি লৈছে।মই সকলোকে 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস'-ৰ শুভেচ্ছা জ্ঞাপনৰ লগতে যোগক দৈনন্দিন জীৱন-যাত্ৰাৰ এক অংশকৰি তুলিবলৈ আহ্বান জনাইছোঁ।
*****
RK/VV/ASH/PR/SB
(Release ID: 2138521)