গৃহ মন্ত্ৰালয়
মুম্বাইত মহাৰাষ্ট্ৰ চেম্বাৰ অৱ কমাৰ্চ, ইণ্ডাষ্ট্ৰী এণ্ড এগ্ৰিকালচাৰৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয় উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে
ৰাজ্যিক পৰ্যায়ৰ সমবায় উদ্যোগিক সন্মিলনতো অংশগ্ৰহণ কৰিলে মন্ত্ৰী শ্ৰী শ্বাহে
দেশৰ উদ্যোগ, বাণিজ্য, কৃষি, নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত পৰিৱৰ্তনশীল পৰিৱৰ্তন ঘটিছে, আজি সমগ্ৰ অৰ্থনীতি বিশ্বব্যাপী হৈ পৰিছে
মোদী ডাঙৰীয়াই এটা টিম ইণ্ডিয়াৰ কল্পনা কৰিছে, কিয়নো ভাৰতৰ উন্নয়ন কেৱল ৰাজ্য আৰু কেন্দ্ৰৰ সহযোগিতাৰ দ্বাৰাহে সম্ভৱ হয়, এই গঠনমূলক পন্থাৰ বাবেই আজি দেশখনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে
বিশ্বায়নৰ এই যুগত সমগ্ৰ দেশৰ চেম্বাৰ অৱ কমাৰ্চসমূহে ইয়াৰ প্ৰাসংগিকতা আৰু ফলপ্ৰসূতা আৰু অধিক বৃদ্ধিৰ বাবে কাম কৰিব লাগিব
নীতি নিৰ্ধাৰণৰ পৰিৱৰ্তন আৰু কাৰ্যকৰীকৰণৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে ভাৰতৰ পাছপ’ৰ্টৰ বিশ্বব্যাপী সুনামো বৃদ্ধি হৈছে
মহাৰাষ্ট্ৰৰ সম্ভাৱনা অপৰিসীম আৰু দেশৰ ঔদ্যোগিক উন্নয়নৰ প্ৰতীক তথা প্ৰতিনিধি হিচাবে পৰিগণিত হৈছে
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰে ৭ লাখ কোটিত টকাতকৈয়ো অধিক মূল্যৰ প্ৰকল্পৰ জৰিয়তে মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বিকাশৰ বাবে কাম কৰি আছে
Posted On:
20 JUN 2025 8:17PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি মুম্বাইত মহাৰাষ্ট্ৰ চেম্বাৰ অৱ কমাৰ্চ, ইণ্ডাষ্ট্ৰী এণ্ড এগ্ৰিকালচাৰ (MACCIA)ৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ সমবায় উদ্যোগিক সন্মিলনত অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, কেন্দ্ৰীয় সমবায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত মুৰলীধৰ মোহলকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে শ্ৰীযুত ছেঠ ৱালচান্দ ডাঙৰীয়াই তেওঁৰ জীৱনকালত আৰম্ভ কৰা প্ৰতিটো কামেই কেৱল ইয়াৰ ক্ষেত্ৰখনত অগ্ৰণী কৰ্মই নহয়, বছৰ বছৰ ধৰি উদ্যোগ, সমাজ, মহাৰাষ্ট্ৰ, আৰু জাতিৰ সেৱাৰ বাবেও ওক সবল পদক্ষেপ। তেওঁ উল্লেখ কৰে যে শ্ৰী ছেঠ ৱালচান্দ ডাঙৰীয়া এজন উদ্যোগপতি আছিল, যিয়ে নিজৰ কোম্পানীসমূহৰ উন্নয়নৰ সমান্তৰালভাৱে দেশৰ বাবে কেনে প্ৰয়োজন আছে সেই বিষয়েও গুৰুত্ব দিছিল। শ্ৰী শ্বাহে উল্লেখ কৰে যে যেতিয়া কোনো দূৰদৰ্শী ব্যক্তিয়ে ব্যক্তিগত স্বাৰ্থৰ উৰ্ধলৈ গৈ কিবা এটা কৰাৰ বাবে ভেটি স্থাপন কৰে তেতিয়া তেওঁলোকে নিশ্চয় কোনো ঐশ্বৰিক আশীৰ্বাদ লাভ কৰে। যিকোনো প্ৰতিষ্ঠানে ১০০ বছৰ ধৰি কাৰ্যক্ষম হৈ থাকিব আৰু শতবাৰ্ষিকী উদযাপন কৰিব পাৰিব, এয়া প্ৰতিষ্ঠানটো আৰু সমাজ উভয়ৰে বাবে গৌৰৱৰ বিষয়।
শ্ৰী অমিত শ্বাহে কয় যে যেতিয়া কোনো প্ৰতিষ্ঠানে ১০০ বছৰ সম্পূৰ্ণ কৰে তেতিয়া ইয়াৰ পৰম্পৰা, নিয়ম, পদ্ধতি প্ৰায়ে পুৰণি হৈ পৰে, কিন্তু এই শতবৰ্ষটো সকলোৰে বাবে কেৱল গৌৰৱৰ মুহূৰ্তৰ লগতে আত্মনিৰীক্ষণৰ সুযোগো হৈ । তেওঁ উল্লেখ কৰে যে আজি দেশৰ উদ্যোগ, বাণিজ্য, আৰু কৃষিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সমান্তৰালভাৱে নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন ঘটিছে। সমগ্ৰ অৰ্থনীতি এতিয়া বিশ্বব্যাপী হৈ পৰিছে। তেওঁ কয় যে নীতি নিৰ্ধাৰণৰ পৰিৱৰ্তন আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অক্লান্ত প্ৰচেষ্টাৰ বাবেই ভাৰতৰ পাছপ’ৰ্টৰ বিশ্বব্যাপী খ্যাতি বৃদ্ধি পাইছে। সমগ্ৰ দেশৰ চেম্বাৰ অৱ কমাৰ্চ, ইণ্ডাষ্ট্ৰী এণ্ড এগ্ৰিকালচাৰে নিজৰ কাৰ্য্যকলাপৰ বিষয়ত আত্মনিৰীক্ষণ কৰাৰ সময় আহি পৰিছে। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে দেশৰ অৰ্থনীতি, নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়া, ৰাজ্যিক বিধায়িনী দল, সংসদ, আৰু বিশ্ব অৰ্থনীতিৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি চেম্বাৰৰ কমাৰ্ছে কাৰ্য পদ্ধতিৰ পৰ্যালোচনা কৰা উচিত।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজি আমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছো। এটা সময়ত আমি নিজৰ সিদ্ধান্ত নিজে লোৱা নাছিলো, বৰঞ্চ আন এখন দেশৰ সংসদে প্ৰস্তুত কৰা আইনসমূহৰ ওপৰত নিৰ্ভৰশীল আছিলো। তেওঁ কয় যে সেইদিনাৰ পৰা আজিলৈকে আমি ২০০ বছৰ আমাৰ ওপৰত শাসন কৰাসকলক চেৰ পেলাই বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে ভাৰত পৰিগণিত হৈছে । শ্ৰী শ্বাহে কয় যে ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি নিজস্ব দৃষ্টিভংগী ব্যৱহাৰ আগুৱাই যোৱাৰ সময় এয়া। বাণিজ্য, উদ্যোগ, আৰু কৃষিয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে চৰকাৰক সচেতন কৰাৰ বাবে কাম কৰি যোৱাৰো সময় এয়া।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মহাৰাষ্ট্ৰত অপৰিসীম সম্ভাৱনা আছে আৰু এক প্ৰকাৰে ই দেশৰ ঔদ্যোগিক উন্নয়নৰ প্ৰতীক আৰু সূচক হিচাবে পৰিগণিত হৈছে। সেইবাবেই মুম্বাইয়ে ভাৰতৰ বিত্তীয় ৰাজধানী হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। তেওঁ কয় যে মহাৰাষ্ট্ৰই দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত কোনো কাৰ্পণ্য কৰা নাই। ডাবল ইঞ্জিন চৰকাৰে মহাৰাষ্ট্ৰত নবীকৃত শক্তিৰ সঞ্চাৰ কৰাৰ লগতে দূৰদৰ্শিতা বৃদ্ধিৰ বাবে কাম কৰিছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰে মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ সমস্যা সমাধানৰ বাবে ৭ লাখ কোটিৰো অধিক টকা মূল্যৰ প্ৰকল্প ৰূপায়ণ কৰি আছে। তেওঁ কয় যে আজি মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক অৰ্থনীতি আছে, সৰ্বাধিক পৰিমাণৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছে আৰু সৰ্বাধিক বিদেশী পৰ্যটকক আকৰ্ষণ কৰিছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ষ্টাৰ্টআপ আছে, এয়া দেশৰ মুঠ ষ্টাৰ্টআপৰ ২৫% অংশ। তেওঁ আৰু উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ বন্দৰটো মহাৰাষ্ট্ৰৰ বাধাৱনত নিৰ্মাণ কৰা হ’ব। মাতৃ-ভগ্নীসকলে সৰ্বাধিক আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছে মহাৰাষ্ট্ৰত আৰু ৰাজ্যখনে বুলেট ট্ৰেইন প্ৰকল্পত আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত মহাৰাষ্ট্ৰই ১.৯১ লাখ কোটি টকাৰ অনুদান লাভ কৰিছিল, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ৰাজ্যখনক ৭.৮২ লাখ কোটি টকা আবণ্টন দিছে।মোদী চৰকাৰে বিগত সময়ছোৱাত দেশৰ সকলো খণ্ডতে অসংখ্য পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য খনৰ বাবে ১১ বছৰ ধৰি নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেইবাটাও পৰিৱৰ্তন আনিছে। তেওঁ কয় যে মোদী চৰকাৰে কেৱল নীতি প্ৰণয়ন কৰাই নহয়, সেইবোৰ ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাৰ বাবেও অক্লান্তভাৱে কাম কৰি আছে । প্ৰধানমন্ত্ৰী মোদীয়ে "টিম ইণ্ডিয়া"ৰ ধাৰণাটো বাস্তৱায়িত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কাৰণ দেশৰ উন্নয়ন কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে যৌথ প্ৰচেষ্টাৰ দ্বাৰাহে সম্ভৱ । তেওঁ উল্লেখ কৰে যে এই সহযোগিতাৰ মনোভাৱ আৰু গঠনমূলক মানসিকতাৰ বাবেই আজি দেশখন দ্ৰুতগতিত আগবাঢ়ি গৈছে ।
RK/VV/PR/PS/DM
(Release ID: 2138498)