গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিব , ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু লোকপিয়ল আয়ুক্তৰ লগতে অন্যান্য উচ্চপদস্থ বিষয়াৰ সৈতে আগন্তুক লোকপিয়লৰ প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰে
Posted On:
15 JUN 2025 8:14PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিব , ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু লোকপিয়ল আয়ুক্তৰ লগতে অন্যান্য উচ্চপদস্থ বিষয়াৰ সৈতে আগন্তুক লোকপিয়লৰ প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰে
লোকপিয়লৰ অধিসূচনা ১৬ জুন, ২০২৫ তাৰিখে চৰকাৰী ৰাজপত্ৰত প্ৰকাশ কৰা হ’ব।দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকপিয়ল। প্ৰথম পৰ্যায়ত অৰ্থাৎ হাউছলিষ্টিং অপাৰেচন (HLO)ত প্ৰতিটো পৰিয়ালৰ গৃহৰ অৱস্থা, সম্পত্তি আৰু সুবিধাসমূহ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা হ’ব। ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত কৰিবলগীয়া জনসংখ্যা গণনা (PE)ত প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ তথ্য, জনগাঁথনি, আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু অন্যান্য বিষয়ত তথ্য সংগ্ৰহ কৰা হ’ব। লোকপিয়লত জাতি গণনাও কৰা হ’ব।
লোকপিয়ল সুকলমে পৰিচালনা কৰিবলৈ প্ৰায় ৩৪ লাখ গণনাকাৰী আৰু তত্বাৱধায়ক তথা প্ৰায় ১.৩ লাখ লোকপিয়ল কৰ্মী নিয়োগ কৰা হ’ব।
এই লোকপিয়ল হৈছে আৰম্ভণিৰে পৰা কৰা ১৬ সংখ্যক লোকপিয়ল আৰু স্বাধীনতাৰ পিছত কৰিবলগীয়া অষ্টম লোকপিয়ল।
ইয়াৰ পিছৰ লোকপিয়ল মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰি ডিজিটেল মাধ্যমৰ জৰিয়তে কৰা হ’ব। স্ব-গণনাৰ ব্যৱস্থাও জনসাধাৰণৰ বাবে উপলব্ধ কৰা হ’ব।
তথ্য সংগ্ৰহ, প্ৰেৰণ আৰু সংৰক্ষণৰ সময়ত তথ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অতি কঠোৰ তথ্য সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
RK / VV / RR / PS/DM
(Release ID: 2136538)