গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

আহমেদাবাদত আজি এয়াৰ ইণ্ডিয়া বিমানৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

এয়াৰ ইণ্ডিয়াৰ বিমান এআই-১৭১ৰ সৈতে জড়িত দুৰ্ভাগ্যজনক ঘটনাত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে; এই শোকাবহ ঘটনাত নিজৰ আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ কাষত থিয় দিছে দেশৰ সকলো নাগৰিক

ভাৰত চৰকাৰ, গুজৰাট চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ হৈ প্ৰাণ হেৰুওৱা সকলোৰে প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো

ভাৰত চৰকাৰ আৰু গুজৰাট চৰকাৰে যুটীয়াভাৱে সাহায্য আৰু উদ্ধাৰ অভিযান চলাইছে

চিকিৎসালয়ত দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা কৰা আহত লোকজনক সাক্ষা কৰিলোঁ

ডিএনএ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতহে মৃতকৰ আনুষ্ঠানিক সংখ্যা ঘোষণা কৰা হ’ব

সেই স্থানত উপস্থিত হোৱা আত্মীয়ৰ ডিএনএ নমুনা সংগ্ৰহ প্ৰক্ৰিয়াও অহা ২–৩ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ হ’ব
বিমান পৰিবহণ বিভাগে তৎক্ষণাত আৰম্ভ কৰিছে তদন্ত

Posted On: 12 JUN 2025 11:58PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমানৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডু, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনাৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে এক বৈঠকতো মিলিত হয়।

বৈঠকৰ অন্তত সংবাদ মাধ্যমক উদ্দশ্যি আগবঢ়োৱা ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে এয়াৰ ইণ্ডিয়াৰ বিমান নম্বৰ এআই-১৭১ৰ সৈতে জড়িত দুৰ্ভাগ্যজনক ঘটনাত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে আৰু এই শোকাৱহ দুৰ্ঘটনাত নিজৰ আপোনজনক হেৰুওৱা পৰিয়ালবৰ্গৰ সৈতে দেশৰ সকলো নাগৰিকে সংহতিৰে থিয় দিছে। শ্ৰী শ্বাহে কয় যে ভাৰত চৰকাৰ, গুজৰাট চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ হৈ প্ৰাণ হেৰুওৱা সকলোৰে প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

গৃহমন্ত্ৰী শ্বাহে কয় যে দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে গুজৰাট চৰকাৰে ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগ, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী বিভাগ আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীকে ধৰি সকলো দুৰ্যোগ ব্যৱস্থাপনা গোটক সতৰ্ক কৰি দিয়ে আৰু সকলো সংস্থাই যৌথভাৱে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। ভাৰত চৰকাৰ আৰু গুজৰাট চৰকাৰে যৌথভাৱে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে।

শ্ৰী অমিত শ্বাহে কয় যে বিমানখনত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীকে ধৰি মুঠ ২৩০জন যাত্ৰী আৰু ১২ জন ক্ৰু মেম্বাৰ আছিল। গৃহমন্ত্ৰীয়ে দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা পোৱা আহত ব্যক্তিজনক চিকিৎসালয়ত সাক্ষাৎ কৰে। তেওঁ উল্লেখ কৰে যে ডিএনএ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতহে মৃতকৰ আনুষ্ঠানিক সংখ্যা ঘোষণা কৰা হ’ব। সেই স্থানত উপস্থিত হোৱা আত্মীয়ৰ ডিএনএ নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়াও অহা ২–৩ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ হ’ব। শ্ৰী শ্বাহে কয় যে বিদেশত থকা মৃত যাত্ৰীসকলৰ পৰিয়ালক ইতিমধ্যে অৱগত কৰা হৈছে আৰু ভাৰতত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ ডিএনএৰ নমুনা সংগ্ৰহ কৰা হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে গুজৰাটৰ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (এফএছএল) আৰু ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ে যৌথভাৱে কম সময়ৰ ভিতৰতে ডিএনএ পৰীক্ষা সম্পূৰ্ণ কৰিব, তাৰ পিছত মৃত লোকসকলৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিয়া হ’ব। লগতে তেওঁ কয় যে বিমান পৰিবহণ বিভাগে তৎক্ষণাত তদন্ত আৰম্ভ কৰিছে। গৃহমন্ত্ৰীয়ে সাহায্য আৰু উদ্ধাৰৰ কামত জড়িত সকলো সংস্থাক কৃতজ্ঞতা জ্ঞাপন কৰে।

*****

RK/VV/PR/DB


(Release ID: 2136226)