প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৪০ কোটি ভাৰতীয়ৰ আশীৰ্বাদ আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে সুশাসন আৰু ৰূপান্তৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি দেশৰ বিভিন্ন খণ্ডত দ্ৰুত পৰিৱৰ্তন : প্ৰধানমন্ত্ৰী
আমাৰ সামূহিক সফলতাত গৌৰৱান্বিত হোৱাৰ সমান্তৰালকৈ আমি আশা, আত্মবিশ্বাস আৰু বিকশিত ভাৰত গঢ়ি তোলাৰ উদ্দেশ্যে নতুন সংকল্পৰ সৈতে আগবাঢ়িছোঃ প্ৰধানমন্ত্ৰী
যোৱা এঘাৰ বছৰত বহুতো ইতিবাচক পৰিৱৰ্তন হোৱাৰ লগতে জীৱন ধাৰণৰ সূচলতা বৃদ্ধি হৈছেঃ প্ৰধানমন্ত্ৰী
নাগৰিকসকলক নমো এপৰ জৰিয়তে ভাৰতৰ পৰিৱৰ্তনমূলক যাত্ৰা অন্বেষণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান
Posted On:
09 JUN 2025 9:40AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ চৰকাৰৰ অধীনত যোৱা এঘাৰ বছৰত ভাৰতত হোৱা উল্লেখযোগ্য পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰিছে।
১৪০ কোটি ভাৰতীয়ৰ সামূহিক অংশগ্ৰহণৰ জৰিয়তে সুশাসন আৰু পৰিৱৰ্তনক বিশেষ অগ্ৰাধিকাৰ দিয়াৰ ফলত দেশৰ বিভিন্ন খণ্ডত দ্ৰুত প্ৰগতি হোৱা বুলি শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়।
'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস "ভাৱাদৰ্শৰ জৰিয়তে পৰিচালিত হৈ এন. ডি. এ. চৰকাৰে গতি, ব্যাপকতা আৰু সংবেদনশীলতাৰ সৈতে যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
অৰ্থনৈতিক বিকাশৰ পৰা আৰম্ভ কৰি সামাজিক প্ৰগতিলৈকে চৰকাৰে নাগৰিক-কেন্দ্ৰিক, সামগ্ৰিক আৰু সৰ্বাংগীন প্ৰগতিক অগ্ৰাধিকাৰ দিয়া বুলি শ্ৰী মোদীয়ে বিশেষভাৱে কয়।
সম্প্ৰতি ভাৰত কেৱল দ্ৰুততম বিকাশশীল আগশাৰীৰ অৰ্থনীতিয়েই নহয়, বৰঞ্চ জলবায়ু খণ্ডৰ পদক্ষেপ তথা ডিজিটেল উদ্ভাৱনৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এক উল্লেখযোগ্য আন্তৰ্জাতিক কণ্ঠস্বৰত পৰিণত হোৱা বুলি তেওঁ উল্লেখ কৰে।
শ্ৰী মোদীয়ে কয় যে, "আমাৰ সামূহিক সফলতাক লৈ গৌৰৱান্বিত হোৱাৰ সমান্তৰালকৈ আমি আশা, আত্মবিশ্বাস আৰু বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে নতুন সংকল্পৰ সৈতে আগবাঢ়িছো"।
যোৱা এঘাৰ বছৰত বহুতো ইতিবাচক পৰিৱৰ্তন সাধিত হোৱাৰ লগতে 'জীৱন ধাৰণৰ সূচলতা’ ত্বৰান্বিত হোৱা বুলি তেওঁ প্ৰকাশ কৰে।
এই সন্দৰ্ভত, চৰকাৰৰ সাফল্যসমূহ ক্ৰীড়া, কুইজ, জৰীপকে ধৰি উৎসাহজনক, কাৰ্যকৰী আৰু তথ্য সম্বলিত মত-বিনিময় কৰিব পৰা অন্যান্য ব্যৱস্থাৰে প্ৰতিফলিত কৰা নমো এপৰ জৰিয়তে এই পৰিৱৰ্তনমূলক যাত্ৰাৰ অন্বেষণ কৰিবলৈ শ্ৰী মোদীয়ে নাগৰিকসকলক উৎসাহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে লগতে নমো এপ আৰু অফিচিয়েল ৱেবছাইটত উপলব্ধ ভিডিঅ’, ইনফ’গ্ৰাফিক্স আৰু প্ৰবন্ধৰ দৰে বিভিন্ন আকৰ্ষণীয় পদ্ধতিৰে ভাৰতৰ বিকাশ যাত্ৰা অন্বেষণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে;
"সুশাসন আৰু পৰিৱৰ্তনৰ ওপৰত স্পষ্ট গুৰুত্ব!
১৪০ কোটি ভাৰতীয়ৰ আশীৰ্বাদ আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে ভাৰতৰ বিভিন্ন খণ্ডত দ্ৰুত পৰিৱৰ্তন পৰিলক্ষিত হৈছে।
'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস "ভাৱাদৰ্শৰ জৰিয়তে পৰিচালিত হৈ এন. ডি. এ. চৰকাৰে গতি, ব্যাপকতা আৰু সংবেদনশীলতাৰ সৈতে যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিছে।
অৰ্থনৈতিক বিকাশৰ পৰা আৰম্ভ কৰি সামাজিক প্ৰগতিলৈকে, নাগৰিক-কেন্দ্ৰিক, সামগ্ৰিক আৰু সৰ্বাংগীন প্ৰগতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
সম্প্ৰতি ভাৰত কেৱল দ্ৰুততম বিকাশশীল আগশাৰীৰ অৰ্থনীতিয়েই নহয়, বৰঞ্চ জলবায়ু খণ্ডৰ পদক্ষেপ আৰু ডিজিটেল উদ্ভাৱনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত এক উল্লেখযোগ্য আন্তৰ্জাতিক কণ্ঠস্বৰত পৰিণত হৈছে।
আমাৰ সামূহিক সফলতাক লৈ গৌৰৱান্বিত হোৱাৰ সমান্তৰালকৈ আমি আশা, আত্মবিশ্বাস আৰু বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে নতুন সংকল্পৰ সৈতে আগবাঢ়িছো!
# সেৱাৰ ১১টা বছৰ"
যোৱা এঘাৰ বছৰত বহুতো ইতিবাচক পৰিৱৰ্তন সাধিত হোৱাৰ লগতে 'জীৱন ধাৰণৰ সূচলতা’ ত্বৰান্বিত হৈছে।
আকৰ্ষণীয় খেল, কুইজ, জৰীপকে ধৰি উৎসাহজনক, কাৰ্যকৰী আৰু তথ্য সম্বলিত অন্যান্য উদ্ভাৱনীমূলক ব্যৱস্থাৰে নমো এপৰ জৰিয়তে আপোনালোকে পৰিৱৰ্তনমূলক যাত্ৰাৰ অন্বেষণ কৰিব পাৰে।
এবাৰ চাওক।
nm-4.com/11yearsofseva
# সেৱাৰ ১১টা বছৰ"
"নমো এপত আকৰ্ষণীয় ভিডিঅ’, ইনফ’গ্ৰাফিক্স, প্ৰবন্ধ আৰু অন্যান্য ব্যৱস্থাৰ জৰিয়তে প্ৰতিফলিত ভাৰতৰ বিকাশ যাত্ৰা। অন্বেষণ কৰক।
narendramodi.in/vikasyatra2025
# সেৱাৰ ১১টা বছৰ"
"যোৱা ১১ বছৰত, দৰিদ্ৰ ভাই-ভনীসকলৰ লগতে জনসাধাৰণৰ কল্যাণ আমাৰ চৰকাৰৰ প্ৰতিখন আঁচনিৰ কেন্দ্ৰবিন্দু হৈ আহিছে। উজ্জ্বলা যোজনাই হওক বা প্ৰধানমন্ত্ৰী আৱাস, আয়ুষ্মান ভাৰত যোজনাই হওক বা ভাৰতীয় জনঔষধি অথবা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, এই সকলো আঁচনিয়েই দেশবাসীসকলৰ আশা-আকাংক্ষাক নতুন দিশ দেখুৱাইছে। আমি সম্পূৰ্ণ নিষ্ঠা আৰু সেৱাৰে এই সময়ছোৱাত মানুহৰ জীৱনলৈ সূচলতা অনাৰ বাবে সকলো প্ৰচেষ্টা কৰিছো"।
# সেৱাৰ ১১টা বছৰ"
************
MJPS/ST
(Release ID: 2135095)
Read this release in:
Hindi
,
Marathi
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam
,
Bengali-TR
,
English
,
Urdu
,
Bengali