গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতীয় ভাষা অনুভাগ (ভাৰতীয় ভাষা শাখা) উন্মোচন কৰে
ভাৰতীয় ভাষা অনুভাগ (ভাৰতীয় ভাষা শাখা) প্ৰতিষ্ঠা হোৱাৰ লগে লগে চৰকাৰী ভাষা বিভাগ এতিয়া সম্পূৰ্ণ বিভাগত পৰিণত হ'ল
বিদেশী ভাষাৰ প্ৰভাৱৰ পৰা প্ৰশাসনক মুক্ত কৰাৰ দিশত ই এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব
এই শাখাই ভাৰতৰ ভাষিক বৈচিত্ৰ্যক সামৰি লৈ সকলো ভাষাকে এক শক্তিশালী আৰু সংগঠিত মঞ্চ প্ৰদান কৰিব
স্থানীয় ভাষাসমূহক শক্তিশালী কৰিহে আমি ভাৰতক বিশ্বৰ এক বিশিষ্ট আৰু সন্মানীয় স্থানলৈ লৈ যাব পাৰিম
ভাৰতীয় ভাষা আমাৰ সংস্কৃতিৰ আত্মা আৰু ভাৰতীয় সংস্কৃতি ভাৰতৰ আত্মা
সকলো ভাষাৰ মনোভাৱ, সমৃদ্ধি আৰু সংবেদনশীলতা হ্ৰাস নকৰাকৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা উচিত
পোষ্ট কৰা হৈছে:
06 JUN 2025 5:24PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতীয় ভাষা অনুভাগ (ভাৰতীয় ভাষা শাখা) উন্মোচন কৰে। এই উপলক্ষে্য আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় গৃহ সচিব আৰু চৰকাৰী ভাষাৰ সচিবকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠান উপলক্ষ্যে প্ৰদান কৰা ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় ভাষা অনুভাগ (ভাৰতীয় ভাষা শাখা) প্ৰতিষ্ঠা হোৱাৰ লগে লগে চৰকাৰী ভাষা বিভাগ এতিয়া সম্পূৰ্ণ বিভাগত পৰিণত হৈছে। বিদেশী ভাষাৰ প্ৰভাৱৰ পৰা প্ৰশাসনক মুক্ত কৰাৰ দিশত ই এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব বুলিও তেওঁ কয়। তেওঁ কয় যে আমাৰ চিন্তা, বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াসমূহ আমাৰ মাতৃভাষাত হ’লেহে আমাৰ সম্ভাৱনাসমূহক সম্পূৰ্ণৰূপে বিকশিত কৰিব পৰা যাব। শ্ৰী শ্বাহে কয় যে দেশৰ সকলো স্থানীয় ভাষাক শক্তিশালী কৰিহে আমি ভাৰতক চিৰন্তন গৌৰৱময় স্থানলৈ লৈ যাব পাৰিম।
শ্ৰী অমিত শ্বাহে কয় যে আমাৰ প্ৰতিটো ভাষা আন ভাষাৰ সৈতে সম্পূৰ্ণৰূপে সংযুক্ত আৰু ইটোৱে সিটোৰ অবিহনে বিকাশিত হোৱা সম্ভৱ নহয়। তেওঁ কয় যে আমাৰ সকলো ভাষা নদী সদৃশ, এই নদী একত্ৰিত হৈ ভাৰতীয় সংস্কৃতিৰ গংগা গঠন কৰিছে। তেওঁ কয় যে ভাৰতীয় ভাষা আমাৰ সংস্কৃতিৰ আত্মা আৰু আমাৰ সংস্কৃতি ভাৰতৰ আত্মা। শ্ৰী অমিত শ্বাহে কয়, এই শাখাই ভাৰতৰ ভাষিক বৈচিত্ৰ্যক সামৰি লৈ সকলো ভাষাকে এক শক্তিশালী আৰু সংগঠিত মঞ্চ প্ৰদান কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সকলো ভাষাৰ মনোভাৱ, সমৃদ্ধি আৰু সংবেদনশীলতা হ্ৰাস নকৰাকৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লাগে।
তেওঁ কয় যে আমাৰ ওপৰত ইংৰাজী জাপি দিয়াৰ বিৰুদ্ধে যুঁজখনত আমি নিশ্চিতভাৱে জয়ী হ’ম।

RK/VV/PR/PS/DM
(ৰিলিজ আই ডি : 2134653)
অতিথি কক্ষ : 36