যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
“ ৰেটিং অব প্ৰপাৰ্টিছ ফৰ ডিজিটেল কনেক্টিভিটি ৰেগুলেছনছ , ২০২৪ ”ৰ অধীনত সম্পত্তিৰ ৰেটিঙকলৈ ট্ৰাইয়ে প্ৰস্তুত কৰা খচৰাৰ বিষয়ত অংশীদাৰসকলৰ পৰা মন্তব্য আৰু প্ৰতি মন্তব্য দাখিলৰ শেষ তাৰিখ বৃদ্ধি
Posted On:
02 JUN 2025 4:09PM by PIB Guwahati
ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ২০২৫ চনৰ ১৩ মে’ত “ ৰেটিং অব প্ৰপাৰ্টিছ ফৰ ডিজিটেল কনেক্টিভিটি ৰেগুলেছনছ , ২০২৪ ”ৰ অধীনত ডিজিটেল সংযোগৰ বাবে সম্পত্তি (প্ৰপাৰ্টিছ) ৰেটিং মূল্যায়নৰ বাবে ‘ড্ৰাফ্ট মেনুৱেল’ প্ৰকাশ কৰিছিল।পূর্বে অংশীদাৰসকলৰ মন্তব্য আৰু প্ৰতি মন্তব্য দাখিলৰ শেষ তাৰিখ ২ জুন ২০২৫ আৰু ৯ জুন, ২০২৫ নিৰ্ধাৰণ কৰা হৈছিল।
ওপৰত উল্লেখ কৰা ‘খচৰা’ৰ বিষয়ত মন্তব্য দাখিলৰ সময় বৃদ্ধিৰ বাবে অংশীদাৰসকলে কৰা অনুৰোধসমূহৰ প্ৰতি সঁহাৰি জনাই এই বিষয়ত অধিক সময় প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেইমৰ্মে মন্তব্য দাখিলৰ শেষ তাৰিখ এসপ্তাহ অৰ্থাৎ ২০২৫ চনৰ ৯ জুনলৈকে আৰু প্ৰতি মন্তব্য দাখিলৰ তাৰিখ ১৬ জুন ২০২৫লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
মন্তব্য/ প্ৰতি মন্তব্যসমূহ ইলেক্ট্ৰনিক ৰূপত ই-মেইল আইডি ja2-qos1@trai.gov.in লৈ প্ৰেৰণ কৰিব পাৰিব আৰু ইয়াৰ কপি adv-qos1@trai.gov.in লৈ প্ৰেৰণ কৰিব পাৰিব।
যিকোনো কথা জানিবলৈ বা অধিক তথ্যৰ বাবে অংশীদাৰসকলে শ্ৰী তেজপাল সিং, উপদেষ্টা (QoS-I), TRAI +91-11-20907759 নম্বৰত যোগাযোগ কৰিব পাৰিব।
Samrat/Allen/DM
(Release ID: 2133305)