কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

কেবিনেটে ডিজাইন-বিল্ড-ফাইনেন্স-অপাৰেট-ট্ৰেন্সফাৰ (DBFOT) ম’ডত অন্ধ্ৰ প্ৰদেশৰ ৬৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বদভেল- গোপাৱৰাম গাঁৱৰপৰা ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰুবিন্দপুৰীলৈ ৪-লেনৰ বদভেল- নেল্লোৰ ঘাইপথ নিৰ্মাণত অনুমোদন জনায়

মুঠ ১০৮.১৩৪ কিমি দৈৰ্ঘ্যৰ বাবে মুঠ মূলধনী ব্যয় ৩৬৫৩.১০ কোটি টকা

Posted On: 28 MAY 2025 3:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে ডিজাইন-বিল্ড-ফাইনেন্স-অপাৰেট-ট্ৰেন্সফাৰ (DBFOT) ম’ডত অন্ধ্ৰপ্ৰদেশৰ ৬৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৩৬৫৩.১০ কোটি টকা ব্যয় সাপেক্ষে ১০৮.১৩৪ কিমি দৈৰ্ঘ্যৰ ৪-লেনৰ বদভেল-নেল্লোৰ কৰিডৰ নিৰ্মাণত অনুমোদন জনাইছে।

অনুমোদিত বদভেল-নেল্লোৰ কৰিডৰে অন্ধ্ৰ প্ৰদেশৰ তিনিটা ঔদ্যোগিক কৰিডৰৰ গুৰুত্বপূৰ্ণ ন’ড অৰ্থাৎ বিশাখাপট্টনম-চেন্নাই ঔদ্যোগিক কৰিডৰৰ (VCIC) কপপাৰ্থী ন’ড, হায়দৰাবাদ-বেংগালুৰু ঔদ্যোগিক কৰিডৰৰ (HBIC) অৰভাকাল ন’ড আৰু চেন্নাই-বেংগালুৰু ঔদ্যোগিক কৰিডৰৰ (CBIC) কৃষ্ণপট্টনম ন’ডৰ সৈতে যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। ইয়াৰ ফলশ্ৰুতিত দেশৰ লজিষ্টিক পাৰ্ফৰ্মেন্স ইনডেক্সত (LPI) ইতিবাচক প্ৰভাৱ পৰিব।

বদভেল নেল্লোৰ কৰিডৰ অন্ধ্ৰ প্ৰদেশৰ ৱাইএছআৰ কদাপা জিলাৰ বৰ্তমানৰ ৬৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোপাৱৰাম গাঁৱৰ পৰা আৰম্ভ হৈ এছপিএছআৰ নেল্লোৰ জিলাৰ ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (চেন্নাই-কলকাতা) কৃষ্ণপট্টনম বন্দৰ জংচনত শেষ হ’ব। চেন্নাই-বেংগালুৰু ঔদ্যোগিক কৰিডৰৰ (CBIC) অধীনত অগ্ৰাধিকাৰ ন’ড হিচাপে চিনাক্ত কৰা কৃষ্ণপট্টনম বন্দৰলৈ কৌশলগত সংযোগো প্ৰশস্ত কৰিব।

প্ৰস্তাৱিত কৰিডৰটোৰ জৰিয়তে কৃষ্ণপট্টনম বন্দৰলৈ দূৰত্ব বৰ্তমানৰ বদভেল-নেল্লোৰ পথৰ তুলনাত ১৪২ কিলোমিটাৰৰ পৰা ১০৮.১৩ কিলোমিটাৰলৈ অৰ্থাৎ ৩৩.৯ কিলোমিটাৰ হ্ৰাস পাব। ইয়াৰ ফলশ্ৰুতিত যাত্ৰাৰ সময় এঘন্টা হ্ৰাস পাব আৰু ইন্ধন ৰাহি কৰিব। একেদৰে, কাৰ্বন ফুট প্ৰিন্ট আৰু বাহন পৰিচালনা ব্যয় (VOC) হ্ৰাস পাব। প্ৰকল্পৰ ৰূপৰেখা আৰু সূচকাংক মানচিত্ৰ পৰিশিষ্ট-I হিচাপে সংলগ্ন কৰা হৈছে।

১০৮.১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটোৱে প্ৰায় ২০ লাখ মেন-ডে’ৰ প্ৰত্যক্ষ নিয়োগ আৰু ২৩ লাখ মেন-ডে’ৰ পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। প্ৰস্তাৱিত কৰিডৰৰ কাষৰীয়া অঞ্চলত অৰ্থনৈতিক কাৰ্য্যকলাপৰ বৰ্ধনেৰে প্ৰকল্পটোৱে অতিৰিক্ত কৰ্মসংস্থাপনৰ সুযোগো প্ৰশস্ত কৰিব।

পৰিশিষ্ট-I

প্ৰকল্পৰ ৰূপৰেখা আৰু সূচকাংক মানচিত্ৰৰ সবিশেষঃ

চিত্ৰ ১: প্ৰস্তাৱিত কৰিডৰৰ ইনডেক্স মেপ

চিত্ৰ ২: প্ৰকল্পৰ ৰূপৰেখা

*****

MJPS/BM/SB


(Release ID: 2132099)