ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

ৰাজ্যসভালৈ নিৰ্বাচিত অসম আৰু তামিলনাডুৰ সদস্যসকলৰ কাৰ্যকাল ক্ৰমে ১৪.০৬.২০২৫ আৰু ২৪.০৭.২০২৫ তাৰিখে সম্পূৰ্ণ হোৱাৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচন

Posted On: 26 MAY 2025 2:08PM by PIB Guwahati

অসম আৰু তামিলনাডুৰ পৰা ৰাজ্য পৰিষদ (ৰাজ্যসভা)লৈ নিৰ্বাচিত ৮ গৰাকী সদস্যৰ কাৰ্যকাল নিম্নলিখিত বিতং বিৱৰণি অনুসৰি ২০২৫ চনৰ জুন-জুলাই মাহত সম্পূৰ্ণ হ'ব:-

ক্ৰমিক নং

ৰাজ্য

আসনৰ সংখ্যা

সদস্যৰ নাম (শ্ৰীযুত/শ্ৰীমতী)

অৱসৰৰ তাৰিখ

১)

অসম

মিছন ৰঞ্জন দাস

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

১৪.০৬.২০২৫

২)

তামিলনাডু

 

ড০ অন্বুমণি ৰামদাস

তিৰু এম শ্বনমুগম

তিৰু এন চন্দ্ৰেশেখৰন

তিৰু এম মোহম্মদ আব্দুল্লা

তিৰু পি উইলচন

তিৰু ভাইকো

২৪.০৭.২০২৫

 

 

 

 

 

 

 

 

 

 

 

২) এতিয়া আয়োগে তলত দিয়া সূচী অনুসৰি অসম আৰু তামিলনাডুৰ পৰা ৰাজ্যসভালৈ দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে-

ক্ৰমিক নং

কাৰ্যসূচী

দিন আৰু তাৰিখ

 

অধিসূচনা জাৰি

২ জুন, ২০২৫ (সোমবাৰ)

 

 

মনোনয়ন দাখিলৰ অন্তিম দিন

৯ জুন, ২০২৫ (সোমবাৰ)

 

মনোনয়ন পৰীক্ষা

১০ জুন, ২০২৫ (মঙলবাৰ)

 

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন

১২ জুন, ২০২৫ (বৃহস্পতিবাৰ)

 

ভোটগ্ৰহণৰ তাৰিখ

১৯ জুন, ২০২৫ (বৃহস্পতিবাৰ)

 

ভোটগ্ৰহণৰ সময়

পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ

 

 

ভোটগণনা

১৯ জুন, ২০২৫ (বৃহস্পতিবাৰ)ৰ আবেলি ৫ বজাত

 

নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ তাৰিখ

 

২৩ জুন, ২০২৫ (সোমবাৰ)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

৩) আয়োগে নিৰ্দেশ দিছে যে বেলট পেপাৰত অগ্ৰাধিকাৰ(সমূহ) চিহ্নিত কৰাৰ বাবে কেৱল ৰিটাৰ্ণিং বিষয়াই প্ৰদান কৰা পূৰ্বনিৰ্ধাৰিত সংহত বেঙুনীয়া ৰঙৰ স্কেচ পেনহে ব্যৱহাৰ কৰিব লাগিব। কোনো কাৰণতে উক্ত নিৰ্বাচনত আন কোনো কলম ব্যৱহাৰ কৰা নহ’ব।

৪) মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰিবলৈ পৰ্যবেক্ষক নিযুক্তি দি নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

৫) ভাৰতৰ নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ সময়ে সময়ে জাৰি কৰা বিস্তৃত ক’ভিড-১৯ৰ নিৰ্দেশনা সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ত য’তেই প্ৰযোজ্য হয় সকলো ব্যক্তিয়ে  সেইবোৰ মানি চলিব লাগিব।

 

PK/GDH/RP/KD


(Release ID: 2131376)
Read this release in: English , Urdu , Hindi , Tamil