প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জক কাৰ্য্যভাৰ গ্ৰহণৰ বাবে অভিনন্দন জনায়
নেতাদ্বয়ে ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বক অধিক সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে আলোচনা কৰে
পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহতো আলোচনা
নেতা দুজনে সকলো ধৰণৰ সন্ত্ৰাসবাদক প্ৰতিহতকৰণৰ বাবে সহভাজিত দায়বদ্ধতাৰ কথা পুনৰবাৰ প্ৰকাশ কৰে
প্ৰধানমন্ত্ৰীয়ে চেন্সেলৰ মেৰ্জক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়
পোষ্ট কৰা হৈছে:
20 MAY 2025 7:38PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ফ্ৰেড্ৰিখ মেৰ্জৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হৈ তেওঁ ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেন্সেলৰ হিচাপে কাৰ্য্যভাৰ গ্ৰহণৰ বাবে অভিনন্দন জনায়।
বিগত ২৫ বছৰত ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বই লাভ কৰা ব্যাপক অগ্ৰগতিৰ কথা উল্লেখেৰে দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা উদ্ভাৱন আৰু প্ৰযুক্তিকে প্ৰমুখ্য কৰি দ্বিপাক্ষিক সম্পৰ্কক অধিক সুদৃঢ়কৰণৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে। নেতাদ্বয়ে জাৰ্মানীত প্ৰবাসী ভাৰতীয়সকলে আগবঢ়োৱা ইতিবাচক অৱদানৰ কথা উল্লেখ কৰে।
তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহত মত-বিনিময় কৰে। দুয়োগৰাকী নেতাই সকলো ধৰণৰ সন্ত্ৰাসবাদক প্ৰতিহতকৰণৰ বাবে তেওঁলোকৰ সহভাজিত দায়বদ্ধতাৰ কথা পুনৰবাৰ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে চেন্সেলৰ মেৰ্জক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়। তেওঁলোকে যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
***
MJPS/VJ/SB
(ৰিলিজ আই ডি : 2130674)
অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam