ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত সমবায় দুগ্ধ খণ্ডত বহনক্ষমতা আৰু চক্ৰাকাৰিতাৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

গৃহ আৰু সমবায় মন্ত্ৰীয়ে কয় যে ‘শ্বেত বিপ্লৱ ২.০’ৰ অধীনত সমবায় দুগ্ধ খণ্ডত বহনক্ষম উন্নয়ন আৰু বৃত্তাকাৰ অৰ্থনীতি নিশ্চিত কৰিব লাগে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ “সমবায়ৰ জৰিয়তে সমৃদ্ধি” মন্ত্ৰ উদগনি যোগাই সমবায় দুগ্ধ খণ্ডৰ বাবে তিনিখন নতুন বহুৰাজ্যিক সমবায় সমিতি স্থাপনৰ সিদ্ধান্ত লোৱা হয়
প্ৰথমখন সমিতিয়ে ‘পশু খাদ্য উৎপাদন, ৰোগ নিয়ন্ত্ৰণ আৰু কৃত্ৰিম প্ৰজনন’, দ্বিতীয় সমিতিখনে ‘গৰু গোৱৰ ব্যৱস্থাপনা আৰ্হিৰ উন্নয়ন সাধন’ আৰু তৃতীয় সমিতিখনে ‘মৃত গৰুৰ অৱশিষ্টৰ ঘূৰ্ণীয়মান ব্যৱহাৰক প্ৰসাৰিত কৰা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব
কৃষকসকলক কাৰ্বন ক্ৰেডিটৰ প্ৰত্যক্ষ সুবিধা প্ৰদান আৰু সমবায় নেটৱৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ গৃহ আৰু সমবায় মন্ত্ৰীৰ

Posted On: 20 MAY 2025 8:27PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত সমবায় দুগ্ধ খণ্ডত বহনক্ষমতা আৰু চক্ৰীয়তাৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কৃষণ পাল সিং গুৰজাৰ আৰু সমবায় মন্ত্ৰালয়ৰ সচিব শ্ৰী মুৰলীধৰ মোহল, দুগ্ধ আৰু পশুপালন বিভাগৰ সচিব ড° আশীষ কুমাৰ ভূটানী, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ শ্ৰীমতী অলকা উপাধ্যায় ড মীনেশ শ্বাহ আৰু নাবাৰ্ডৰ অধ্যক্ষ শ্ৰী শ্বাজী কেভিয়েও অংশগ্ৰহণ কৰে।

IMG_3840 (1).JPG

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “সমবায়ৰ জৰিয়তে সমৃদ্ধি” মন্ত্ৰক উদগনি যোগাই বৈঠকত সমবায় দুগ্ধ খণ্ডৰ বাবে তিনিখন নতুন বহুৰাজ্যিক সমবায় সমিতি স্থাপনৰ সিদ্ধান্ত লোৱা হয়। প্ৰথমখন সমিতিয়ে পশুৰ খাদ্য প্ৰস্তুত কৰা, ৰোগ নিয়ন্ত্ৰণ আৰু কৃত্ৰিম প্ৰজননৰ কাম কৰিব, দ্বিতীয়খনে গোবৰ ব্যৱস্থাপনাৰ আৰ্হি প্ৰস্তুত কৰিব আৰু তৃতীয়খনে মৃত গৰুৰ অৱশিষ্টৰ ঘূৰ্ণীয়মান ব্যৱহাৰৰ প্ৰসাৰ ঘটাব।

বৈঠকত ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে আমি শ্বেত বিপ্লৱ ২.০ৰ দিশত আগুৱাইৰ সমান্তৰালভাৱে আমাৰ লক্ষ্য কেৱল দুগ্ধ সমবায়সমূহ সম্প্ৰসাৰণ কৰি ইয়াক কাৰ্যক্ষম আৰু ফলপ্ৰসূ কৰি তোলাই নহয় বৰঞ্চ এনে এক দুগ্ধ পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলা উচিত যিয়ে বহনক্ষম আৰু বৃত্তাকাৰ অৰ্থনীতিৰ প্ৰসাৰ ঘটায়। তেওঁ কয় যে যদি আমি কৃষকৰ আয় বৃদ্ধি কৰিব বিচাৰো তেন্তে আমি সংহত সমবায়ৰ নেটৱৰ্ক গঢ়ি তুলিব লাগিব য’ত বেছিভাগ কাম পাৰস্পৰিক সহযোগিতা আৰু সমবায়ৰ জৰিয়তে কৰিব পৰা হয়।

IMG_3839 (1).JPG

শ্ৰী অমিত শ্বাহে এই কথাত বিশেষ গুৰুত্ব আৰোপ কৰে যে কাৰ্বন ক্ৰেডিটৰ প্ৰত্যক্ষ লাভ কৃষকসকলক বৈজ্ঞানিক আৰ্হিৰ জৰিয়তে প্ৰদান কৰা উচিত। তেওঁ দুগ্ধ সংঘ আৰু সমবায় সমিতিসমূহক শক্তিশালী কৰাৰ লগতে দুগ্ধ উদ্যোগত খাদ্য প্ৰস্তুতকৰণক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই সকলোবোৰ প্ৰচেষ্টাই কৃষকৰ আয় বৃদ্ধি কৰাই নহয় দুগ্ধ খণ্ডক অধিক বহনক্ষম আৰু পৰিৱেশ অনুকূল কৰি তোলাৰ দিশতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে সমবায় গ্ৰামোন্নয়নৰ চাবিকাঠি আৰু সমবায় দুগ্ধ খণ্ড ইয়াৰ এক ডাঙৰ উদাহৰণ, যিয়ে আমাৰ লাখ লাখ গ্ৰাম্য পৰিয়ালক জীৱিকাৰ এক গুৰুত্বপূৰ্ণ উৎস প্ৰদান কৰে। দুগ্ধ উৎপাদন আৰু বিপণনৰ জৰিয়তে ভাৰতীয় দুগ্ধ খণ্ডত দুগ্ধ সমবায়সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। এই সমিতিসমূহে ক্ষুদ্ৰ কৃষকসকলক সুস্থিৰ বজাৰ, ঋণৰ সুবিধা, পশু চিকিৎসা আৰু প্ৰজনন আদি সেৱা প্ৰদান কৰি গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাই নহয়, মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিও তেওঁলোকক সবল কৰি তুলিছে।

শ্ৰী অমিত শ্বাহে কয় যে আমি একেলগে ‘বহনক্ষমতাৰ পৰা বৃত্তাকাৰিতা’লৈ যাত্ৰা কৰিব লাগিব যিটো বহুমাত্ৰিক হ’ব আৰু আজি ব্যক্তিগত খণ্ডই যি কাম কৰি আছে সেয়া কৃষকৰ নিজা সমবায় প্ৰতিষ্ঠানে কৰিব। ইয়াৰ ভিতৰত কাৰিকৰী সেৱা, পশুৰ খাদ্য, কৃত্ৰিম প্ৰজনন, পশুৰ ৰোগ নিয়ন্ত্ৰণ, গোবৰ ব্যৱস্থাপনা আৰু দুগ্ধ আৰু সংশ্লিষ্ট খণ্ডত সংগ্ৰহৰ পৰা প্ৰক্ৰিয়াকৰণলৈকে কাৰ্য্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে।

আমুলৰ দৰে সফল সমবায় আৰ্হিৰ কথা উল্লেখ কৰি সহযোগ মন্ত্ৰীগৰাকীয়ে কয় যে “সমবায়ৰ জৰিয়তে সমৃদ্ধি”ৰ দৃষ্টিভংগী আজি বাস্তৱায়িত হৈছে আৰু ইয়াত “সমবায়ৰ সহযোগিতা”ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। তেওঁ কয় যে সহযোগিতা মন্ত্ৰালয়ে বিভিন্ন মন্ত্ৰালয় আৰু অংশীদাৰৰ সহযোগত এই সফলতাক কেৱল দুগ্ধ খণ্ডত আগুৱাই নিয়াই নহয়, গাঁও পৰ্যায়ৰ সমবায়সমূহক অন্যান্য কাম-কাজৰ সৈতে সংযোগ কৰি সম্প্ৰসাৰণ আৰু শক্তিশালী কৰি তুলিছে। মন্ত্ৰী শ্বাহে কয় যে এই সকলোবোৰ প্ৰচেষ্টাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নত ভাৰতৰ লক্ষ্য সংহতভাৱে লাভ কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে সমবায় মন্ত্ৰালয় আৰু মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে সকলো অংশীদাৰক একত্ৰিত কৰিছে যাতে এতিয়া নীতি নিৰ্ধাৰণ, বিত্তীয় সাহায্যৰ পৰা আৰম্ভ কৰি গাঁও পৰ্যায়ৰ সমবায় গঠন আৰু বহুমুখী কৰি তোলালৈকে কামবোৰ দ্ৰুত গতিত হৈ আছে। এনডিডিবিয়ে বহনক্ষমতাৰ ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰিছে আৰু তেওঁলোকে প্ৰস্তুত কৰা জৈৱ গেছ আৰু গোৱৰ ব্যৱস্থাপনা কাৰ্যসূচী আজি সমগ্ৰ দেশতে সম্প্ৰসাৰণ কৰা হৈছে। এই প্ৰক্ৰিয়া আৰু অধিক আগুৱাই নিয়াৰ প্ৰয়োজন বুলিও তেওঁ কয়।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড, নাবাৰ্ড আদি সমবায়সমূহৰ উত্থানৰ বাবে কাম কৰা জাতীয় অনুষ্ঠানসমূহক প্ৰশংসা কৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত তেওঁলোকৰ পাৰস্পৰিক সহযোগিতাই নিশ্চিতভাৱে সহযোগিতা শক্তিশালী কৰিব আৰু সমগ্ৰ ভাৰততে কৃষককেন্দ্ৰিক আঁচনি ৰূপায়ণ কৰা হ’ব বুলি কয়।

****

RK/VV/PR/PS/DB


(Release ID: 2130443)