তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতৰ বাবে বিশ্বৰ কণ্টেণ্ট হাব হোৱাৰ এক অবিশ্বাস্য সময়: শ্ৰদ্ধা কাপুৰ
ভাৰতত কণ্টেণ্ট ক্ৰিয়েচনৰ অভূতপূৰ্ব উত্থান হৈছেঃ ইনষ্টাগ্ৰামৰ মুৰব্বী
ফায়াৰচাইট আড্ডাত ট্ৰেণ্ড আৰু ভাইৰেলিটিৰ বিষয়ে আলোচনা কৰিলে ৱেভছ ২০২৫ৰ মুৰব্বী এডাম মছেৰীয়ে
Posted On:
02 MAY 2025 5:43PM
|
Location:
PIB Guwahati
প্ৰখ্যাত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে কয়, ‘আজি স্মাৰ্টফোন থকা যিকোনো ব্যক্তিয়েই কণ্টেণ্ট ক্ৰিয়েটৰ আৰু প্ৰযোজক হ’ব পাৰে আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মৰ জৰিয়তে কণ্টেণ্টৰ গণতান্ত্ৰিককৰণৰ ওপৰত আলোকপাত কৰে। ছ’চিয়েল মিডিয়াত অতি ব্যস্ততাৰ বাবে পৰিচিত শ্ৰদ্ধা কাপুৰে ভাৰতৰ পুৰণি সাধু কোৱা ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “আমি কাহিনী শুনিয়েই ডাঙৰ হৈছো—এয়া আমাৰ পৰিচয়ৰ অংশ,” তেওঁ মন্তব্য কৰে।
তেওঁ বৰ্তমানৰ মুহূৰ্তটোক ভাৰতীয় কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বাবে সোণালী যুগ বুলি অভিহিত কৰি “ভাৰত বিশ্বৰ কণ্টেণ্ট হাব হোৱাৰ এক অবিশ্বাস্য সময় বুলি কয়।” ডিজিটেল প্ৰযুক্তি, সুলভ মূল্যৰ ডাটা আৰু এক সজীৱ যুৱ জনসংখ্যাৰ উপস্থিতিক লক্ষ্য কৰি তেওঁ এই দৰে কয়। ছ’চিয়েল মিডিয়াত নিজৰ সফলতাৰ কাহিনী বৰ্ণনা কৰি শ্ৰদ্ধা কাপুৰে বিষয়বস্তুৰ প্ৰামাণ্যতাৰ শক্তিৰ ওপৰত আৰু অধিক গুৰুত্ব আৰোপ কৰে। "যেতিয়া কণ্টেণ্ট হৃদয়ৰ পৰা আহে, তেতিয়া ই স্বাভাৱিকতে মানুহৰ সৈতে সংযোগ স্থাপন কৰে। মই সদায় কৌশলগত হোৱাতকৈ প্ৰামাণিক কণ্টেণ্ট পোষ্ট কৰিবলৈ চেষ্টা কৰো," তেওঁ দৃঢ়তাৰে কয়।
শ্ৰদ্ধাই ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা মিম সংস্কৃতিৰ প্ৰভাৱৰ বিষয়ে আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মে তেওঁলোকৰ ট্ৰেণ্ডিং অডিঅ’ আৰু হেচটেগৰ সৈতে কেনেকৈ পৰৱৰ্তী প্ৰজন্মৰ দৰ্শকক আকৰ্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেই বিষয়ে উল্লেখ কৰে। ট্ৰেণ্ডবোৰ কিমান দ্ৰুতগতিত প্ৰস্তুত আৰু বিকশিত হয় আৰু প্ৰতিটো প্ৰজন্মই কেনেকৈ নিজৰ নিজৰ অনন্য কণ্ঠ বিচাৰি পায় সেয়া দেখি আচৰিত যেন লাগে।
ইনষ্টাগ্ৰাম মুৰব্বী এডাম মছেৰীয়ে কয় মেটাই বিশ্ব দৃষ্টিভংগী আগবঢ়ায় আৰু ভাৰতত ডিজিটেল কণ্টেণ্ট সৃষ্টিৰ দ্ৰুত পৰিৱৰ্তনৰ ওপৰত তেওঁৰ চিন্তাধাৰা শ্বেয়াৰ কৰে। তেওঁ ডিজিটেল আন্তঃগাঁথনিৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ কথা আঙুলিয়াই দি উল্লেখ কৰে যে কেনেকৈ তথ্যৰ হ্ৰাস আৰু দ্ৰুতবেগী ইণ্টাৰনেটৰ ব্যাপক উপলব্ধতাই কণ্টেণ্ট সৃষ্টিকৰ্তাৰ বাবে নতুন দুৱাৰ মুকলি কৰিছে। ভাৰতীয়সকলে ডিজিটেল জগতৰ সৈতে সংযোগ স্থাপনৰ ধৰণত প্ৰযুক্তিয়ে কেনেদৰে মূল ভূমিকা গ্ৰহণ কৰিছে সেই কথা স্বীকাৰ কৰি মছৰেই কয় যে ভাৰতে কণ্টেণ্ট ক্ৰিয়েচনৰ অভূতপূৰ্ব উত্থান পৰিলক্ষিত হৈছে।
ইনষ্টাগ্ৰামত উপস্থাপনৰ এক প্ৰধান মাধ্যমত পৰিণত হোৱা ৰিলছৰ দৰে দৃশ্যমান বিষয়বস্তুৰ ক্ৰমৱৰ্ধমান ধাৰাটোৰ বিষয়েও তেওঁ বিশেষভাৱে বিশদভাৱে কয়। “এটা দৃশ্যমান বিষয়বস্তু হিচাপে যিটো সহজাতভাৱে আকৰ্ষণীয় আৰু প্ৰভাৱশালী, ৰিলছে ব্যক্তিসকলক চমু আৰু প্ৰভাৱশালীভাৱে কাহিনী ক’বলৈ আৰু বিশ্বৰ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ এক সৃষ্টিশীল মঞ্চ প্ৰদান কৰিছে,” মছেৰীয়ে ব্যাখ্যা কৰে।
“সৃষ্টিশীল উপস্থাপন সক্ষম কৰি তোলাঃ পৰৱৰ্তী প্ৰজন্মই এই বিষয়বস্তু কেনেকৈ গ্ৰহণ কৰে” শীৰ্ষক কথোপকথনত অধিবেশনটো কেৱল আলোচনা নাছিল; ভাৰতৰ অপৰিসীম সৃষ্টিশীল সম্ভাৱনা আৰু পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল গল্পকাৰক সবলীকৰণৰ ক্ষেত্ৰত প্ৰযুক্তিৰ পৰিৱৰ্তনশীল ভূমিকাক উদযাপন কৰা হৈছিল। এই অধিবেশনত সংস্কৃতি, প্ৰযুক্তি আৰু সৃষ্টিশীলতাৰ সংগমই পৰৱৰ্তী প্ৰজন্মৰ বাবে বিষয়বস্তুৰ ব্যৱহাৰৰ ভৱিষ্যতক কেনেদৰে গঢ় দিব সেয়া প্ৰদৰ্শন কৰা হৈছিল কাৰণ ডিজিটেল প্লেটফৰ্মে বিষয়বস্তু সৃষ্টিক গণতান্ত্ৰিকৰণ কৰি তুলিছে।
* * *
PIB TEAM WAVES 2025 | Rajith/ Swadhin/ Lekshmipriya/ CShekhar | 149
Release ID:
(Release ID: 2127650)
| Visitor Counter:
3