তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
অমৃতাস্যঃ ৱেভছ, ২০২৫-ত মধ্যপ্ৰদেশৰ চহকী কলাত্মক লিগেচী প্ৰদৰ্শন
Posted On:
02 MAY 2025 8:23PM
|
Location:
PIB Guwahati
মুম্বাইৰ জিঅ’ বিশ্ব সন্মিলন কেন্দ্ৰ (JWCC)-ত আয়োজিত ৱেভছ, ২০২৫-ৰ দ্বিতীয় দিনা অমৃতাস্যঃ মধ্যপ্ৰদেশ-ত সাংস্কৃতিক ঐতিহ্যৰাজি থূপাই-প্ৰদৰ্শন কৰা হয়। এই প্ৰদৰ্শনৰ মাধ্যমেৰে মধ্যপ্ৰদেশৰ কলাত্মক মনোভাৱক শ্ৰদ্ধা নিবেদনেৰে ইয়াত প্ৰদৰ্শিত ৰাজ্যখনৰ বৈচিত্ৰ্যময় নৃত্য পৰম্পৰাই দৰ্শক ৰাইজক মোহিত কৰে।
ইয়াত ৰাজ্যখনৰ লোক আৰু জনজাতীয় পৰম্পৰাৰে ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপসমূহৰ আকৰ্ষণীয় সংমিশ্ৰণ ঘটে। ৰং, ছন্দ আৰু চাল-চলনেৰে সমৃদ্ধ এই প্ৰদৰ্শনে ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয়ক সূচিত কৰা পৰম্পৰাৰ অমৰ মনোভাৱক উজ্জ্বল কৰি তোলে।
ৱেভছৰ দৰ্শকসকলে নৃত্যৰ জৰিয়তে ঐতিহ্য আৰু কাহিনী কথনৰ দক্ষতাৰে সংমিশ্ৰিত অতিশয় আকৰ্ষণীয় অনুষ্ঠান প্ৰত্যক্ষ কৰে। এই অনুষ্ঠানক দেশৰ ভিন্ন প্ৰান্তৰ সাংস্কৃতিক প্ৰতিনিধি, গণ্যমান্য ব্যক্তি, কলাপ্ৰেমীসকলে ব্যাপক প্ৰশংসা কৰে।
অমৃতাস্য-ই ভাৰতৰ বৈচিত্ৰ্যময় কলাত্মক ঐতিহ্যৰ এক স্পন্দনশীল কেন্দ্ৰ হিচাপে মধ্যপ্ৰদেশৰ স্থান পুনৰ দৃঢ় কৰি ৱেভছ, ২০২৫-ৰ বিস্তৃত লক্ষ্যত এক অনুৰণিত সাংস্কৃতিক মাত্ৰা যোগ কৰে।
* * *
PIB TEAM WAVES 2025 | Rajith/ LekshmiPriya/ Ritu/ Darshana | 154 | SB
Release ID:
(Release ID: 2127389)
| Visitor Counter:
4