প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী শিৱানন্দ বাবাৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 04 MAY 2025 10:58AM by PIB Guwahati

 

‘যোগ সাধক’ তথা কাশীৰ বাসিন্দা শ্ৰী শিৱানন্দ বাবাৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে৷

তেওঁ ‘এক্স’-ৰ এটা ‘পোষ্ট’ত লিখিছে:

“যোগ সাধক তথা কাশীবাসী শিৱানন্দ বাবাৰ মৃত্যুৰ বাবে অত্যন্ত ব্যথিত হৈছোঁ। ‘যোগ আৰু সাধনা’ত সমৰ্পিত তেওঁৰ জীৱনে দেশৰ প্রতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি থাকিব। ‘যোগ’ৰ জৰিয়তে সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে তেওঁক ‘পদ্মশ্ৰী’ৰে সন্মানিতও কৰা হৈছিল।

শিৱানন্দ বাবাৰ শিৱলোকলৈ হোৱা প্ৰয়াণ আমি সকলো কাশীবাসীৰ লগতে তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হোৱা কোটি কোটি লোকৰ বাবে অপূৰণীয় ক্ষতি। মই এই দুখৰ সময়ত তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।”

 

***

MJPS/SR/KB


(रिलीज़ आईडी: 2126890) आगंतुक पटल : 33
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam