WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছত ভাৰতৰ সৃষ্টিশীল ভৱিষ্যতৰ দিকদৰ্শন কৰিলে কিৰণ মজুমদাৰ শ্ব’ৱে, ক'লে- ষ্টাৰ্টআপে ছবিৰ বাহিৰেও আন চিন্তা কৰিব লাগিব আৰু বিশ্বব্যাপী ঢৌ সৃষ্টি কৰা ব্ৰেণ্ড গঢ়ি তুলিব লাগিব

ভাৰতে পৰম্পৰা আৰু প্ৰযুক্তিৰ মিশ্ৰণেৰে নতুন কাহিনী সৃষ্টি কৰাৰ সময় আহি পৰিছে: শ্ব’

 Posted On: 02 MAY 2025 8:17PM |   Location: PIB Guwahati

 

 

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক জগতৰ অগ্ৰণী  নেত্ৰী তথা বায়’কনৰ প্ৰতিষ্ঠাপক কিৰণ মজুমদাৰ শ্ব’ৱে শুকুৰবাৰে কয় যে সৃষ্টিশীল কন্টেন্ট খণ্ডৰ সৈতে জড়িত ভাৰতীয় ষ্টাৰ্টআপসমূহে ছবিৰ বাহিৰেও আন চিন্তা কৰিব লাগিব আৰু বিশ্বব্যাপী ঢৌ সৃষ্টি কৰা ব্ৰেণ্ড, পৰিৱেশ তন্ত্ৰ আৰু বৌদ্ধিক সম্পত্তি গঢ়ি তুলিব লাগিব। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হোৱা ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES)ৰ উদ্বোধনী সংস্কৰণৰ দ্বিতীয় দিনা কথোপকথনত অনুষ্ঠানত তেওঁ এই কথা প্ৰকাশ কৰে৷

 

ফৰ্বছৰ সম্পাদক মনীত আহুজাৰ সৈতে “ভাৰতৰ উদ্ভাৱন নৱজাগৰণ: গ্ল’বেল-ফাৰ্ষ্ট ষ্টাৰ্টআপৰ পৰৱৰ্তী দশক” শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোচনা আৰম্ভ কৰি কিৰণ মজুমদাৰ শ্ব’ৱে ভাৰতীয় কাহিনীৰ বিশ্বব্যাপী থকা সম্ভাৱনাৰ বিষয়ে কয়। ৰামায়ণৰ কথা উল্লেখ কৰি তেওঁ কয়, “ভাৰতত পৰম্পৰা আৰু প্ৰযুক্তিৰ মিশ্ৰণেৰে নতুন কাহিনী সৃষ্টি কৰাৰ সময় আহি পৰিছে।যেনেকৈ জৰ্জ লুকাছে ষ্টাৰ ৱাৰ্ছৰ বাবে ভাৰতীয় মহাকাব্যৰ পৰা প্ৰেৰণা লাভ কৰিছিল, আমিও প্ৰযুক্তিৰ সহায়ত আমাৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বব্যাপী ফ্ৰেঞ্চাইজিলৈ ৰূপান্তৰিত কৰিব পাৰো।”

 

ভাৰতৰ জনগাঁথনিগত আৰু ডিজিটেল শক্তিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, "এক বিলিয়নতকৈও অধিক স্মাৰ্টফোন আৰু প্ৰযুক্তি-নিৰ্ভৰ লোকৰ সৈতে ভাৰত বিশ্বব্যাপী উদ্ভাৱনৰ বাবে সাজু হৈ পৰা এখন দেশত পৰিণত হৈছে।কিন্তু যিকোনো ব্লকবাষ্টাৰৰ দৰেই সফলতাও সদায় সৰুৰ পৰাই আৰম্ভ হয় — এটা ধাৰণা, কৌশল আৰু অদম্য মনোযোগৰ সৈতে ইয়াৰ আৰম্ভনি ঘটে।" কিদৰে গেৰেজত বায়’কন আৰম্ভ কৰি ইয়াক বিশ্বব্যাপী জৈৱ প্ৰযুক্তি শক্তি হিচাপে গঢ়ি তুলিব পাৰিছে সেই বিষয়ে  নিজৰ যাত্ৰাৰ কথাও তেওঁ উল্লেখ কৰে৷

 

 

ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে দায়িত্বত থকাসকলে তথাকথিত কমলা অৰ্থনীতিৰ বৃদ্ধিৰ বিষয়ত গুৰুত্ব দিব লাগে,  যিটোৰ সম্ভাৱনা অপৰিসীম। শ্ব’ৱে কয়, ‘সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডই আজি জিডিপিত ২০ বিলিয়ন ডলাৰৰ বৰঙণি আগবঢ়াইছে।.

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2025-05-02at8.43.18PMPKOB.jpeg

সমল সৃষ্টিকৰ্তা আৰু ষ্টাৰ্টআপৰ শক্তিশালীকৰণ

 

ভাৰতৰ সৃষ্টিশীল খণ্ড সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শ্ব’ৱে আৰ, ভি আৰ, আৰু নিমজ্জিত অভিজ্ঞতাৰ অভিসৰণক মূল বিষয় হিচাপে আলোকপাত কৰে।তেওঁ কয় “ লগতে ইউনিকৰ্ণ কেৱল এপেই নহ’ব — তেওঁলোক আইপি, টেক, আৰু উদ্ভাৱনীমূলক গল্প কথনৰ বিষয়ে বুজি পোৱা সমল সৃষ্টিকৰ্তা,” । আৰ আৰ আৰ চিনেমাত থকা জনপ্ৰিয়  নাতু নাটু গীতৰ  উদাহৰণ দি তেওঁ কয় যে ভাৰতীয় সৃষ্টিশীলতাই পৰিধিৰ বাহিৰলৈ যাব লাগিব। তেওঁ লগতে কয়, ‘ই বিশ্বব্যাপী প্ৰাসংগিক হ’ব লাগিব।

 

তেওঁ ষ্টাৰ্টআপসমূহক মৌলিকতা আৰু অধ্যৱসায়ক অন্তঃকৰণেৰে আঁকোৱালি ল'বলৈ আহ্বান জনাই তেওঁ কয়: "প্ৰতিটো ডাঙৰ ধাৰণা সৰুৰ পৰা আৰম্ভ হয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি ইয়াক কিমান দূৰলৈ লৈ যায় সেয়াহে। বিফলতা যাত্ৰাৰেই এটা অংশ।"

* * *

PIB TEAM WAVES 2025 | Rajith/ LekshmiPriya/ Riyas/ Darshana | DM


Release ID: (Release ID: 2126578)   |   Visitor Counter: 3