WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ ২০২৫ত “প্যান-ইণ্ডিয়ান চিনেমা: মিথ অৰ মমেণ্টাম” শীৰ্ষক মনোজ্ঞ পেনেল আলোচনা; ভাৰতীয় চিনেমাত ঐক্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰিলে চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ ব্যক্তিসকলে

অনুপম খেৰে ক’ভিডৰ পিছত দৰ্শকৰ ছবি উপভোগৰ পৰিৱৰ্তনশীল প্ৰৱণতাৰ বিষয়ে আলোকপাত কৰে

যেতিয়া আপুনি আমাৰ ঐতিহ্য, আমাৰ গীত, আমাৰ কাহিনী, আমাৰ মাটিক সন্মান জনায়, তেতিয়াই আপোনাৰ ছবিখন ভাৰতীয় চিনেমা হৈ পৰে: খুছবু সুন্দৰ

 Posted On: 02 MAY 2025 5:57PM |   Location: PIB Guwahati

 

 

মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হোৱা ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট,ৱেভছ ২০২৫ত “প্যান-ইণ্ডিয়ান চিনেমা: মিথ অৰ মমেণ্টাম” শীৰ্ষক এক মনোজ্ঞ পেনেল আলোচনা অনুষ্ঠিত হয়।  নমন ৰামচন্দ্ৰনে আঁত ধৰা  এই পেনেল আলোচনাত ভাৰতীয় চলচ্চিত্ৰ জগতৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তিত্ব  নাগাৰ্জুন, অনুপম খেৰ, কাৰ্তি, আৰু  খুছবু সুন্দৰে অংশগ্ৰহণ কৰি আকৰ্ষণীয়  বাৰ্তালাপেৰে অনুষ্ঠানটোক জীপাল কৰি তোলে।আলোচনাত  খুছবু সুন্দৰে দৰ্শকক সোঁৱৰাই দিয়ে যে চিনেমাৰ শক্তি ইয়াৰ আৱেগিক অনুৰণনত নিহিত হৈ থাকে। তেওঁ দৃঢ়তাৰে দি কয় যে বলীউড আৰু আঞ্চলিক চলচ্চিত্ৰ উদ্যোগৰ মাজত কোনো ধৰণৰ  বিভাজন হ’ব নালাগে, কিয়নো ভাৰতীয় ছবিসমূহ সকলো ভাৰতীয়ৰ মাজত অনুৰণন ঘটোৱাৰ উদ্দেশ্যেৰে সৃষ্টি কৰা হয়। তেওঁ কয় “যেতিয়া আপুনি আমাৰ ঐতিহ্য, আমাৰ গীত, আমাৰ কাহিনী, আমাৰ মাটি, আপোনাৰ ছবিখন আঞ্চলিক বা ৰাষ্ট্ৰীয় হিচাবে চিন্তা কৰা বন্ধ কৰি দিয়ে, তেতিয়াই    ভাৰতীয় চিনেমা হৈ পৰে” ।

 

ভাৰতৰ চলচ্চিত্ৰ নিৰ্মাণৰ সুপ্ৰাচীন চহকী সাংস্কৃতিক  পৰম্পৰাৰ কথা উল্লেখ কৰি  নাগাৰ্জুনে বহু হৃদয়স্পৰ্শী মন্তব্য কৰে। তেওঁ গল্প সৃষ্টিকৰ্তাক অনুপ্ৰাণিত কৰিব পৰাকৈ দেশত থকা অসংখ্য ভাষা, ৰীতি-নীতি আৰু প্ৰাকৃতিক দৃশ্যৰ কথা কয়৷ তেওঁ উপস্থিতসকলক সোঁৱৰাই দিলে যে নিজৰ শিপাৰ প্ৰতি গৌৰৱ অনুভৱে সৃষ্টিশীলতাক বাধা নিদিয়ে, ই ইয়াক অধিক মুক্তহে কৰে আৰু সেয়াই হৈছে ভাৰতীয় চিনেমাৰ প্ৰকৃত ভেটি

https://static.pib.gov.in/WriteReadData/userfiles/image/2-10-21E7Y.jpg

অনুষ্ঠানত  অনুপম খেৰে ক’ভিড-১৯ মহামাৰীয়ে কেনেদৰে চিনেমা উপভোগৰ ক্ষেত্ৰত দৰ্শকৰ  প্ৰৱণতাৰ পৰিৱৰ্তন ঘটাইছে সেই সন্দৰ্ভত উল্লেখ কৰে৷ তেওঁ কয় যে সেই সময়ত কেনেকৈ দৰ্শকে বিভিন্ন উৎসৰ পৰা চিনেমা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল৷ তেওঁ লগতে কয় যে তেওঁ ইয়াত বিভিন্ন অঞ্চলৰ চিনেমাৰ কথা নহয়, কেৱল ভাৰতীয় চিনেমাৰ কথাহে কৈছে। কামৰ ক্ষেত্ৰত  সত্য আৰু সততা থাকিব  লাগিব বুলি মন্তব্য কৰি তেওঁ কয়, “আপুনি ডাঙৰ পৰ্দাত পৌৰাণিক কাহিনী প্ৰচাৰ কৰক বা জীৱনক প্ৰতিফলিত কৰিব পৰা  নাটক ষ্ট্ৰীম কৰক, এইক্ষেত্ৰত গল্প কথনৰ বিষয়ত সততা আপোনাৰ আটাইতকৈ ডাঙৰ মিত্ৰ।দৰ্শকে  নানান  দৰ্শনৰ বাবে হাহাকাৰ কৰিব পাৰে, কিন্তু সততা বজাই ৰাখিলে তেওঁলোকে সদায় আন্তৰিকতাৰে শলাগ ল’ব যে ছবিত সেয়াই বিচাৰি পোৱা গৈছে৷”https://static.pib.gov.in/WriteReadData/userfiles/image/2-10-3FKFM.jpg

তেওঁ কয়  যে আজি দৰ্শকে বৈচিত্ৰ্যময় বিষয়বস্তু উপভোগৰ সুবিধা লাভ কৰিলেও তেওঁলোকে গীত-নৃত্যৰ  আৰু  মহাকাব্যৰ যাদুকৰী কাহিনীৰ আমেজ ল'বলৈ থিয়েটাৰতো ভিৰ কৰে।https://static.pib.gov.in/WriteReadData/userfiles/image/2-10-404WX.jpg

আলোচনাৰ সময়ছোৱাত পেনেলিষ্টসকলে "আঞ্চলিক" ছবিৰ ধাৰণাৰ বাহিৰলৈ গৈ ভাৰতীয় ছবিৰ ধাৰণাক আঁকোৱালি লোৱাৰ গুৰুত্বৰ বিষয়ে কয়। তেওঁলোকে  এই কথা অনুভৱ কৰে যে আৱেগ, আন্তৰিকতাৰ গুৰুত্ব আৰু ভাৰতীয় চিনেমাৰ প্ৰকৃত শক্তি বিভাজনত নহয়, আমাৰ মাটিত শিপাই থকা ঐক্যত নিহিত হৈ আছে আৰু সেই গতিবেগেই ভাৰতীয় চিনেমাক আগুৱাই নিব।

https://static.pib.gov.in/WriteReadData/userfiles/image/2-10-5I4XM.jpg

 

For official updates on realtime, please follow us:

On X :

https://x.com/WAVESummitIndia

https://x.com/MIB_India

https://x.com/PIB_India

https://x.com/PIBmumbai

On Instagram:

https://www.instagram.com/wavesummitindia

https://www.instagram.com/mib_india

https://www.instagram.com/pibindia

 

* * *

PIB TEAM WAVES 2025 | Rajith/ LekshmiPriya/ Lumpem/ Darshana | 150


Release ID: (Release ID: 2126577)   |   Visitor Counter: 5