তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতীয় মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যত সম্পৰ্কীয় ধাৰণাৰ বিনিময়ৰে সমুজ্জ্বল হৈ পৰিছে ৱেভছ ২০২৫
ভাৰতীয় মিডিয়া আৰু মনোৰঞ্জন উদ্যোগ @১০০: ৱেভছ ২০২৫ত সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ভৱিষ্যতৰ কথা পুনৰ কল্পনা
Posted On:
01 MAY 2025 7:15PM
|
Location:
PIB Guwahati
মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত ৱেভছ ২০২৫ৰ শুভ উদ্বোধনীৰ দিনটোতে "ভাৰতীয় মিডিয়া আৰু মনোৰঞ্জন উদ্যোগ @১০০: মিডিয়া আৰু এণ্টাৰটেইনমেণ্টৰ ভৱিষ্যত পুনৰ কল্পনা কৰা" শীৰ্ষক এক পেনেল আলোচনা অনুষ্ঠিত হয়। এই অধিৱেশনত উদ্যোগটোৰ আগশাৰীৰ কণ্ঠক একত্ৰিত কৰি ইয়াৰ বৃদ্ধি আৰু ভাৰতে ২০৪৭ চনৰ বিকশিত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ আগন্তুক পথৰ বিষয়ত চিন্তা-চৰ্চা কৰা হয়।
অধিৱেশনৰ আৰম্ভণিতে বনিতা কোহলী খাণ্ডেকাৰে স্মৰণ কৰে যে ২০০০ চনৰ আশে-পাশে মাত্ৰ ৫০০ কোটি টকা মূল্যৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ড এতিয়া কেনেকৈ ৭০,০০০ কোটি টকাৰ এক বিশাল উদ্যোগলৈ ৰূপান্তৰিত হৈছে। এই বিকাশত ইন্ধন যোগোৱাত দুটা নীতিগত সিদ্ধান্তৰ কথালৈ আঙুলিয়াই দি তেওঁ কয় — চলচ্চিত্ৰ নিৰ্মাণক উদ্যোগৰ মৰ্যাদা প্ৰদান আৰু মাল্টিপ্লেক্সক প্ৰদান কৰা প্ৰাৰম্ভিক কৰ ৰেহাইয়েই এনে বিকাশৰ মূল কথা। এআই-এ কেৱল বিষয়বস্তুৰ মান উন্নত কৰাই নহয়, ইয়াৰ মুদ্ৰাকৰণত সহায় কৰাৰ ক্ষমতাৰ ওপৰতো প্ৰভাৱ পেলাইছে। দেশৰ সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্য সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি তেওঁ এই কথাত আলোকপাত কৰে যে ভাৰতৰ বিভিন্ন দৰ্শকক অন্তৰ্ভুক্ত আৰু সংবেদনশীল কৰিব পৰাকৈ সৃষ্টি কৰিব লাগিব।
গ্ৰুপএমৰ পৰিচালন সঞ্চালক ভিনিট কাৰ্নিকে উল্লেখ কৰে যে আজিৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগলৈ বিজ্ঞাপনৰ ৰাজহৰ ৬০% ডিজিটেল প্লেটফৰ্মৰ পৰা আহে। তেওঁ পৰ্যবেক্ষণ কৰে যে যোৱা কেইবছৰমানৰ পৰা এই খণ্ডত যথেষ্ট পৰিৱৰ্তন ঘটিছে, যিয়ে মৌলিকভাৱে কন্টেন্টৰ ব্যৱহাৰ আৰু সেইবোৰৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত নতুন ৰূপ দিছে। এআইক শক্তিশালী অস্ত্ৰ হিচাপে স্বীকাৰ কৰি তেওঁ কয় যে বিষয়বস্তুৰ মূল ভিত্তি মানৱীয় হৈ থাকিব লাগিব—বিশেষকৈ যি সময়ত সংস্কৃতি নিজেই মোবাইল প্ৰযুক্তিৰ দ্বাৰা গঢ় লৈ উঠিছে তেনে সময়ত বিষয়বস্তুৰ মানৱীয় দৃষ্টিকোণ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। তেওঁ গল্প কথনৰ উন্নতিৰ বাবে প্ৰযুক্তিৰ গঠনমূলক ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়তো আলোকপাত কৰে আৰু ভৱিষ্যতৰ পেছাদাৰীসকলক সমৃদ্ধ কৰাৰ লক্ষ্যৰে মুম্বাই বিশ্ববিদ্যালয়ৰ প্ৰমপ্ট ইঞ্জিনিয়াৰিঙৰ নতুন পাঠ্যক্ৰমৰ বিষয়ে অৱগত কৰে।
জেট চিন্থেছিছৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰাজন নৱনীয়ে কন্টেন্ট ডেলিভাৰীৰ ভৱিষ্যতৰ বিষয়ত গুৰুত্ব আৰোপ কৰে, তেওঁৰ মতে এয়া ক্ৰছ-প্লেটফৰ্ম ইন্টাৰেক্টিভ অভিজ্ঞতালৈ বিকশিত হ’ব। তেওঁ কয় যে ভাৰতৰ হাতত বিশ্বৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ বজাৰৰ মাত্ৰ ২–৩% আছে। ২০৪৭ চনৰ ভিতৰত এই অংশ আৰু অধিক বৃদ্ধি কৰিবলৈ প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰা আৰু দেশৰ বিনিয়োগ ক্ষমতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় বুলিও তেওঁ কয়। তেওঁ উল্লেখ কৰে যে মনোৰঞ্জন খণ্ডটো ক্ৰমান্বয়ে গতিশীল হৈ পৰিছে আৰু বিভিন্ন ফৰ্মেটৰ বাবে বিভিন্ন প্ৰযুক্তিৰ প্ৰয়োজন হ’ব। মুদ্ৰাকৰণৰ ক্ষেত্ৰত তেওঁ উন্নত বজাৰৰ তুলনাত ভাৰতত এই সম্পৰ্কীয় আয় তুলনামূলকভাৱে কম হোৱাৰ কথা উল্লেখ কৰে ।তেওঁ স্থায়ী অৰ্থনৈতিক বৃদ্ধিয়ে গ্ৰাহকৰ ব্যয় বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ গ্ল’বেল ই-ক্ৰিকেট প্ৰিমিয়াৰ লীগৰ উদাহৰণ দাঙি ধৰে, য’ত দৰ্শকে ইতিমধ্যে ব্যক্তিগত ব্যৱহাৰ আৰু ইয়াৰ বাবে ধন পৰিশোধৰ কামত জড়িত হৈ পৰিছে।
ইৰ’ছ নাওৰ মুখ্য কাৰ্যবাহী বিষয়া বিক্ৰম টান্নাই ভাৰতক সংবাদ মাধ্যমত এআই উদ্ভাৱনৰ বিশ্বব্যাপী হাবত পৰিণত কৰিবলৈ আহ্বান জনায়। তেওঁ যুক্তি দিয়ে যে এআইয়ে বিষয়বস্তুৰ সৃষ্টি আৰু প্ৰদান দুয়োটাকে ৰূপান্তৰিত কৰিব, যাৰ ফলত ব্যৱহাৰকাৰীসকলে সমল সৃষ্টিকৰ্তা হোৱাৰ নতুন উপায় লাভ কৰিবলৈ সক্ষম হ’ব। তেওঁৰ মতে, ডিজিটেল যুগে অসংখ্য বিভক্তি বিন্দু উপস্থাপন কৰিব আৰু ভাৰত যাতে প্ৰতিযোগিতাত আগুৱাই থাকে তাৰ বাবে কৌশলগত হস্তক্ষেপৰ প্ৰয়োজন হৈছে। তেওঁ লগতে কয় যে নতুন প্ৰযুক্তিসমূহ সৰল কৰি—ইণ্টাৰনেটৰ দৰেই সুলভ কৰি তোলা প্ৰয়োজনীয় কথা।এনে পদক্ষেপে সংশ্লিষ্ট ব্যৱসায়ক স্বাভাৱিকতে সম্প্ৰসাৰিত কৰিব। তেওঁ অধিৱেশনৰ সামৰণিত এই কথা উল্লেখ কৰে যে, এই বিকশিত পৰিৱেশত, উদ্যোগটোৰ বাবে মেচিনৰ সৈতে কেনেকৈ জড়িত হ’ব লাগে আৰু বিজ্ঞাপন তথা দৰ্শকৰ সৈতে জড়িত হোৱাৰ বাবে বিশাল কন্টেন্টৰ ভাণ্ডাৰ ব্যৱহাৰ কৰিব লাগে সেয়া জনাটো অতি গুৰুত্বপূৰ্ণ কথা।
অধিৱেশনত ভাৰতৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ আগন্তুক দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা হয়। মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যত গঢ় দিয়াত নীতি, প্ৰযুক্তি, প্ৰতিভা, আৰু সাংস্কৃতিক প্ৰাসংগিকতাৰ আন্তঃক্ৰিয়াৰ বিষয়তো আলোকপাত কৰা হয়। উল্লেখ্য ৪ মে’লৈকে জিঅ’ ৱৰ্ল্ড চেণ্টাৰত চলিব ৱেভছ ২০২৫, য’ত দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন উদ্যোগৰ বিশ্বব্যাপী ধাৰাসমূহ সন্দৰ্ভত আলোকপাত কৰা অধিৱেশনসমূহ অনুষ্ঠিত হৈ আছে।
* * *
PIB TEAM WAVES 2025 | Rajith/ Santosh V/Lekshmipriya/ Darshana | DM
Release ID:
(Release ID: 2126124)
| Visitor Counter:
9