WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

WAVES ২০২৫ এ ভাৰতৰ ক্ৰমবিকশিত সম্প্ৰচাৰ নিয়ন্ত্ৰণৰ পৰিৱেশ আৰু ইয়াৰ ভৱিষ্যত প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰে

 Posted On: 01 MAY 2025 8:14PM |   Location: PIB Guwahati

আজি মুম্বাইত আৰম্ভ হোৱা গ্লোবেল ছামিট WAVES ২০২৫ ৰ অংশ হিচাপে অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ আলোচনাচক্ৰত সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বিকশিত পৰিৱেশ আৰু সুষম নিয়ন্ত্ৰিত পৰিকাঠামোৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।

“ডিজিটেল যুগত সম্প্ৰচাৰ নিয়ন্ত্ৰণ - মূল পৰিকাঠামো আৰু প্ৰত্যাহ্বান” শীৰ্ষক আলোচনাচক্ৰই ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ নিয়ামক সংস্থাৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। আলোচনাচক্ৰখনত উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ অধ্যক্ষ শ্ৰী অনিল কুমাৰ লাহোতী; এছিয়া-পেচিফিক ইনষ্টিটিউট ফৰ ব্ৰডকাষ্টিং ডেভেলপমেণ্ট (এআইবিডি)ৰ সঞ্চালিকা শ্ৰীমতী ফিলোমেনা জ্ঞানপ্ৰগাছাম; এছিয়া-পেচিফিক ব্ৰডকাষ্টিং ইউনিয়নৰ (এবিইউ) মহাসচিব আহমেদ নাদীম; আৰু মিডিয়াছেটৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ সঞ্চালিকা শ্ৰীমতী কেৰ’লিনা লৰেঞ্জো।

আলোচনাচক্ৰত অংশগ্ৰহণ কৰি শ্ৰী লাহোতীয়ে ১৯৯৫ চনৰ কেবল টেলিভিছন নেটৱৰ্ক (নিয়ন্ত্ৰণ) আইনখনৰ পৰা কেবল টিভিৰ ডিজিটেলাইজেচনলৈকে ভাৰতৰ নিয়ামক বিৱৰ্তন আৰু গ্ৰাহকৰ ৰুচি-অভিৰুচি তথা সেৱাৰ মানদণ্ডৰ ওপৰত TRAI ৰ বৰ্তমানৰ গুৰুত্বৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ এক ভাৰসাম্য নিৰ্ভৰ ক্ষেত্ৰ নিশ্চিত কৰাৰ দিশত TRAI য়ে চলোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে আৰু য’তেই গ্ৰাহকৰ স্বাৰ্থৰ লগত আপোচ কৰা নহয় তাতেই নিয়ন্ত্ৰণমুক্ত কৰি ৰখাৰ পোষকতা কৰে।

আলোচনা চক্ৰত অংশগ্ৰহণ কৰা বক্তাসকলে অভাৰ-দ্য-টপ (OTT) প্লেটফৰ্মৰ দ্ৰুত উত্থান আৰু ইয়াৰ দ্বাৰা সৃষ্ট জটিলতাসমূহৰ বিষয়েও আলোচনা কৰে। ২০২৪ চনত ভাৰতৰ ডিজিটেল মিডিয়াৰ বজাৰ ৯.৭ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ লগে লগে সুষম নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা সৰ্বোচ্চ হৈ পৰিছে বুলিও দোহাৰে তেওঁলোকে। শ্ৰী লাহোতীয়ে ডিজিটেল ৰেডিঅ’, সৰলীকৃত নেটৱৰ্ক আৰ্কিটেকচাৰ, আৰু ৰাষ্ট্ৰীয় সম্প্ৰচাৰ নীতিৰ বাবে ট্ৰাইৰ প্ৰস্তাৱসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

ইফালে শ্ৰীমতী জ্ঞানপ্ৰাগমে নিয়ামক বিষয়টোৰ সৈতে সংগতি ৰাখি সংবাদ মাধ্যমৰ সাক্ষৰতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। আনহাতে এছিয়া-পেচিফিক ব্ৰডকাষ্টিং ইউনিয়নৰ (এবিইউ) মহাসচিব আহমেদ নাদীমে জবাবদিহিতা নিশ্চিত কৰাৰ লগতে উদ্ভাৱনক উৎসাহিত কৰিবলৈ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। মিডিয়াছেটৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ সঞ্চালিকা শ্ৰীমতী কেৰ’লিনা লৰেঞ্জোৱে প্লেটফৰ্মৰ জবাবদিহিতাৰ সৈতে ইউৰোপৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে আৰু স্মাৰ্ট টিভিৰ দৰে প্ৰযুক্তিৰ ছফ্টৱেৰ আৰু হাৰ্ডৱেৰত নেটৱৰ্ক এফেক্টৰ শেহতীয়া প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত পেলায়।

গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে নিয়ন্ত্ৰণৰ জটিলতা হ্ৰাস কৰাৰ সমান্তৰালকৈ সংহত নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত পোষণেৰে এই আলোচনাচক্ৰৰ সামৰণি পৰে।

* * *

 

PIB TEAM WAVES 2025 | Rajith/ Navin Sreejith/ Lekshmipriya/ Darshana 


Release ID: (Release ID: 2126033)   |   Visitor Counter: 19