WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ, ২০২৫-এ ভাৰতক গ্ল’বেল এমএণ্ডই পাৱাৰহাউছলৈ ৰূপান্তৰিত কৰিছে

 Posted On: 30 APR 2025 6:43PM |   Location: PIB Guwahati

পাতনি

সৃষ্টিশীলতা, প্ৰযুক্তি আৰু কাহিনী কথনৰ এক অনন্য উদযাপন হিচাপে মুম্বাইত ১ মে-৪ মে’ত ৱেভছ, ২০২৫ (WAVES 2025) অৰ্থাৎ বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰে আয়োজন কৰা উক্ত প্ৰথম বৈশ্বিক অনুষ্ঠানত ভাৰতৰ স্পন্দনশীল মিডিয়া আৰু মনোৰঞ্জন খণ্ডক লৈ আলোচনা কৰা হ’ব। যিয়ে এই সন্মিলনৰ স্থান জিঅ’ ৱৰ্ল্ড কনভেনচন চেন্টাৰক কল্পনা, উদ্ভাৱন আৰু সুযোগৰ গতিশীল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব।

১,১০০+ আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীকে প্ৰমুখ্য কৰি ১০০,০০০ ৰো অধিক পঞ্জীয়নেৰে ৱেভছ,২০২৫-ত চলচ্চিত্ৰ নিৰ্মাতা, টেক অগ্ৰণী, ক্ৰিয়েটৰ, বিনিয়োগকাৰী আৰু উদ্যোগৰ নেতাসকলে একত্ৰিত হৈ মনোৰঞ্জনৰ ভৱিষ্যৎ গঢ় দিব। অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানৰ দৰে কিংবদন্তিসকলৰ পৰা আৰম্ভ কৰি সত্য নাডেলা আৰু সুন্দৰ পিচাইৰ দৰে টেক নেতৃত্বলৈকে এই সন্মিলনে প্ৰতিভা আৰু উচ্চাকাংক্ষাৰ শক্তিশালী প্ৰদৰ্শনত ভিন্ন খণ্ডৰ দূৰদৰ্শীসকলক একত্ৰিত কৰিব।

এয়া কেৱল এখন সন্মিলনেই নহয় — বৰঞ্চ ভাৰতক বিশ্বৰ ক্ৰিয়েটিভ আৰু ডিজিটেল পাৱাৰহাউছ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এক আন্দোলন। ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ, অত্যাধুনিক প্ৰদৰ্শনী, ষ্টাৰ্টআপ পিটচ, সাংস্কৃতিক প্ৰদৰ্শন আৰু উচ্চ-পৰ্য্যায়ৰ আলোচনা হৈছে ৱেভছ, ২০২৫-ৰ উল্লেখযোগ্য কাৰ্য্যসূচী।

ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ ছিজন ১

ভাৰতৰ কন্টেন্ট ক্ৰিয়েটৰসকলক সবলীকৰণৰ লক্ষ্যৰে ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ (CIC) হৈছে এক কৌশলগত পদক্ষেপ। উদ্ভাৱন আৰু ক্ৰিয়েটিভ প্ৰকাশৰ বাবে এখনি মঞ্চ প্ৰশস্তৰে চিআইচি-এ ভাৰতৰ ক্ৰিয়েটৰ অৰ্থনীতিক সুদৃঢ় কৰিবলৈ, ছফ্ট পাৱাৰৰ বৰ্ধন ঘটাবলৈ আৰু উদীয়মান প্ৰতিভাসমূহক বিশ্ব স্বীকৃতি প্ৰদানৰ প্ৰয়াস কৰিছে। এই পদক্ষেপে দক্ষতাৰ মুদ্ৰাকৰণক সমৰ্থন কৰে আৰু মিডিয়া তথা মনোৰঞ্জন উদ্যোগটোৰ বিকাশত অৰিহণা যোগায়।

চিআইচি-এ ক্ৰিয়েটিভ, টেক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ ৩২ অনন্য চেলেঞ্জৰ এক উত্তেজনাপূৰ্ণ লাইনআপৰ সঞ্চাৰ কৰে। ২০২৪ৰ ২২ আগষ্টত ইয়াৰ আৰম্ভণিৰ লগে-লগে ই সমগ্ৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ ব্যাপক অংশগ্ৰহণ প্ৰলুব্ধ কৰে! এই চেলেঞ্জসমূহে ৬০ খনৰো অধিক দেশৰ পৰা এন্টি আকৰ্ষণ কৰে, যিয়ে এই অগ্ৰণী পদক্ষেপৰ বৈশ্বিক আবেদন আৰু প্ৰসাৰক প্ৰতিফলিত কৰিছে। এই ব্যতিক্ৰমী প্ৰতিভাৰ পুলৰ পৰা ৭৫০ গৰাকী চূড়ান্ত প্ৰতিযোগীক ৱেভছ, ২০২৫-ৰ অংশ হিচাপে এনিমেচন, কমিক্স, এআই, এক্সআৰ, গেমিং, মিউজিক আদি ক্ষেত্ৰত উদ্ভাৱনৰ বৈশিষ্ট্যযুক্ত বিশেষভাৱে কিউৰেট কৰা প্লেটফৰ্ম ক্ৰিয়েটস্ফিয়াৰত তেওঁলোকৰ ক্ৰিয়েটিভ দক্ষতা আৰু ফলাফল প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰা হ’ব। অনুষ্ঠানৰ দ্বিতীয় দিনত ৰেড কাৰ্পেট অনুষ্ঠান। এই চেলেঞ্জসমূহৰ বিজয়ীসকলক অনুষ্ঠানৰ দ্বিতীয় দিনা অনুষ্ঠিতব্য এক গ্ৰেণ্ড ৰেড কাৰ্পেট অনুষ্ঠানত সন্মানীয় ‘ৱেভছ ক্ৰিয়েটৰ এৱাৰ্ড’ প্ৰদান কৰা হ’ব।

  1. ৱেভছ প্ৰমভিডিঅচেলেঞ্জঃ এয়া হৈছে এটা ভিডিঅ'ৰ জৰিয়তে ৱেভছ, ২০২৫-ৰ মনোভাৱ আৰু উচ্চাকাংক্ষাক সন্নিৱিষ্ট আৰু প্ৰদৰ্শন কৰা শক্তিশালী আৰু প্ৰেৰণাদায়ক দৃশ্য-শ্ৰাব্য কন্টেন্ট আৱিষ্কাৰ কৰিবলৈ ডিজাইন কৰা এক অনন্য প্ৰতিযোগিতা।

মুঠ পঞ্জীয়ন

১৬৪

চূড়ান্ত প্ৰতিযোগী

  1. ট্ৰুথ টেল হেকাথন: ইয়াৰ জৰিয়তে টেক উদ্ভাৱক, ডাটা বিশেষজ্ঞ আৰু মিডিয়া পেছাদাৰীসকলক ভুল তথ্যৰে মোকাবিলাকৰণ আৰু বিশ্বাসযোগ্য সাংবাদিকতাক প্ৰসাৰিত কৰা এআই সমাধান বিকশিত কৰিবলৈ আহ্বান জনোৱা হৈছিল।

মুঠ পঞ্জীয়ন

৫৬৫০

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

১৮৬

চূড়ান্ত প্ৰতিযোগী

  1.  কমিউনিটি ৰেডিঅকন্টেন্ট চেলেঞ্জ: এই ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতৰ কমিউনিটি ৰেডিঅ’ ষ্টেচনৰ সৃষ্টিশীলতা, উদ্ভাৱন আৰু প্ৰভাৱক উদযাপন আৰু প্ৰদৰ্শন কৰা।

মুঠ পঞ্জীয়ন

২৪৬

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

১৪

  1. ৱেভছ হেকাথন এড স্পেণ্ড অপ্টিমাইজাৰ: ইয়াত অংশগ্ৰহণকাৰীসকলে বিজ্ঞাপনদাতাক স্মাৰ্ট, ডাটা-চালিত সিদ্ধান্ত গ্ৰহণত সহায় কৰা সমাধান সৃষ্টি কৰিবলৈ ডাটা বিজ্ঞান, মেচিন লাৰ্নিং আৰু পৰিসংখ্যা মডেলিং ব্যৱহাৰৰ কাম কৰিছিল। ইয়াৰ লক্ষ্য হৈছে আৰঅ’আই সৰ্বাধিক কৰা আৰু বিপণনৰ লক্ষ্যক সমৰ্থন কৰা।

মুঠ পঞ্জীয়ন

১১৫

আন্তৰ্জাতিক পঞ্জীয়ন

  1. মেক দ্য ৱৰ্ল্ড ৱেৰ খাদী: ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ চহকী বস্ত্ৰ ঐতিহ্যৰ বৈশ্বিক ফেশ্বন ট্ৰেণ্ডৰে সংমিশ্ৰণেৰে বিজ্ঞাপন পেছাদাৰী আৰু ফ্ৰীলান্সাৰসকলক এক উত্তেজনাপূৰ্ণ চেলেঞ্জ আগবঢ়োৱা।

মুঠ পঞ্জীয়ন

৭৭০

চূড়ান্ত প্ৰতিযোগী

  1. ৱাহ উস্তাদ: ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ চহকী সাংগীতিক উত্তৰাধিকাৰক সংৰক্ষণ আৰু প্ৰচাৰৰ লগতে হিন্দুস্তানী, কৰ্ণাটকী আৰু আত্মাস্পৰ্শী চুফী সংগীতৰ ব্যতিক্ৰমী প্ৰতিভাক লালন-পালন কৰা।

মুঠ পঞ্জীয়ন

৩০০

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

  1.  বেটেল অৱ দ্য বেণ্ডছ: ইয়াৰ সৃষ্টিশীলতা আৰু সংগীতৰ সীমাবদ্ধতা দূৰ কৰিবলৈ ডিজাইন কৰা হৈছে। একে সময়তে উদ্যোগটোৰ ভিতৰত সমাজ, উদ্ভাৱন আৰু বিকাশৰ অনুভূতিক প্ৰসাৰৰ প্ৰয়াস কৰা হৈছে।

মুঠ পঞ্জীয়ন

২০০

  1.  চিম্ফনী অৱ ইণ্ডিয়া: এই অনুষ্ঠানত সংগীতপ্ৰেমীৰ বহুল ৰুচিক উদযাপনেৰে ভিন্ন ধাৰাত বৈচিত্ৰ্যময় সংগীত পৰিবেশন কৰা হয়।

মুঠ পঞ্জীয়ন

২১২

  1.  থিম সংগীত প্ৰতিযোগিতা: ইয়াৰ জৰিয়তে গীতিকাৰ, গায়ক, পৰিবেশক আৰু সংগীত সৃষ্টিকৰ্তাসকলক ভাৰতীয় শাস্ত্ৰীয় সংগীতৰে সামঞ্জস্যপূৰ্ণ বা শাস্ত্ৰীয় আৰু সমসাময়িক সংগীত বাদ্যযন্ত্ৰ আৰু শৈলীৰ সংমিশ্ৰণৰ সংগীত সৃষ্টি আৰু আদান-প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

মুঠ পঞ্জীয়ন

২১২

ৰানাৰ্ছ-আপ

বিজয়ী

  1. ৰিজনেট ইডিএম চেলেঞ্জ: ইয়াৰ জৰিয়তে ইলেক্ট্ৰনিক ডান্স মিউজিক (EDM) প্ৰযোজনাৰ ক্ষেত্ৰত বৈশ্বিক প্ৰতিভাক উদযাপনৰ লক্ষ্যৰে সংগীত প্ৰযোজনা আৰু লাইভ পৰিবেশনত সহযোগিতা, উদ্ভাৱন আৰু সৃষ্টিশীলতাক লালন-পালনৰ প্ৰয়াস কৰা হৈছে। এই পদক্ষেপ “ক্ৰিয়েট ইন ইণ্ডিয়া” অভিযানৰে সংগতিপূৰ্ণ, যিয়ে ভাৰতক বিশ্ব সৃষ্টিশীলতা আৰু মনোৰঞ্জনৰ কেন্দ্ৰ হিচাপে প্ৰদৰ্শন কৰিছে।

মুঠ পঞ্জীয়ন

৩৯৪

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

১০

চূড়ান্ত প্ৰতিযোগী

১০

  1. ইণ্ডিয়া এ বাৰ্ডছ আই ভিউ: এৰিয়েল ড্ৰোন চিনেমেটগ্ৰাফীৰ অনন্য দৃষ্টিকোণৰ পৰা দেশখনক প্ৰদৰ্শনেৰে ২-৩ মিনিটৰ ভিডিঅত ভাৰতৰ চিত্তাকৰ্ষক সৌন্দৰ্য্য আৰু বৈচিত্ৰ্যক ধৰি ৰাখিবলৈ আগ্ৰহী ড্ৰোন পাইলট আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক আমন্ত্ৰণ জনোৱা হৈছিল।

মুঠ পঞ্জীয়ন

১৩২৪

চূড়ান্ত প্ৰতিযোগী

  1. এন্টি-পাইৰেচী চেলেঞ্জ: এই প্ৰতিযোগিতাত স্থানীয় কোম্পানীসমূহে ফিংগাৰপ্ৰিন্টিং আৰু ৱাটাৰমাৰ্কিং প্ৰযুক্তিৰ ক্ষেত্ৰত সৃষ্টি কৰা উদ্ভাৱনীমূলক সমাধানসমূহক উৎসাহিতকৰণ আৰু সমৰ্থন জনোৱাত গুৰুত্ব আৰোপ কৰা হয়।

মুঠ পঞ্জীয়ন

১৬০০

চূড়ান্ত প্ৰতিযোগী

  1. কমিক্স ক্ৰিয়েটৰ চেম্পিয়নশ্বিপ: অপেশাদাৰী আৰু পেছাদাৰী শিল্পীৰ বাবে কমিক মেকিং প্ৰতিযোগিতা।

মুঠ পঞ্জীয়ন

১৫৬০

চূড়ান্ত প্ৰতিযোগী - পেছাদাৰী শিতান

ফাইনেলিষ্ট - অপেছাদাৰী শিতান

  1. ৱেভছ এনিমে আৰু মাংগা চেলেঞ্জ: এয়া ভাৰতত মাংগা আৰু এনিমেৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহক ব্যৱহাৰৰ লক্ষ্যৰে এক অভিনৱ পদক্ষেপ।

মুঠ পঞ্জীয়ন

২৪০০

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

ৰানাৰ্ছ-আপ

৩ (৫ টা ভিন্ন শিতান)

বিজয়ী

৭ (৫ টা ভিন্ন শিতান)

  1. এনিমেচন ফিল্মমেকাৰ্ছ প্ৰতিযোগিতা: ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ গল্পকাৰসকলক এনিমেচনৰ ক্ষেত্ৰত উন্মোচন কৰা আৰু তেওঁলোকৰ সবলীকৰণ।

মুঠ পঞ্জীয়ন

১২৯০

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

১৯

চূড়ান্ত প্ৰতিযোগী

৪২

  1. গেম জেম: ভাৰতৰ গেম ডেভেলপাৰসকলৰ বাবে তেওঁলোকৰ সৃষ্টিশীলতা আৰু উদ্ভাৱন প্ৰদৰ্শনৰ এক ৰোমাঞ্চকৰ সুযোগ।

মুঠ পঞ্জীয়ন

৫৫৬৯

চূড়ান্ত প্ৰতিযোগী

১০

  1. ইস্পৰ্টছ প্ৰতিযোগিতা: ইফুটবল আৰু বিশ্ব ক্ৰিকেট চেম্পিয়নশ্বিপৰ (WCC) প্ৰতিযোগিতাসমূহ বেচত অনুষ্ঠিত হয়।

মুঠ পঞ্জীয়ন

৩৫০০৮

চূড়ান্ত প্ৰতিযোগী (সকলো পৰ্য্যায়)

১০

  1. চিটি কুৱেষ্টঃ শ্বেডছ অৱ ভাৰত: ভাৰতৰ নগৰ উন্নয়নক উদযাপনৰ বাবে এক শিক্ষামূলক খেল।

মুঠ পঞ্জীয়ন

২৫৯৪

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

১৫

  1. এক্সআৰ ক্ৰিয়েটৰ হেকাথন: ইয়াৰ জৰিয়তে সমগ্ৰ ভাৰতৰ ডেভেলপাৰসকলক বৰ্ধিত আৰু ভাৰ্চুৱেল ৰিয়েলিটিৰ সীমাবদ্ধতা দূৰ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।

মুঠ পঞ্জীয়ন

২২০৫

বিজয়ী (সকলো বিষয়বস্তু)

  1. ইনভেট২এডুকেট হেণ্ডহেল্ড ডিভাইছ চেলেঞ্জ: ইয়াৰ জৰিয়তে শৈক্ষিক মহল, ডিজাইনাৰ, অভিযন্তা আৰু উদ্ভাৱকসকলক এটা শিক্ষামূলক হেণ্ডহেল্ড ডিভাইচৰ আৰ্হি প্ৰস্তুত কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল, যিয়ে গণিত শিক্ষণ, প্ৰহেলিকা সমাধান আৰু জ্ঞানমূলক দক্ষতা বৃদ্ধি প্ৰক্ৰিয়াক আনন্দপূৰ্ণ আৰু মনোগ্ৰাহী কৰি তোলে।

মুঠ পঞ্জীয়ন

১৮২৬

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

৫১৩

চূড়ান্ত প্ৰতিযোগী

১০

  1. এআই অৱতাৰ ক্ৰিয়েটৰ চেলেঞ্জ: এই চেলেঞ্জে এআই অৱতাৰ সৃষ্টিত গুৰুত্ব আৰোপ কৰেঃ ব্যক্তিগতকৃত, ইন্টাৰেক্টিভ ডিজিটেল ব্যক্তিত্ব যিসকল ভাৰ্চুৱেল স্থানত মানৱ প্ৰভাৱশালীৰ দৰে ইউজাৰৰ সৈতে জড়িত হয়।

মুঠ পঞ্জীয়ন

১৩২৪

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

১০০

  1. ৱেভছ এৱাৰ্ড অৱ এক্সেলেন্স: এয়া হৈছে এনিমেচন, ভিএফএক্স, গেমিং আৰু আনুষংগিক ক্ষেত্ৰত অসাধাৰণ শ্ব'ৰিল আৰু এডফিল্মক স্বীকৃতি প্ৰদান কৰা এক সন্মানীয় প্ৰতিযোগিতা। ইয়াৰ জৰিয়তে সৃষ্টিশীলতা আৰু উদ্ভাৱনক উদযাপন কৰা হৈছে।

মুঠ পঞ্জীয়ন

১৩৩১

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

৬৩

  1. ভাৰত টেক ট্ৰিউম্ফ প্ৰগ্ৰেম: শীৰ্ষ গেমিং আৰু ইন্টাৰেক্টিভ মনোৰঞ্জন উদ্ভাৱকক চিনাক্ত আৰু সবলীকৰণৰ বাবে এক প্ৰতিযোগিতা।

মুঠ পঞ্জীয়ন

১০৭৮

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

১২

বিজয়ী

২০

 

  1. ৱেভছ ভিএফএক্স প্ৰতিযোগিতা: অংশগ্ৰহণকাৰীসকলক অসাধাৰণ শক্তি থকা এজন ছুপাৰহিৰক লৈ ভিজুৱেল ইফেক্টছ ছিকুৱেন্স বা চুটি ছবি নিৰ্মাণৰ দায়িত্ব প্ৰদানেৰে দৈনন্দিন, জাগতিক জীৱনৰ প্ৰেক্ষাপটত ব্যৱহাৰৰ উপযোগীকৈ যুগুত কৰিবলৈ কোৱা হৈছিল।

মুঠ পঞ্জীয়ন

১৩৬৭

চূড়ান্ত প্ৰতিযোগী

১৪

  1. ৱেভছ কমিক ক্ৰনিকলছ: এই প্ৰতিযোগিতাত যিকোনো নিৰ্বাচিত থিমৰ ওপৰত কমিক যুগুতৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। ইয়াৰ বাবে ন্যূনতম ৬০ পেনেলৰ প্ৰয়োজন হৈছিল, প্ৰতিটো ছবি বা দৃশ্যই এটা পেনেলক প্ৰতিনিধিত্ব কৰে।

মুঠ পঞ্জীয়ন

১১৪৫

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

৬২

চূড়ান্ত প্ৰতিযোগী

৫০ (সাধাৰণ আৰু ষ্টুডেন্ট ট্ৰেক উভয়তে)

 

  1. ৱেভছ এক্সপ্লৰাৰ: ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু সৃষ্টিশীলতাক প্ৰদৰ্শনৰ বাবে অংশগ্ৰহণকাৰীসকলক এক মনোমোহা যাত্ৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। অংশগ্ৰহণকাৰীসকলে ভাৰতৰ প্ৰিয় দিশসমূহত আলোকপাতেৰে ইউটিউব ভিডিঅ’ (১ মিনিটলৈকে) বা ভিল’গ (৭ মিনিটলৈকে) প্ৰস্তুত কৰিছিল।

মুঠ পঞ্জীয়ন

৬৯৩২

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

৩০

 

  1. ৰিল মেকিং প্ৰতিযোগিতা: অংশগ্ৰহণকাৰীসকলক খাদ্য, ভ্ৰমণ, ফেশ্বন, নৃত্য, সংগীত, গেমিং, যোগাসন আৰু সুস্থতা আৰু টেক আদি বিষয়বস্তুৰ ওপৰত আকৰ্ষণীয় ৰিল প্ৰস্তুত কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

মুঠ পঞ্জীয়ন

৭৮১২

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

৫৫

  1. ইয়ং ফিল্মমেকাৰ চেলেঞ্জ: এই প্ৰতিযোগিতাৰ লক্ষ্য আছিল ৬০-ছেকেণ্ডৰ সংক্ষিপ্ত চলচ্চিত্ৰ আৰ্হিৰ জৰিয়তে যুৱ অংশগ্ৰহণকাৰীসকলৰ মাজত উদ্ভাৱন, কাহিনী কথনৰ দক্ষতা আৰু ডিজিটেল সাক্ষৰতাৰ বৰ্ধন ঘটোৱা।

মুঠ পঞ্জীয়ন

৯০৫

আন্তৰ্জাতিক পঞ্জীয়ন

 

  1. ফিল্ম পষ্টাৰ মেকিং প্ৰতিযোগিতা: এয়া হৈছে ভাৰতৰ চহকী ফিল্ম পষ্টাৰ ঐতিহ্যক উদযাপন আৰু প্ৰচাৰৰ বাবে উদ্ভাৱনীমূলক আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় পুনৰ কল্পনা কৰা ফিল্ম পষ্টাৰ যুগুতৰ এক অনন্য সুযোগ।

মুঠ পঞ্জীয়ন

৫৪৩

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

২৯

চূড়ান্ত প্ৰতিযোগী

৫০

বিজয়ী

  1. ট্ৰেইলাৰ মেকিং প্ৰতিযোগিতা: অভিজ্ঞ আৰু উদীয়মান উভয় চলচ্চিত্ৰ নিৰ্মাতাকে নেটফ্লিক্সৰ বিষয়বস্তু ব্যৱহাৰেৰে আকৰ্ষণীয় ট্ৰেইলাৰ প্ৰস্তুত কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল, যিয়ে আইকনিক দৃশ্যসমূহ পুনৰ কল্পনাৰ সুযোগ প্ৰদানেৰে সতেজ দৃষ্টিভংগীক উজ্জ্বল কৰি তুলিছিল।

মুঠ পঞ্জীয়ন

৩৫০০

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

৩৬

চূড়ান্ত প্ৰতিযোগী

২০

  1. আনৰিয়েল চিনেমেটিক্স চেলেঞ্জ: টিভিএজিএ-ৰ আনৰিয়েল চিনেমেটিক্স চেলেঞ্জে শিল্পী, এনিমেটৰ আৰু কন্টেন্ট ক্ৰিয়েটৰসকলক আনৰিয়েল ইঞ্জিনৰ ব্যৱহাৰেৰে তেওঁলোকৰ কাহিনী কথন আৰু কাৰিকৰী দক্ষতা প্ৰদৰ্শনৰ এখনি মঞ্চ প্ৰদান কৰে।

মুঠ পঞ্জীয়ন

৭০০

আন্তৰ্জাতিক পঞ্জীয়ন

  1. ৱেভছ কছপ্লেচেম্পিয়নশ্বিপ: এয়া পপ সংস্কৃতি, সৃষ্টিশীলতা আৰু কাৰুকাৰ্য্যৰ এক বিশাল উদযাপন, চূড়ান্ত দিনটোত অংশগ্ৰহণকাৰীসকলে একত্ৰিত হৈ নিজৰ প্ৰতিভাৰাজি প্ৰদৰ্শন কৰিব। ইয়াত ভাৰতীয় ইতিহাস, মাংগা, এনিমে, কমিকছ আৰু গেমৰ দৰে ধাৰাসমূহত আলোকপাত কৰা হৈছে।

মুঠ পঞ্জীয়ন

৫১৩

আন্তঃৰাষ্ট্ৰীয় পঞ্জীয়ন

চূড়ান্ত প্ৰতিযোগী

২৯

 

সামৰণি

ৱেভছ, ২০২৫-ত সমগ্ৰ বিশ্বৰ হাজাৰ-হাজাৰ অংশগ্ৰহণকাৰী একত্ৰিত হৈ নিজৰ সৃষ্টিশীলতা, উদ্ভাৱন আৰু প্ৰতিভাৰাজি প্ৰদৰ্শন কৰিব। বৈচিত্ৰ্যময় চেলেঞ্জ আৰু সহযোগিতাৰ বাবে এক অতুলনীয় মঞ্চৰে ৱেভছ ভাৰতৰ মিডিয়া আৰু মনোৰঞ্জনৰ পৰিবেশৰ ভৱিষ্যতত স্থায়ী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সাজু হৈছে।

প্ৰসংগ

https://cic.wavesindia.org/cic-dashboard/

https://wavesindia.org/challenges-2025

https://pib.gov.in/PressReleasePage.aspx?PRID=2122688

পিডিএফ ফাইলৰ বাবে ইয়াত ক্লিক কৰক

****

Santosh Kumar/ Sarla Meena/ Kamna Lakaria/ Priya Nagar


Release ID: (Release ID: 2125644)   |   Visitor Counter: 17