পোষ্ট কৰা হৈছে:
30 APR 2025 9:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।
‘পিএমঅ' ইণ্ডিয়া’ই ‘এক্স-হেণ্ডেল’ত প্ৰেৰণ কৰা ‘পোষ্ট’ত কয়:
"কলকাতাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে দুখ প্ৰকাশ কৰিছোঁ। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।
প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী @narendramodi"
***
MJPS/SR/KB