WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ ২০২৫ এনিমেচন ফিল্ম প্ৰতিযোগিতাৰ ফাইনেলত জিলিকি উঠিল ওড়িশাৰ দুই প্ৰতিভা

জাজপুৰৰ ভাগ্যশ্ৰী সতপথী আৰু ভুৱনেশ্বৰৰ ঋষভ মহন্তই নিজৰ সৃষ্টিশীল প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে

 Posted On: 26 APR 2025 8:19PM |   Location: PIB Guwahati

মে পৰা মেলৈ মুম্বাইত অনুষ্ঠিত বলগীয়া ৱৰ্ল্ড অডিঅভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES 2025) ভাৰতৰ উদীয়মান সৃষ্টিশীল প্ৰতিভাৰ বাবে এক আকৰ্ষণীয়  মঞ্চ হিচাপে পৰিগণিত হৈছে। ৱেভছৰ অধীনত এনিমেচন চলচ্চিত্ৰ নিৰ্মাতা প্ৰতিযোগিতাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হোৱা ৪২ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত ওড়িশাৰ দুগৰাকী যুৱ প্ৰতিভা ক্ৰমে জাজপুৰৰ ভাগ্যশ্ৰী সতপথী আৰু ভুৱনেশ্বৰৰ ঋষভ মহন্তই  স্থান দখল কৰিবলৈ সক্ষম হৈছে।

 

জাজপুৰৰ ধৰ্মশালাৰ ২২ বছৰীয়া চলচ্চিত্ৰ নিৰ্মাতা তথা এনিমেচন শিল্পী ভাগ্যশ্ৰী সতপথীয়ে বৰ্তমান আহমেদাবাদৰ নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইন (এন আই ডি) অধ্যয়ন কৰি আছে। ভাৰতীয় পৌৰাণিক কাহিনী আৰু আঞ্চলিক লোককথাৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত ভাগ্যশ্ৰীৰ সৃষ্টিয়ে সমসাময়িক বিষয়বস্তুৰ চিত্ৰায়নেৰে  পৰম্পৰাগত আখ্যানসমূহক পুনৰ  জীৱন্ত কৰি তুলিছে।

 

তেওঁৰ  চূড়ান্ত প্ৰকল্প "পাছা" হৈছে পৌৰাণিক কাহিনীক নাটকৰ সৈতে সংমিশ্ৰিত কৰাৰ  এটা ধাৰণা। যিয়ে শোষণ , লিংগ বৈষম্য আৰু নিয়ন্ত্ৰণ আদি বিষয়সমূহৰ অন্বেষণ কৰিছছে। ইয়াৰ পূৰ্বে ভাগ্যশ্ৰীয়ে হেপি বাৰ্থডে তাৰাৰ দৰে উল্লেখযোগ্য সৃষ্টিৰ লগতে ওড়িশাৰ  চিল্কা হ্ৰদৰ আধাৰত নিৰ্মিত এখন তথ্যচিত্ৰ  মা কালিজাই অব চিল্কা লেক  পৰিচালনা কৰিছিল।

 

তেওঁৰ সৈতে জিলিকি উঠিছে এন আই ডি আহমেদাবাদৰ সহযোগী ছাত্ৰ ভুৱনেশ্বৰৰ ঋষভ মহন্তই, যিয়ে তেওঁৰ এনিমেচন তথ্যচিত্ৰ ছবি "খাট্টি" জৰিয়তে ফাইনেলত স্থান অৰ্জন কৰিছে। তেওঁৰ কামে গল্প কথন আৰু দৃশ্যগত আখ্যানৰ গভীৰ বুজাবুজি প্ৰতিফলিত কৰাৰ লগতে  প্ৰামাণিক আৰু আকৰ্ষণীয়  মাধ্যম হিচাপে এনিমেচনৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে।

 

ৱেভছ ২০২৫ত চূড়ান্ত প্ৰতিযোগীসকলে আন্তঃৰাষ্ট্ৰীয় বিচাৰক আৰু বিশ্ব মনোৰঞ্জন উদ্যোগৰ শীৰ্ষ ব্যক্তিত্বৰ এক সন্মানীয় পেনেলৰ সন্মুখত নিজৰ প্ৰকল্পসমূহ উপস্থাপন কৰিব। প্ৰতিযোগিতাখনে এক উল্লেখযোগ্য সুযোগ প্ৰদান কৰিছে: শীৰ্ষ তিনিজন বিজয়ীয়ে প্ৰত্যেকেই লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰিব। তদুপৰি এই অনুষ্ঠানে ভাৰতৰ এনিমেচন আৰু ভিএফএক্স উদ্যোগৰ অপৰিসীম অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়তো আলোকপাত কৰিছে, এখন এনিমেটেড বৈশিষ্ট্যপূৰ্ণ ছবিয়ে ১০০ৰ পৰা ৩০০জন পেছাদাৰী লোকৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰে।

ৱেভছ ২০২৫- কেৱল ভাৰতৰ সৃষ্টিশীল প্ৰতিভাক উদযাপন কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক উৎসাহিত কৰাৰ লগতে ভাৰতক এনিমেচন আৰু মনোৰঞ্জনৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰচাৰ কৰাৰ লক্ষ্যও স্থিৰ কৰিছে।

 

নিজৰ অনন্য গল্প কথন শৈলী আৰু উদ্ভাৱনী ধাৰণাৰে ভাগ্যশ্ৰী সতপথী আৰু ঋষভ মহন্তই ৰাষ্ট্ৰীয় মঞ্চত ওড়িশাক গৌৰৱান্বিত কৰিবলৈ সাজু হৈছে।

 

******

 

P.S/Swadhin/DM


Release ID: (Release ID: 2124764)   |   Visitor Counter: 5