বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

জিএছটি পঞ্জীয়নৰ আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে সংশোধিত নিৰ্দেশনা জাৰি কৰিলে চিবিআইচিয়ে


সংশোধিত নিৰ্দেশনাই কৰদাতাসকলৰ বোজা হ্ৰাস কৰিব আৰু স্বচ্ছতাৰ সুবিধা প্ৰদান কৰিব

Posted On: 18 APR 2025 11:37AM by PIB Guwahati

জিএছটি পঞ্জীয়ন প্ৰক্ৰিয়াৰ সময়ত আবেদনকাৰীসকলে সন্মুখীন হোৱা অসুবিধা সন্দৰ্ভত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক বিভাগে (চিবিআইচি)বহু  অভিযোগ লাভ কৰিছে। এনে অভিযোগসমূহ মুখ্যতঃ আবেদনৰ সময়ত  অতিৰিক্ত নথি পত্ৰ বিচৰাৰ লগতে বিষয়াসকলে কৰা নানান প্ৰশ্নকলৈ উত্থাপন হৈ আহিছে।

 

এই অভিযোগসমূহ সমাধানৰ বাবে আৰু জিএছটি পঞ্জীয়ন প্ৰক্ৰিয়া উজু তথা মসৃন  কৰাৰ বাবে চিবিআইচিয়ে ১৭ এপ্ৰিল, ২০২৫ তাৰিখে (নিৰ্দেশনা নং ০৩/২০২৫-জিএছটি) বিষয়াসকলক জিএছটি পঞ্জীয়নৰ আবেদন প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত বিশেষ  নিৰ্দেশ প্ৰদান কৰিছে। এইক্ষেত্ৰত পঞ্জীয়ন আবেদন প্ৰ-পত্ৰত দিয়া নথি-পত্ৰৰ নিৰ্ধাৰিত তালিকা কঠোৰভাৱে মানি চলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। পঞ্জীয়ন আবেদন প্ৰ-পত্ৰৰ সৈতে আপলোড কৰিবলগীয়া নিৰ্দিষ্ট ক্ষেত্ৰত প্ৰয়োজনীয় নথি-পত্ৰ সন্দৰ্ভতো নিৰ্দেশনাত উল্লেখ কৰা হৈছে। বিষয়াসকলক অনুমানিক ভিত্তি, সৰু সৰু অমিলৰ ভিত্তিত বা আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে অপৰিহাৰ্য নোহোৱা অতিৰিক্ত নথি-পত্ৰৰ বাবে জাননী জাৰি নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তালিকাভুক্ত নথি-পত্ৰৰ বাহিৰেও নথি-পত্ৰ বিচৰাৰ প্ৰয়োজন হোৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট উপ/সহায়ক আয়ুক্তৰ অনুমোদন ল’বলৈও বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

 

মাণ্ডলিক প্ৰধান মুখ্য আয়ুক্ত/মুখ্য আয়ুক্তসকলক য’তেই প্ৰয়োজন হয়, তাতেই নিবিড়ভাৱে নিৰীক্ষণ আৰু উপযুক্ত বাণিজ্যিক জাননী জাৰি কৰাৰ ব্যৱস্থা  কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই নিৰ্দেশনা সঠিকভাবে পালন নকৰা বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও পৰামৰ্শ দিয়া হৈছে।ন কৰা প্ৰশ্নৰ বাবে বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগৰ কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডে কেইবাটাও অভিযোগ লাভ কৰিছে।

ইয়াৰ ফলত জিএছটি পঞ্জীয়ন লাভ কৰা, অনুপালনৰ বোজা হ্ৰাস কৰা আৰু ব্যৱসায়ত সহজতা বৃদ্ধি কৰাত অধিক সহায় হ'ব।

 

বিতং নিৰ্দেশনাৰ বাবে অনুগ্ৰহ কৰি তলত দিয়া লিংকসমূহ অনুসৰণ কৰক:

 

HTTPS://TAXINFORMATION.CBIC.GOV.IN/VIEW-PDF/1000532/ENG/INSTRUCTIONS

CLICK HERE FOR ALTERNATE LINK OF INSTRUCTION NO. 03/2025-GST

****

NB/KMN/DM


(Release ID: 2122740) Visitor Counter : 45