প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

যমুনা নদী পৰিস্কাৰ কৰি পুনৰুজ্জীৱিত কৰা প্ৰক্ৰিয়া সন্দৰ্ভত আয়োজিত বৈঠকত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা

Posted On: 17 APR 2025 10:51PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কালি যমুনা নদী পৰিষ্কাৰ আৰু পুনৰুজ্জীৱিত কৰাৰ লগতে দিল্লীৰ খোৱাপানী সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। তেওঁ কয় যে কেন্দ্ৰই দিল্লী চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি দিল্লীৰ জনসাধাৰণৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি আৰু ‘জীৱন নিৰ্বাহৰ সুচলতা’ নিশ্চিত কৰাৰ কাম কৰি যাব।

এই সন্দৰ্ভত তেওঁ এক্সত এটা পোষ্টযোগে উল্লেখ কৰিছে -

“কালি, যমুনা পৰিষ্কাৰ আৰু পুনৰুজ্জীৱিত কৰাৰ লগতে দিল্লীৰ খোৱাপানী সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ ওপৰত এখন বৈঠকত অধ্যক্ষতা কৰো। কেন্দ্ৰই দিল্লী চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি দিল্লীৰ মোৰ আদৰৰ ভাতৃ-ভগ্নীসকলৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি আৰু ‘জীৱন নিৰ্বাহৰ সুচলতা’ নিশ্চিত কৰাৰ কাম কৰি যাব।”

***

MJPS/SR


(Release ID: 2122736)