প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডেৰিকচেনৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ লগতে বিশ্বব্যাপী উন্নয়নৰ বিষয়ে আলোচনা দুয়োগৰাকী বিশ্বনেতাৰ

আগন্তুক ভাৰত-নৰ্ডিক সন্মিলনৰ বিষয়বোৰ সন্দৰ্ভত দুয়োগৰাকী নেতাই নৰৱেত মিলিত হোৱাৰ বাবে উদগ্ৰীৱ হৈ আছিল

प्रविष्टि तिथि: 15 APR 2025 6:02PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ লগতে বিশ্বৰ উন্নয়নৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।

২০২০ চনত সেউজ কৌশলগত অংশীদাৰিত্ব আৰম্ভ হোৱাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ আদান-প্ৰদান শক্তিশালী হোৱাৰ কথা স্বীকাৰ কৰে দুয়োগৰাকী নেতাই। তেওঁলোকে বিভিন্ন খণ্ডত অংশীদাৰিত্বৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰে, যিয়ে সেউজ পৰিৱৰ্তনক সমৰ্থন কৰিবলৈ ভাৰতত ডেনমাৰ্কৰ বিনিয়োগে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ চলিত বৰ্ষৰ শেষৰ ফালে নৰৱেত অনুষ্ঠিত হ’বলগীয়া তৃতীয় ভাৰত-নৰ্ডিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সেই সময়তে প্ৰধানমন্ত্ৰী ফ্ৰেডেৰিকচেনৰ সৈতে তেওঁৰ বৈঠকৰ বাবেও আগ্ৰহী হৈ আছে।

***

MJPS/SR/SKS


(रिलीज़ आईडी: 2122733) आगंतुक पटल : 62
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam