প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী হৰিশভাই নায়কৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
12 APR 2025 2:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক শ্ৰী হৰিশভাই নায়কৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে সেৱামূলক কাৰ্যকলাপ আৰু সাংগঠনিক কামত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।
‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
“ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰ্ষীয়ান প্রচাৰক শ্ৰী হৰিষভাই নায়কৰ দেহাৱসানত বেদনাহত হৈছোঁ। সেৱামূলক কাৰ্যকলাপ আৰু সংগঠনিক কাৰ্যসমূহত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। উল্লেখযোগ্য যে তেওঁ তেওঁৰ সমগ্ৰ জীৱন দেশৰ বাবে সমৰ্পিত কৰিছিল আৰু মৃত্যুৰ পাছতো তেওঁৰ ইচ্ছা অনুসৰি ভৱিষ্যতৰ শিক্ষাৰ বাবে দেহদান কৰা হৈছে। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি প্ৰদান কৰক...
ঔঁ শান্তি...!!”
***
MJPS/SR/KB
(रिलीज़ आईडी: 2121370)
आगंतुक पटल : 41
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam