কেবিনেট
azadi ka amrit mahotsav

কেবিনেটে ২০২৫-২০২৬ৰ বাবে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ উপ-আঁচনি হিচাপে কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ আধুনিকীকৰণত অনুমোদন জনায়

Posted On: 09 APR 2025 3:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২০২৬ৰ বাবে ১৬০০ কোটি টকা প্ৰাৰম্ভিক মুঠ ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা (PMKSY)-ৰ উপ-আঁচনি হিচাপে কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ আধুনিকীকৰণ (M-CADWM)ত অনুমোদন জনায়।

এই আঁচনিৰ লক্ষ্য হৈছে জলসিঞ্চন পানী যোগান নেটৱৰ্কৰ আধুনিকীকৰণেৰে বৰ্তমানৰ খাল বা আন-আন উৎসৰপৰা নিৰ্দিষ্ট ক্লাষ্টাৰত জলসিঞ্চনৰ পানী যোগান ধৰা। ই মাটিৰ তলেদি চাপযুক্ত পাইপ জলসিঞ্চনেৰে প্ৰতিষ্ঠিত উৎসৰ পৰা ১ হেক্টৰ পৰ্য্যন্ত ফাৰ্ম গেটলৈকে ক্ষুদ্ৰ-জলসিঞ্চনৰ বাবে ব্যাপক বেকএণ্ড আন্তঃগাঁথনি গঢ়ি তুলিব। এছচিএডিএ, ইন্টাৰনেট অৱ থিংগছ প্ৰযুক্তিৰ ব্যৱহাৰেৰে পানীৰ হিচাপ আৰু পানী ব্যৱস্থাপনাক ফলপ্ৰসূ কৰি তোলা হ’ব। ইয়াৰ ফলত ফাৰ্ম পৰ্য্যায়ত পানী ব্যৱহাৰৰ দক্ষতা (WUE)ৰ বৰ্ধন ঘটিব, কৃষি উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধি পাব তথা কৃষকৰ আয় বৃদ্ধি হ’ব।

জলসিঞ্চনৰ সম্পত্তিৰ ব্যৱস্থাপনাৰ বাবে জল ব্যৱহাৰকাৰী সংস্থা (WUS)লৈ জলসিঞ্চন ব্যৱস্থাপনা স্থানান্তৰ (IMT)ৰ জৰিয়তে এই প্ৰকল্পসমূহক বহনক্ষম কৰি তোলা হ’ব। পানী ব্যৱহাৰকাৰী সমিতিসমূহক পাঁচ বছৰৰ বাবে এফপিঅ’ বা পেকছ-ৰ দৰে বৰ্তমানৰ অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে সংযোগৰ অৰ্থে সহায় আগবঢ়োৱা হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত কৃষি-কাৰ্য্যত জলসিঞ্চনৰ আধুনিক পদ্ধতিৰ অভিযোজনা কৰিবলৈ যুৱ সমাজো আকৰ্ষিত হ’ব।

দেশৰ ভিন্ন কৃষি জলবায়ু মণ্ডলত পাইলট প্ৰকল্প গ্ৰহণৰ বাবে উক্ত প্ৰাৰম্ভিক অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পসমূহৰ ডিজাইন আৰু গঠনত শিক্ষণৰ ভিত্তিত ১৬ সংখ্যক বিত্ত আয়োগৰ সময়ছোৱাৰ বাবে ২০২৬-ৰ এপ্ৰিলৰ পৰা কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় পৰিকল্পনা আৰম্ভ কৰা হ’ব।

***

MJPS/SKS/SB


(Release ID: 2120464) Visitor Counter : 30