আয়ুষ
azadi ka amrit mahotsav

‘হৰিৎ যোগ’-এ ব্যক্তিগত স্বাস্থ্য আৰু গ্ৰহটোৰ স্বাস্থ্য উভয়কে উজ্জ্বীৱিত কৰি ৰাখেঃ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপ ৰাও যাদৱ

আজি আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰীযুত প্ৰতাপৰাও যাদৱৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে মুকলি কৰা বিশেষ অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম আছিল ‘হৰিৎ যোগ’

হৰিৎ যোগৰ শুভাৰম্ভ: যোগে আইডিৱাই ২০২৫ৰ ৭৫ সংখ্যক কাউণ্টডাউনত ব্যক্তিগত স্বাস্থ্যক গ্ৰহটোৰ স্বাস্থ্যৰ সৈতে একত্ৰিত কৰে

ওড়িশা যোগ সংযোগঃ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত ৬০০০ৰো অধিক যোগ অনুৰাগীয়ে চি ৱাই পি অনুশীলন কৰে

যোগ অনুৰাগীসকলৰ মাজত ৫০০০ৰো অধিক ঔষধি উদ্ভিদ বিতৰণ কৰা হয়

Posted On: 07 APR 2025 11:58AM by PIB Guwahati

আজি কলিংগ ষ্টেডিয়ামত ৬০০০ৰো অধিক যোগ অনুৰাগীয়ে কমন যোগ প্ৰট’কলৰ অনুশীলন কৰে। ফলত ভুৱনেশ্বৰে এক বৃহৎ উদযাপনৰ সাক্ষী হৈ পৰে। আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উদযাপন কৰা বিশেষ অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম হৈছে ‘হৰিৎ যোগ’। অনুষ্ঠানৰ প্ৰাৰম্ভতে আয়ুষৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত প্ৰতাপ ৰাও যাদৱে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে  ঔষধি উদ্ভিদ ৰোপণ কৰি বিশেষ অনুষ্ঠানসমূহৰ  শুভাৰম্ভণি কৰে অনুষ্ঠানত সকলো যোগ অনুৰাগীক ঔষধি উদ্ভিদ বিতৰণ কৰা হয়।

 

এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ আগবঢ়াই  সন্মানীয় মন্ত্ৰীগৰাকীয়ে  কয়, “যোৱা ১০ বছৰত যোগে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছে আৰু এতিয়া এক বিশ্বব্যাপী  জনপ্ৰিয় বিষয়ত পৰিণত হৈছে।২০২৫ চনৰ ৩০ মাৰ্চত মন কি বাত অনুষ্ঠানৰ ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৈনন্দিন জীৱনত ফিটনেছৰ গুৰুত্বৰ বিষয়ত আলোকপাত  কৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দৰে পদক্ষেপৰ প্ৰশংসা কৰিছিল।বিশ্বৰ এক স্বাস্থ্যৱান জনসংখ্যাৰ বাবে ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি  প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ৰ বিষয়বস্তুক 'এক পৃথিৱীৰ বাবে যোগ এক স্বাস্থ্য' বুলি উল্লেখ কৰিছিল  এই বিষয়টোৱে সমগ্ৰ বিশ্বৰ বাবে সামগ্ৰিক স্বাস্থ্য নিশ্চিত কৰিছে।"।

‘হৰিৎ যোগ’ৰ বিষয়ে ক'বলৈ গৈ মাননীয় মন্ত্ৰীগৰাকীয়ে কয়  যে, "আমাৰ স্বাস্থ্যৰ লগতে আমাৰ গ্ৰহটোৰ স্বাস্থ্যৰ সৈতে ‘হৰিৎ যোগ’ অবিচ্ছেদ্যভাৱে জড়িত। যোগে যেনেকৈ আমাৰ মন আৰু শৰীৰক পুষ্টি দিয়ে, গছপুলিয়েও পৃথিৱীখনক পুষ্টি প্ৰদান কৰে, যাৰ ফলত আগন্তুক প্ৰজন্মৰ বাবে সেউজ আৰু সুস্থ ভৱিষ্যত নিশ্চিত কৰিব পৰা যায়।" 

সমান্তৰালভাবে  আয়ুষৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে ‘হৰিৎ যোগ’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি কয় যে হৰিৎ যোগ হৈছে  আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ৰ ১০টা স্বাক্ষৰ অনুষ্ঠানৰ অংশ।হৰিৎ যোগৰ আৰম্ভণি উপলক্ষে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী যাদৱে  অন্যান্য গণ্যমান্য ব্যক্তিৰ সৈতে ঔষধি উদ্ভিদো ৰোপণ কৰে।

 

যোগৰ বহনক্ষমতা আৰু পৰিৱেশ ৰক্ষাৰ দিশত ইয়াৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক পেড় মা কে নাম’ৰ দৃষ্টিভংগীৰ সৈতে হৰিৎ যোগক সংপৃক্ত কৰি কয় যে, “এই পদক্ষেপে ব্যক্তিক ব্যক্তিগত স্বাস্থ্য আৰু গ্ৰহটোৰ স্বাস্থ্য উভয়ৰে লালন-পালনৰ প্ৰতীকী কাৰ্য্য হিচাপে গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰে।”

 

মাননীয় মন্ত্ৰীগৰাকীয়ে  ‘প্ৰকৃতি পৰীক্ষণ অভিযান’ৰ সফলতাৰ বিষয়তো  আলোকপাত কৰে য’ত ১.২৯ কোটিৰো অধিক লোকে প্ৰকৃতি পৰীক্ষণত ভাগ লৈ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান অৰ্জন কৰে।Deputy Chief Minister of Odisha, Ms. Pravati Parida thrusting on the power of যোগৰ শক্তিৰ বিষয়ে উল্লেখ কৰি ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীমতী প্ৰভাতী পাৰিদাই কয় যে যোগে আমাক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে।আহক আমি যোগক আমাৰ দৈনন্দিন জীৱনত একত্ৰিত কৰি ভগৱান জগন্নাথৰ ঐশ্বৰিক শক্তিৰ পৰা শক্তি আহৰণ কৰোঁ ৷ওড়িশা চৰকাৰৰ হৈ আমি ভাৰত চৰকাৰ আৰু আয়ুষ মন্ত্ৰালয়ক ওড়িশাক এনে অনুষ্ঠানৰ বাবে নিৰ্বাচন কৰাৰ  বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু ভুৱনেশ্বৰত আইডিৱাই ২০২৫ৰ বাবে ৭৫ সংখ্যক দিনৰ কাউণ্ট ডাউন আয়োজনৰ  অংশ হোৱাৰ সুযোগ লাভ কৰিছো।।”

 

বিশ্বব্যাপী এক শক্তি হিচাপে যোগৰ সফলতাৰ কথা স্বীকাৰ কৰি পুৰী লোকসভাৰ সংসদ সদস্য শ্ৰী সম্বিত পাত্ৰই কয় যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ বাবেই ১৭৭খন দেশে সৰ্বসন্মতিক্ৰমে ২০১৪ চনত ২১ জুন তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ ভাৰতৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।

আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই অনুষ্ঠানত বিপুল সংখ্যক লোকৰ  উৎসাহী যোগদানৰ বাবে তেওঁলোকক প্ৰশংসা কৰি কয়  যে আইডিৱাইৰ ১১ সংখ্যক সংস্কৰণে বিশ্বজুৰি অভিলেখ ভংগকাৰী  অংশগ্ৰহণৰ সাক্ষী হ’বলৈ সাজু হৈছে।

এই অনুষ্ঠানত আয়ুষৰ যুটীয়া সচিব মনালিছা দাস; ভুৱনেশ্বৰৰ মেয়ৰ শ্ৰীমতী সুলোচনা দাস, আয়ুষ মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া নিশান্ত মেহৰা আৰু আন কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে।

অনুষ্ঠানৰ সময়তে  মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যোগ প্ৰদৰ্শকসকলে এম ডি এন আই ৱাইৰ সঞ্চালক ড০ কাশীনাথ সমগণ্ডীৰ নেতৃত্বত কমন যোগ প্ৰট’কল প্ৰদৰ্শন কৰে।একেসময়তে কলিংগ ষ্টেডিয়ামত ৬০০০ৰো অধিক যোগ অনুৰাগীয়ে কমন যোগ প্ৰট’কল পৰিৱেশন কৰে। আয়ুষ মন্ত্ৰালয়, এমডিএনআইৱাই  আৰু অন্যান্য যোগ প্ৰতিষ্ঠানৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে অনুষ্ঠানটো সম্প্ৰচাৰ কৰা হয়।

আজিৰ যোগ মহোৎসৱত কমন যোগ প্ৰট’কল (CYP)ৰ বিষয়ত বিশেষ  গুৰুত্ব আৰোপ কৰা হয়। কমন যোগ প্ৰট’কল বিশেষজ্ঞৰ দ্বাৰা  সঠিকভাবে আৰ্হি প্ৰস্তুত  কৰা হৈছে৷  ইয়াত যোগৰ সকলো সুবিধা লাভ কৰিবলৈ দৈনন্দিন যোগ অনুশীলনৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰট’কলৰ উদ্দেশ্য হৈছে যোগ নিদ্ৰা, প্ৰাণায়াম, ধ্যান আদি যোগ অনুশীলনক জনপ্ৰিয় কৰি তোলা।প্ৰতিটো যোগৰ কাৰ্য্যকলাপত নমনীয়তা, শক্তি, ভাৰসাম্য আৰু সমন্বয় সাধন কৰাৰ মূল চাবিকাঠি হৈছে কমন যোগ প্ৰট’কল। ভাৰত চৰকাৰৰ যোগ পৰ্টেল হৈছে মানুহক প্ৰতিদিনে যোগাসনক আঁকোৱালি লোৱা, অনুশীলন কৰা আৰু উপভোগ কৰাত সহায় কৰাৰ এক মঞ্চ।

 

হৰিৎ যোগ আৰম্ভ কৰাৰ সমান্তৰালভাবে যোগ অনুৰাগীসকলৰ মাজত ৫০০০ৰো অধিক ঔষধি উদ্ভিদ বিতৰণ কৰা হয়।এই পদক্ষেপে যোগক পৰিৱেশ সচেতনতাৰ সৈতে একত্ৰিত কৰিবলৈ সক্ষম হয়।

ভুৱনেশ্বৰত অনুষ্ঠিত যোগ মহোৎসৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস-২০২৫ৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰি যোগৰ জৰিয়তে সামগ্ৰিক স্বাস্থ্য আৰু পৰিৱেশ বহনক্ষমতাক প্ৰসাৰিত কৰাৰ বাবে ভাৰত চৰকাৰৰ দায়বদ্ধতাকে পুনৰবাৰ শক্তিশালী কৰি তুলিলে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ৰ  বাবে অনুষ্ঠানত ১০টা অনন্য স্বাক্ষৰ অনুষ্ঠান সামৰি লোৱা হয়

এই বছৰ বিশ্বব্যাপী অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১১ সংখ্যক সংস্কৰণৰ কাৰ্য্যকলাপ  উপলক্ষে্য ১০টা অনন্য স্বাক্ষৰ অনুষ্ঠান অন্তৰ্ভুক্ত কৰা হয়:

● যোগ সংগম – বিশ্ব অভিলেখৰ লক্ষ্যৰে ১,০০,০০০ স্থানত এক সমন্বিত যোগ প্ৰদৰ্শন।

● যোগ বন্ধন – ঐতিহ্যমণ্ডিত স্থানত যোগ অধিৱেশন আয়োজন কৰিবলৈ ১০খন দেশৰ সৈতে বিশ্বব্যাপী অংশীদাৰিত্ব।

● যোগ উদ্যান–  সম্প্ৰদায়ৰ সৈতে দীৰ্ঘম্যাদী সংযোগৰ বাবে ১০০০ টা যোগ উদ্যানৰ উন্নয়ন।

● যোগ সমাৱেশ – দিব্যাংগজন, জ্যেষ্ঠ নাগৰিক, শিশু আৰু সমাজৰ প্ৰান্তীয় গোটৰ বাবে বিশেষ যোগ কাৰ্যসূচী।

● যোগ প্ৰভাৱ – জনস্বাস্থ্যত যোগৰ ভূমিকাৰ বিষয়ত দশকীয় প্ৰভাৱৰ মূল্যায়ন।

● যোগ সংযোগ – বিখ্যাত যোগ বিশেষজ্ঞ আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সৈতে এক ভাৰ্চুৱেল গ্ল’ৱেল যোগ সন্মিলন।

● হৰিৎ যোগ – যোগৰ সৈতে বৃক্ষৰোপণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযানৰ সংমিশ্ৰণ ঘটোৱা এক বহনক্ষমতা পদক্ষেপ।

● যোগ আনপ্লাগড- যুৱক-যুৱতীসকলক যোগাসনৰ প্ৰতি আকৰ্ষণ কৰাৰ এক অনুষ্ঠান

● যোগ মহাকুম্ভ – ১০টা স্থানত এক সপ্তাহজোৰা উৎসৱ, মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয়ভাবে সামৰণি  অনুষ্ঠান অনুষ্ঠিত  হ'ব।

● সমযোগ – সামগ্ৰিক সুস্থতাৰ বাবে আধুনিক স্বাস্থ্যসেৱাৰ সৈতে যোগক একত্ৰিত কৰাj ১০০ দিনীয়া পদক্ষেপ।

 

 

পৰিশিষ্ট

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইডিৱাই) এক বিশ্বব্যাপী সুস্থতা আন্দোলনত পৰিণত হৈছে, যিয়ে সমগ্ৰ দেশৰ লাখ লাখ লোকক একত্ৰিত কৰিছে। ইয়াৰ মূল মাইলৰ খুঁটিসমূহৰ বিষয়ে  চকু ফুৰাও আহক:

● আইডিৱাই ২০১৫ – নতুন দিল্লীঃ ৰাজপথত অনুষ্ঠিত হোৱা প্ৰথমটো আইডিৱাইত ৩৫,৯৮৫ জন অংশগ্ৰহণকাৰীয়ে দুটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল।

●  আইডিৱাই ২০১৬ – চণ্ডীগড়: কেপিটেল কমপ্লেক্সত ৩০,০০০+ অংশগ্ৰহণকাৰীৰ সমাগম হয়, য'ত প্ৰথমবাৰৰ বাবে যোগ প্ৰট'কল প্ৰদৰ্শন কৰা ১৫০ দিব্যাংগজনো আছিল৷। প্ৰধানমন্ত্ৰীয়ে ডায়েবেটিছৰ দৰে ৰোগৰ চিকিৎসাত যোগৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰিছিল৷

● আইডিৱাই ২০১৭ – লক্ষ্ণৌ: ৰামবাই আম্বেদকাৰ ময়দানত ৫১,০০০ অংশগ্ৰহণকাৰীয়ে যোগদান কৰে, যোগক সুলভ মূল্যৰ ‘স্বাস্থ্য বীমা’ হিচাপে উজ্জ্বল কৰি তোলা হয়।

● আইডিৱাই ২০১৮ – ডেৰাডুন: বন গৱেষণা প্ৰতিষ্ঠানত ৫০,০০০+ অংশগ্ৰহণকাৰী, "জনস্বাস্থ্যৰ বাবে যোগ" শীৰ্ষক বিষয়বস্তুৰে এয়া উদযাপন কৰা হয়। ইছৰো-এ মুকলি কৰিলে  ভূৱন যোগ (BHUVAN-YOGA) আৰু যোগ লোকেটৰ (Yoga Locator)এপ।

● আইডিৱাই ২০১৯ – ৰাঁচী: ‘হৃদযন্ত্ৰৰ যত্নৰ বাবে যোগাসন’ৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়, পৰিৱেশ-বন্ধুত্বপূৰ্ণ যোগৰ আনুষংগিক সামগ্ৰীয়ে খাদী শিল্পীসকলক উপকৃত কৰে।

● আইডিৱাই ২০২০ – ভাৰ্চুৱেল: মহামাৰীৰ মাজতে অনলাইন মাধ্যমেৰে যোগদান কৰিলে ১২.০৬ কোটি লোকে। "মোৰ জীৱন, মোৰ যোগাসন" প্ৰতিযোগিতাত ১৩০খন দেশৰ পৰা অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে।

● আইডিৱাই ২০২১ – ভাৰ্চুৱেল: মূল বিষয়বস্তু আছিল “সুস্থতাৰ বাবে যোগ”, বিশ্বজুৰি ৪৯৬.১ মিলিয়ন লোকৰ কাষ চাপিছিল এই অনুষ্ঠান। টাইমছ স্কোৱাৰ, আইফেল টাৱাৰ আৰু টকিঅ’ স্কাই ট্ৰিত দৃষ্টিনন্দন উদযাপন কৰা হয়।

● আইডিৱাই ২০২২ – মহীশূৰ: মহীশূৰ পেলেচত ১৫,০০০ অংশগ্ৰহণকাৰী, ‘গাৰ্ডিয়ান ৰিং’ গ্ল’বেল যোগ ৰিলে আৰু ভিআৰ চালিত ডিজিটেল প্ৰদৰ্শনীৰ সৈতে এয়া উদযাপন কৰা হয়।

● আইডিৱাই ২০২৩ – জব্বলপুৰ আৰু ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়, নিউয়ৰ্ক: ২৩.৪৪ কোটি অংশগ্ৰহণকাৰীৰে এই আইডিৱাই-এ দুটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰে, য’ত আটাইতকৈ উল্লেখযোগ্য যোগ অধিৱেশন (চুৰাটত ১.৫৩ লাখ অংশগ্ৰহণকাৰী)কে ধৰি দুটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। ‘অ’চেন ৰিং অৱ যোগ’-এ ৩৫,০০০ কিলোমিটাৰ অতিক্ৰম কৰে।

● আইডিৱাই ২০২৪ – শ্ৰীনগৰ: শ্ৰীনগৰৰ এছকেআইচিচি (SKICC) ত অনুষ্ঠিত কৰা হয়৷ বৰষুণৰ মাজতো ৭,০০০০ অংশগ্ৰহণকাৰীয়ে ইয়াত ভাগ লয়। ‘যোগ মহাকাশৰ বাবে’ পদক্ষেপত ইছৰ’ৰ বিজ্ঞানীসকলেও যোগদান কৰে।উত্তৰ প্ৰদেশত গিনিজ বিশ্ব অভিলেখ গঢ়িছিল, য’ত ২৫.৯৩ লাখ লোকে যোগাসনক আঁকোৱালি লয়। ২৪.৫৩ কোটি বিশ্ব অংশগ্ৰহণকাৰীয়ে এই অনুষ্ঠানক এক ঐতিহাসিক উদযাপন হিচাপে চিহ্নিত কৰে।***

MV/SB/AR/DM


(Release ID: 2119951)