পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মুঠ ৫৭২৯ কোটি টকা ব্যয়ে সাপেক্ষে বি অ’ টি (টোল) শৈলীত বিকশিত কৰিব গুৱাহাটী ৰিং ৰোড
ৰূপায়ণৰ বাবে এম/এছ দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰাকন প্ৰাইভেট লিমিটেডৰ সৈতে ৰেহাই চুক্তি স্বাক্ষৰ কৰে
Posted On:
03 APR 2025 3:38PM by PIB Guwahati
দেশৰ উত্তৰ-পূব অঞ্চলৰ উন্নয়নত অৰিহণা যোগোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অধ্যক্ষ শ্ৰী সন্তোষ কুমাৰ যাদৱ আৰু প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এম/এছ দীনেশচন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰাকন প্ৰাইভেট লিমিটেডৰ সৈতে ৰেহাই চুক্তি স্বাক্ষৰ কৰিছে। শূন্য অনুদানৰ সৈতে বিল্ড অপাৰেট ট'ল (বি অ' টি) শৈলীত ৫,৭২৯ কোটি টকা ব্যয়সাপেক্ষে ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড বিকশাই তোলা হ’ব। চাৰি বছৰ নিৰ্মাণৰ সময়কালকে ধৰি চুক্তিৰ ৰেহাইৰ ম্যাদ হৈছে ৩০বছৰ। প্ৰকল্পটোক গতি প্ৰদান কৰি, অসম ৰাজ্য চৰকাৰে ভূমিৰ ব্যয়ৰ ৫০ শতাংশ বহন কৰিব, সামগ্ৰীৰ ওপৰত ৰয়েল্টীৰ পৰা ৰেহাই প্ৰদান কৰিব আৰু জি এছ টি-ৰ ৰাজ্যিক অংশৰ পৰা ৰেহাই প্ৰদান কৰাৰ জৰিয়তে ১২৭০ কোটি টকাৰ বৰঙণি যোগাব। এইদৰে, মুঠ প্ৰকল্পৰ ব্যয় হ’ব ৭,০০০ কোটি টকা।

গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ তিনিটা শাখা থাকিব য’ত ৫৬ কিলোমিটাৰ দীঘল ৪ শৰীয়া প্ৰৱেশ-নিয়ন্ত্ৰিত উত্তৰ গুৱাহাটী বাইপাছ, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমানৰ ৮ কিলোমিটাৰ বাইপাছ চাৰি শাৰীৰ পৰা পৰা ছয় শাৰীলৈ বহলিকৰণ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমানৰ ৫৮ কিলোমিটাৰ দীঘল বাইপাছৰ বিকাশ অন্তৰ্ভুক্ত হৈ থাকিব। উল্লেখযোগ্য যে এই প্ৰকল্পৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৩ কিলোমিটাৰ দীঘল এখন ডাঙৰ দলং নিৰ্মাণ কৰা হ'ব।

গুৱাহাটী ৰিং ৰোডে দেশৰ উত্তৰ-পূব অঞ্চলৰ প্ৰৱেশদ্বাৰ ৰাষ্ট্ৰীয় ঘাইপথ-২৭-ৰ পূব-পশ্চিম কৰিডৰত চলা দীৰ্ঘ দূৰত্বৰ যান-বাহনৰ সৈতে নিৰবিচ্ছিন্ন সংযোগ প্ৰদান কৰিব। ৰিং ৰোডৰ বিকাশে পশ্চিম বংগ/বিহাৰৰ পৰা শিলচৰ, নাগালেণ্ড আৰু ত্ৰিপুৰালৈ অহা বাহনসমূহৰ বৃহৎ যান-জঁট নিয়ন্ত্ৰণ কৰি গুৱাহাটী চহৰ আৰু চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহত ভিৰ হ্ৰাস কৰাত সহায় কৰিব।এই প্ৰকল্পটোৱে শিলিগুৰি, শিলচৰ, শ্বিলং, যোৰহাট, তেজপুৰ, যোগীঘোপা আৰু বাৰপেটাকে ধৰি অঞ্চলটোৰ প্ৰধান চহৰসমূহলৈ নিৰবিচ্ছিন্ন সংযোগ প্ৰদান কৰিব।
বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণ 
প্ৰস্তাৱিত গ্ৰীণফিডেল বাইপাছ 
ভাৰত চৰকাৰে বিল্ড-অপাৰেট-ট্ৰান্সফাৰ (বি অ’ টি) প্ৰকল্পৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বক উৎসাহিত কৰি আহিছে। বি অ’ টি পদ্ধতিত প্ৰকল্পসমূহ গ্ৰহণ কৰাত উৎসাহিত কৰিবলৈ শেহতীয়াকৈ বি অ’ টি (টোল) আৰু অস্থায়ী বি অ’ টি (টোল)ৰ মডেল ৰেহাই চুক্তি (এম চি এ)ৰ বিভিন্ন পৰিৱৰ্তন প্ৰভাৱিত কৰা হৈছে। পৰিৱৰ্তিত মডেল ৰেহাই চুক্তিৰ ভিত্তিত স্বাক্ষৰিত এইটো প্ৰথম চুক্তি যিয়ে এনে অধিক চুক্তিৰ পথ প্ৰশস্ত কৰিব।
ভাৰত চৰকাৰৰ 'ভিজন ২০৪৭' ৰ অংশ হিচাপে বৃহৎ সংখ্যক উচ্চ গতিৰ কৰিডৰ বিকশিত কৰাৰ পৰিকল্পনা কৰা হৈছে। পথ খণ্ডৰ উন্নয়নত শক্তিশালী ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্বই এই দৃষ্টিভংগী বাস্তৱায়িত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু দেশত বিশ্বমানৰ ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ উন্নয়নৰ লগতে পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব।
***
GDH/HR/DD
(Release ID: 2118279)
Visitor Counter : 58