গৃহ মন্ত্ৰালয়
মহিলাৰ সুৰক্ষা সম্পৰ্কীয় ছত্ৰ আঁচনিৰ স্থিতি
Posted On:
02 APR 2025 4:20PM by PIB Guwahati
মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত সময়মতে হস্তক্ষেপ আৰু তদন্ত নিশ্চিত কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে "মহিলাৰ সুৰক্ষা"ৰ বাবে ছত্ৰ আঁচনিৰ অধীনত ছটা প্ৰকল্প ৰূপায়ণ কৰি আছে আৰু এনে বিষয়ত তদন্ত আৰু অপৰাধ প্ৰতিৰোধত দক্ষতা বৃদ্ধি কৰিছে। প্ৰকল্পসমূহৰ বিৱৰণ নিম্নোল্লিখিত ধৰণৰ-
• ১১২ জৰুৰীকালীন সঁহাৰি সমৰ্থন প্ৰণালী (ইআৰএছএছ)
• কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ উন্নীতকৰণ, যাৰ ভিতৰত আছে ‘ৰাষ্ট্ৰীয় ফৰেনচিক ডাটা কেন্দ্ৰ’ স্থাপন কৰা
• ৰাজ্যিক ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰত ‘ডিএনএ বিশ্লেষণ’, ‘চাইবাৰ ফৰেনচিক ক্ষমতা শক্তিশালী কৰা’ (এফএছএল)
• মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ
• মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ চম্ভালিবলৈ অনুসন্ধানকাৰী আৰু অভিযোজকৰ সামৰ্থ্য নিৰ্মাণ আৰু প্ৰশিক্ষণ
• মহিলা হেল্প ডেস্ক আৰু মানৱ সৰবৰাহ বিৰোধী গোট
গৃহ মন্ত্ৰালয়ে আৰক্ষী থানাত ‘মহিলা হেল্প ডেস্ক’ (ডব্লিউএইচডি) স্থাপনৰ বাবে পুঁজিৰ যোগান ধৰিছে, যাতে আৰক্ষী সেৱাত মহিলাৰ প্ৰৱেশানুকূলতা উন্নত হয়। এই পৰ্যন্ত, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৪,৬৫৮ টা ‘ডব্লিউএইচডি’ কাৰ্যক্ষম হৈ আছে, যাৰ ভিতৰত ১৩,৭৪৩ টা ‘ডব্লিউএইচডি’ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হয়। ইয়াৰ উপৰিও, সকলো ৰাজ্য/ইউটিত ৮২৭ টা ‘মানৱ সৰবৰাহ বিৰোধী গোট’ (এএইচটিইউ) স্থাপন কৰা হৈছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ প্ৰকল্প সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ণ কৰা হয়। এই পৰ্যন্ত, ৩৩ খন ৰাজ্য/ইউটিত চাইবাৰ ফৰেনচিক প্ৰশিক্ষণ গৱেষণাগাৰ স্থাপন কৰা হৈছে আৰু আৰক্ষী বিষয়া, ন্যায়াধীশ আৰু অভিযোজকসহ ২৪,৬২৪ ৰো অধিক বিষয়াক প্ৰশিক্ষণ দিয়া হৈছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ প্ৰতিবেদন দিয়াৰ বাবে এটা পৰ্টেল-ও সক্ৰিয় কৰা হৈছে। নিৰ্ভয়া পুঁজিৰ অধীনত, ৩০ খন ৰাজ্য/ইউটিৰ ৰাজ্যিক ফৰেনচিক লেবত ডিএনএ আৰু চাইবাৰ ফৰেনচিক ক্ষমতা বৃদ্ধিৰ বাবে ২৪৫.২৯ কোটি টকাৰ প্ৰকল্পঅনুমোদিত হৈছে।
চণ্ডিগড়ত ডিএনএ বিশ্লেষণ সুবিধা স্থাপন কৰা হৈছে। ছটা ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক লেবৰ লগতে ৰাষ্ট্ৰীয় ফৰেনচিক ডাটা চেণ্টাৰ অনুমোদিত হৈছে। অনুসন্ধান বিষয়া, অভিযোজন বিষয়া আৰু চিকিৎসা বিষয়াসহ ৩৪,৬২৬ গৰাকী বিষয়াক ‘ডিএনএ প্ৰমাণ ব্যৱস্থাপনা আৰু যৌন নিৰ্যাতনৰ প্ৰমাণ সংগ্ৰহ কিট’ৰ ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়া হৈছে। লগতে, ৰাজ্য/ইউটিবোৰলৈ ১৮,০২০ ‘যৌন নিৰ্যাতন প্ৰমাণ সংগ্ৰহ কিট’ বিতৰণ কৰা হৈছে।
‘জৰুৰীকালীন সঁহাৰি সমৰ্থন প্ৰণালী’ (ইআৰএছএছ) সকলো ৩৬ খন ৰাজ্য/ইউটিত কাৰ্যকৰী হৈ আছে। উন্নীত ‘ইআৰএছএছ (২.০)’-য়ে উন্নত ডাটা কেন্দ্ৰ, জিলাৰ বিস্তৃত কভাৰেজ, উচ্চ কল ক্ষমতা, বাহন ট্ৰেকিং, আৰু দুৰ্যোগ পুনৰুদ্ধাৰৰ সৈতে জৰুৰীকালীন সেৱা বৃদ্ধি কৰে। নয়ডা আৰু তিৰুৱন্তপুৰমৰ ‘চি-ডিএচি কেন্দ্ৰ’ত দুৰ্যোগ পুনৰুদ্ধাৰ সুবিধা কাৰ্যকৰী হৈ আছে। ‘ইআৰএছএছ’ এতিয়া অন্যান্য জৰুৰীকালীন হেল্পলাইন যেনে ‘ৰে’লৱে’ হেল্পলাইন’, ‘মহিলা হেল্পলাইন’, ‘চাইল্ড হেল্পলাইন’, আৰু ‘দুৰ্যোগ সঁহাৰি সেৱা’ৰ সৈতে একত্ৰিত কৰা হৈছে।
ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বান্দি সঞ্জয় কুমাৰে এই তথ্য অৱগত কৰে।
***
RK/VV/ASH/RR/PR/PS/KB
(Release ID: 2118078)