@font-face { font-family: 'Poppins'; src: url('/fonts/Poppins-Regular.ttf') format('truetype'); font-weight: 400; font-style: normal; } body { font-family: 'Poppins', sans-serif; } .hero { background: linear-gradient(to right, #003973, #e5e5be); color: white; padding: 60px 30px; text-align: center; } .hero h1 { font-size: 2.5rem; font-weight: 700; } .hero h4 { font-weight: 300; } .article-box { background: white; border-radius: 10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 40px 30px; margin-top: -40px; position: relative; z-index: 1; } .meta-info { font-size: 1em; color: #6c757d; text-align: center; } .alert-warning { font-weight: bold; font-size: 1.05rem; } .section-footer { margin-top: 40px; padding: 20px 0; font-size: 0.95rem; color: #555; border-top: 1px solid #ddd; } .global-footer { background: #343a40; color: white; padding: 40px 20px 20px; margin-top: 60px; } .social-icons i { font-size: 1.4rem; margin: 0 10px; color: #ccc; } .social-icons a:hover i { color: #fff; } .languages { font-size: 0.9rem; color: #aaa; } footer { background-image: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); } body { background: #f5f8fa; } .innner-page-main-about-us-content-right-part { background:#ffffff; border:none; width: 100% !important; float: left; border-radius:10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 0px 30px 40px 30px; margin-top: 3px; } .event-heading-background { background: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); color: white; padding: 20px 0; margin: 0px -30px 20px; padding: 10px 20px; } .viewsreleaseEvent { background-color: #fff3cd; padding: 20px 10px; box-shadow: 0 .5rem 1rem rgba(0, 0, 0, .15) !important; } } @media print { .hero { padding-top: 20px !important; padding-bottom: 20px !important; } .article-box { padding-top: 20px !important; } }
WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

অভূতপূৰ্ব সঁহাৰি তথা অংশগ্ৰহণেৰে সামৰণি পৰিল ৱাম(WAM) মুম্বাই ২০২৫ৰ

 Posted On: 24 MAR 2025 5:20PM |   Location: PIB Guwahati

 

ভাৰতীয় মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট এছ’চিয়েশ্যন (এমইএআই)ৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মুম্বাইৰ হুইছলিং উডছ ইণ্টাৰনেশ্যনেলত ২৩ মাৰ্চ ২০২৫ তাৰিখে অনুষ্ঠিত কৰে   ৱাম (WAM!-WAVES Anime & Manga Contest)মুম্বাই ২০২৫ শীৰ্ষক বৰ্ণাঢ্য অনুষ্ঠান।  ৱাম  (WAM) হৈছে ৱেভছ অৰ্থাৎ বিশ্ব অডিঅ’ ভিজুৱেল মনোৰঞ্জন সন্মিলনৰ ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ অন্যতম অংশ। মুম্বাইত শেহতীয়াকৈ অনুষ্ঠিত ৱামৰ সংস্কৰণৰ প্ৰতিযোগিতাৰ তিনিটা মূল শাখা মাংগা, ৱেবটুন আৰু এনিমেত প্ৰায় ৩০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে।

 

ৱাম  মুম্বাই ২০২৫ৰ বিজয়ীসকল!

 

কণ্ঠ অভিনয় প্ৰতিযোগিতা

বিজয়ী : চিনচাকাৰ গণেশ সংযোগ

 

ৰানাৰ্ছ আপ : অদিতি যোশী আৰু পায়েল বিশাল

 

কচপ্লে প্ৰতিযোগিতা

বিজয়ী: ওকাৰুণৰ চৰিত্ৰত কৈজাদ শেশবৰাদৰণ

 

প্ৰথম ৰানাৰ্ছ আপ: মাংকি ডি লুফীৰ চৰিত্ৰত যশ মোকাল

 

দ্বিতীয় ৰানাৰ্ছ আপ : ৰবিনৰ চৰিত্ৰত ঈষা যোশী

 

মাংগা শ্ৰেণী

ছাত্ৰ শাখাৰ বিজয়ী : জয় কুমাৰ নাগৰী

 

পেছাদাৰী শাখাৰ বিজয়ী: হৃদয় বিশ্বাস

 

ৱেবটুন শ্ৰেণী

পেছাদাৰী বিজয়ী: ইছা চভন

 

এনিমে শাখা

ছাত্ৰ শাখাৰ বিজয়ী: চিন্ময় নৰোটে

 

পেছাদাৰী শাখাৰ  বিজয়ী: ৰুবুন ছালধানা

 

মাংগা, ৱেবটুন, আৰু এনিমে শাখাৰ বিজয়ীসকলে পেন টেবলেট, চিত্ৰকলাৰ সামগ্ৰী  আৰু নগদ ধন  পুৰস্কাৰ হিচাবে লাভ কৰে। ইয়াৰ উপৰি এনিমে বিভাগৰ বিজয়ীসকলে তেওঁলোকৰ পাইলট এপিচ’ডৰ বাবে ইংৰাজী, হিন্দী, আৰু জাপানী ডাবৰ সমল লাভ কৰিব। টুনসূত্ৰই  ৱেবটুন বিজয়ীসকলক তেওঁলোকৰ প্লেটফৰ্মত কাম কৰাৰ সুবিধা প্ৰদানৰ কথা নিশ্চিত কৰে।

 

এই অনুষ্ঠানত উপস্থিত থকাসকলে  ভাৰতত বৰ্তমান বিকাশ সাধন কৰি থকা প্ৰথম এনিমে ট্ৰায়ো (TRIO) প্ৰথম দৰ্শন কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত উদ্যোগৰ উল্লেখযোগ্য ব্যক্তিসকলেও অংশগ্ৰহণ কৰে। তেওঁলোকৰ ভিতৰত আছিল: সুশীল ভাছিন – ভাৰতীয় মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট এছ’চিয়েশ্যনৰ সভাপতি; অভিষেক দত্ত – সহযোগী উপ-সভাপতি - অধিগ্ৰহণ আৰু প্ৰগ্ৰেমিং (কিডছ ক্লাষ্টাৰ), ষ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড; সুমিত পাঠক – অভিনেতা, মুখ্য পৰিচালন বিষয়া আৰু পৰিচালন সঞ্চালক, গুলমোহৰ মিডিয়া; অংকুৰ জাবেৰী – অভিনেতা, কণ্ঠশিল্পী, আৰু কণ্ঠশিল্পী সংস্থাৰ প্ৰতিষ্ঠাপক আৰু ভূতপূৰ্ব সভাপতি; জেজিল হোমাৱজিৰ – ২ডি এনিমেচন পেছাদাৰী আৰু ভাৰতৰ প্ৰথম মাংগা – বিষ্ট লিজিয়নৰ সৃষ্টিকৰ্তা; দক্ষতা পাৱাৰ –  কছপ্লে (COSPLAY) শিল্পী আৰু এমএজিইৰ প্ৰতিষ্ঠাপক।

ৱামৰ পূৰ্বৰ সংস্কৰণসমূহ গুৱাহাটী, কলকাতা, ভুৱনেশ্বৰ, বাৰাণসী আৰু দিল্লীত অনুষ্ঠিত হৈছিল।

 

অধিক সবিশেষ জানিবলৈ: অংকুৰ ভাছিন; ভাৰতীয় মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট এছ’চিয়েশ্যনৰ সম্পাদক

+৯১ ৯৮৮০৬ ২৩১২২ ; secretary@meai.inত যোগাযোগ কৰিব পাৰে।

 

ৱেভছৰ বিষয়ে

ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ আয়োজন কৰিব মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ  অনুষ্ঠান (WAVES)।

আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সমল সৃষ্টিকৰ্তা বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু এম এণ্ড ই খণ্ডত  অৰিহণা যোগাবলৈ বিশ্বব্যাপী মঞ্চ এখন  প্ৰদান কৰিছে।

ৱেভছে  ভাৰতৰ সৃষ্টিশীল শক্তিৰ বিকাশ সাধন কৰিবলৈ সাজু হৈছে, কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি, আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থান বৃদ্ধি কৰিব। এই অনুষ্ঠানত গুৰুত্ব দিয়া উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি (এ আৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)।

কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক

আহক, আমাৰ সৈতে একেলগে এই মহাযাত্ৰাৰ সহযোগী হওঁক! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক (অতিশীঘ্ৰে আহি আছে!)।


Release ID: (Release ID: 2114686)   |   Visitor Counter: 31