আয়ুষ
সুস্থতা আৰু ঐতিহ্যৰ সেতুবন্ধন: মেঘালয়ৰ আশ্চৰ্য ‘জীৱন্ত শিপাৰ সেতু’কো দখল কৰিলে ‘যোগ’-য়ে
‘নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অব আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী’ (এনইআইএএইচ)য়ে মেঘালয়ৰ ননগ্ৰিয়াটৰ ‘ডবল ডেকাৰ লিভিং ৰুট ব্ৰীজ’ত এক ‘যোগ’ অনুষ্ঠানৰ আয়োজন কৰে
Posted On:
24 MAR 2025 3:58PM by PIB Guwahati
পৰম্পৰা, প্ৰকৃতি আৰু কল্যাণৰ সংমিশ্ৰণত যোগ অনুশীলনকাৰীসকলে ভাৰতৰ আটাইতকৈ অদ্ভুত প্ৰাকৃতিক আশ্চৰ্যসমূহৰ অন্যতম মেঘালয়ৰ 'ডাবল ডেকাৰ লিভিং ৰুট ব্ৰীজ'ত তেওঁলোকৰ ‘মেট’বোৰ খুলি লৈছিল। কুঁৱলীয়ে ঢকা পাহাৰ, প্ৰচণ্ড গতিৰে সৰি পৰা জলপ্ৰপাত, আৰু প্ৰাচীন শিপাৰ পানীয়ে তোলা খলকণিৰ বিপৰীতে ‘নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অব আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী’ (এনইআইএএইচ)য়ে ‘আন্তৰ্জাতিক যোগ দিৱস (আইডিৱাই) ২০২৫’-ৰ প্ৰস্তুতিৰ অংশ হিচাপে এক বিশেষ ধৰণৰ যোগ অধিৱেশনৰ আয়োজন কৰিছিল।

অংশগ্ৰহণকাৰীসকলে উল্লেখ কৰে যে এয়া কেৱল আন এটা যোগ অনুষ্ঠানেই নহয়; বৰঞ্চ ই প্ৰকৃতি আৰু মানৱ ভাৱনাৰ স্থিতিস্থাপকতা আৰু সম্প্ৰীতিৰো এক প্ৰমাণ আছিল। বহু প্ৰজন্ম ধৰি সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা খাচী কাৰুশিল্পৰ নিদৰ্শন এই দলংখনৰ দৰেই ‘যোগ’-য়েও ধৈৰ্য, শক্তি আৰু ভাৰসাম্যক মূৰ্ত কৰি তোলে। প্ৰাচীন জ্ঞানে কেনেকৈ বহনক্ষম, মনোযোগী জীৱনযাপনক অনুপ্ৰাণিত কৰি আধুনিক সুস্থতাৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংমিশ্ৰিত হ'ব পাৰে এই অনুষ্ঠানটোৱে প্ৰতীকীৰূপত তাকেই প্ৰদৰ্শিত কৰিছিল।
‘ইউনেস্কো’ৰ ‘বিশ্ব ঐতিহ্য’ৰ দাবীদাৰ ‘লিভিং ৰুট ব্ৰীজ’খন সম্পূৰ্ণৰূপে ৰবৰ গছৰ বায়বীয় শিপাৰে গঢ়ি তোলা হৈছে, যি সময়ৰ লগে লগে শক্তিশালী হৈ উঠা জীৱন্ত, শ্বাস-প্ৰশ্বাস লৈ থকা এক পথদলঙৰ ৰূপ ধাৰণ কৰিছে। কেৱল এক অনুশীলনতকৈয়ো ‘যোগ’যে প্ৰকৃতিৰ সৈতে সংগতি ৰখা জীৱনৰ এক পদ্ধতি সেই কথাক প্ৰদৰ্শন কৰাৰ বাবে সেউজীয়া বৰ্ষাৰণ্য আৰু জলস্ৰোত শংখলাৰে পৰিবেষ্টিত এইডোখৰ ঠায়ে উপযুক্ত স্থান হিচাপে কাম কৰিছিল।
‘ৰাষ্ট্ৰসংঘ’ই ২০১৪ চনত ২১ জুনক ‘আন্তৰ্জাতিক যোগ দিৱস’ হিচাপে ঘোষণা কৰাৰ পিছত ভাৰতে ইয়াৰ কিছুমান আটাইতকৈ প্ৰতিষ্ঠিত স্থানত অধিৱেশন আয়োজন কৰি বিশ্বই কেনেদৰে যোগৰ অভিজ্ঞতা লাভ কৰে তাক পুনৰ সংজ্ঞায়িত কৰিছে। ‘তাজমহল’ৰ পৰা ‘কোণাৰ্কৰ সূৰ্য মন্দিৰ’লৈকে, ‘গেটৱে’ অব ইণ্ডিয়া’ৰ পৰা ‘লালকিল্লা’লৈকে প্ৰতিটো স্থানেই ইতিহাস, সংস্কৃতি আৰু কল্যাণৰ কাহিনী বিবৃত কৰিছে। এতিয়া, মেঘালয়ৰ পৱিত্ৰ দৃশ্যপটৰ হৃদয়লৈ ‘যোগ’ৰ ভাৱনা কঢ়িয়াই আনি ‘লিভিং ৰুট ব্ৰীজ’-য়ে এই তালিকাত যোগদান কৰিছে।
‘আইডিৱাই ২০২৫’-লৈ ওলোটা গণনা অব্যাহত থকাৰ মুহূৰ্তত এনে ধৰণৰ ঘটনাই কেৱল ‘যোগ’ৰ লাভসমূহৰ প্ৰচাৰকে নকৰে, লগতে ভাৰতৰ অশ্চৰ্যকৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰতো আলোকপাত কৰিব। এই প্ৰাচীন দলংখনত প্ৰত্যেকটো আসন পৰিৱেশন কৰাৰ জৰিয়তে যোগ যে কেৱল ষ্টুডিঅ'তে সীমাবদ্ধ নহয়; ই পৃথিৱীৰ, প্ৰকৃতিৰ, আৰু ভাৰসাম্য আৰু কল্যাণ বিচৰা প্ৰতিগৰাকী ব্যক্তিৰো সেই বাৰ্তাকো স্পষ্ট কৰিছে ।
****
MV/AKS/KB
(Release ID: 2114452)
Visitor Counter : 64