প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাত্মা গান্ধী আৰু ঐতিহাসিক দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা সকলোলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 12 MAR 2025 9:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গুৰুত্বপূৰ্ণ অধ্যায় ঐতিহাসিক দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা সকলোলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মহাত্মা গান্ধীৰ নেতৃত্বত এই যাত্ৰাই আত্মনিৰ্ভৰশীলতা আৰু স্বাধীনতাৰ বাবে দেশজোৰা আন্দোলনৰ সূচনা কৰিছিল। “দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা সকলোৰে সাহস, ত্যাগ তথা সত্য আৰু অহিংসাৰ প্ৰতি অটল দায়বদ্ধতাই প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি অনুপ্ৰাণিত কৰি আহিছে”, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

‘আজি আমি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ঐতিহাসিক দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো। মহাত্মা গান্ধীৰ নেতৃত্বত এই যাত্ৰাই স্বাৱলম্বিতা আৰু স্বাধীনতাৰ বাবে দেশজোৰা আন্দোলনৰ সূচনা কৰিলে। দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰাসকলৰ সাহস, ত্যাগ তথা সত্য আৰু অহিংসাৰ প্ৰতি অদম্য দায়বদ্ধতাই প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি অনুপ্ৰাণিত কৰি আহিছে।”

***

MJPS/VJ/HS


(ৰিলিজ আই ডি : 2110693) অতিথি কক্ষ : 96