মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
নতুন দিল্লীৰ অংগনৱাড়ী কেন্দ্ৰ ভ্ৰমণ স্বাস্থ্য আৰু পুষ্টি চেম্পিয়ন লুক ক’টিনহ’ৰ
ভ্ৰমণ কালত তেওঁ পোষণ অভিযান ৰূপায়ণ আৰু সক্ষম অংগনবাড়ী আৰু পোষণ ২.০ৰ জৰিয়তে পুষ্টিহীনতা মোকাবিলা কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ প্ৰশংসা কৰে
Posted On:
28 FEB 2025 2:44PM by PIB Guwahati
স্বাস্থ্য প্ৰশিক্ষক তথা লুক ক’টিনহ’ হোলিষ্টিক হিলিং চিষ্টেমৰ সহ-প্ৰতিষ্ঠাপক লুক ক’টিনহ’ই নতুন দিল্লীৰ আৰ কে পুৰমৰ কুসুমপুৰ আইচিডিএছ প্ৰকল্পৰ অধীনস্ত ৫৫ আৰু ৫৯নং অংগনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি পোষণ অভিযানৰ ৰূপায়ণৰ পৰ্যালোচনা কৰে।

কেন্দ্ৰীয় চৰকাৰ সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০ (মিছন পোষণ ২.০)ৰ জৰিয়তে পুষ্টিহীনতাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই কাৰ্যসূচীৰ জৰিয়তে সামাজিক আচৰণৰ পৰিৱৰ্তন আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ বিশেষ তাৎপৰ্য আছে। অংগনৱাড়ী কেন্দ্ৰ ভ্ৰমণৰ সময়ত কৌটিনহ’ই অংগনৱাড়ী কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। লগতে সেই কেন্দ্ৰৰ ল’ৰা-ছোৱালীৰ লগত কথা পাতে। মন কৰিবলগীয়া যে এইসকল অংগনৱাড়ী কৰ্মীয়ে সমাজত পুষ্টিহীনতা দূৰ কৰাৰ লগতে শৈশৱৰ শিক্ষা সুদৃঢ় কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ক’টিনহ’ই ‘নিউট্ৰিচন ট্ৰেকাৰ’ এপ্লিকেচনৰ জৰিয়তে সঠিক সময়ত পুষ্টি সেৱাসমূহ নিৰীক্ষণ কৰে। ক’টিনহ’ই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মেদবহুলতা হ্ৰাস আৰু ৰন্ধন তেলৰ ব্যৱহাৰ হ্ৰাস কৰা অভিযানক প্ৰশংসা কৰে। পোষণ অভিযানৰ অধীনত পোষণ মাহ আৰু পোষণ পক্ষৰ জৰিয়তে সজাগতাৰ বাৰ্তা প্ৰচাৰৰ বাবে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ যুটীয়া সচিবে উল্লেখ কৰে যে চলিত বৰ্ষৰ ১৮ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ সপ্তম পোষণ পক্ষ উদযাপন কৰা হ’ব। এই সময়ছোৱাত শিশুৰ মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ সুস্থ জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়া হ’ব। দৈনন্দিন খাদ্যত স্থানীয়ভাৱে উপলব্ধ শাক-পাচলিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৌটিনহ’ই এটা অংগনৱাড়ী কেন্দ্ৰত এটা গছপুলি ৰোপণ কৰে। পোষন উৎসৱৰ বিষয়ে এখন কিতাপ ক’টিনহ’ৰ হাতত অৰ্পণ কৰা হয়।
****
SS/MS/DB
(Release ID: 2107418)
Visitor Counter : 15