স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

মেদবহুলতাৰ সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী একেবাৰে সঠিকঃ লুক কৌটিনহো

মেদবহুলতাৰ কাৰক জাংক ফুডক লৈ শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত আমি নিয়ন্ত্ৰণ আৰু সজাগতা অৱলম্বন কৰিব লাগিবঃ শ্ৰী লুক

Posted On: 28 FEB 2025 4:19PM by PIB Guwahati

মেদবহুলতাৰ সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী একেবাৰে সঠিক বুলি কয় শ্ৰী লুক কৌটিনহোয়ে। আজি নতুন দিল্লীৰ এটা অংগনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি তেওঁ এইদৰে কয়। শ্ৰী লুক কৌটিনহো হৈছে এগৰাকী প্ৰখ্যাত সামগ্ৰিক স্বাস্থ্য প্ৰশিক্ষক আৰু লুক কৌটিনহো হলিষ্টিক হিলিং চিষ্টেমছৰ সহ-প্ৰতিষ্ঠাপক। এখনি মিডিয়া কনক্লেভত অংশগ্ৰহণৰ বাবে তেওঁ দিল্লী ভ্ৰমণ কৰিছে।

পুষ্টি সম্পৰ্কে ব্যক্ত কৰি শ্ৰী লুকে কয় যে আমি তিনিটা বিষয়ত গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজনীয়। প্ৰথমতে, শিশুসকলৰ পুষ্টি অটুত থাকিবলৈ শিশুকালৰেপৰাই ইয়াত মনোনিৱেশ কৰিব লাগে। দ্বিতীয়তে, সমগ্ৰ দেশতে ভিন্ন ভাষাত পুষ্টি সম্পৰ্কে সঠিক শিক্ষাক সুলভ কৰি তোলা আৰু তৃতীয়তে, বাজৰাৰ দৰে স্থানীয় ছুপাৰফুডৰ উপলব্ধতা নিশ্চিত কৰি তোলা। তেওঁ লগতে কয় যে মেদবহুলতাৰ কাৰক জাংক ফুডক লৈ শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত আমি নিয়ন্ত্ৰণ আৰু সজাগতা অৱলম্বন কৰিব লাগিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে শ্ৰী লুকে কয়, “শ্ৰী মোদীয়ে আমাক স্থানীয় ছুপাৰফুড ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰি আহিছে। আমি এনে খাদ্যসমূহৰ জৰিয়তে প্ৰাকৃতিক সুষম খাদ্যাভ্যাস অক্ষুণ্ণ ৰাখিব পাৰোঁ আৰু প্ৰয়োজনীয় প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বি লাভ কৰিব পাৰোঁ।"

মেদবহুলতাৰ বিৰুদ্ধে অভিযানলৈ সমৰ্থন জনাই তেওঁ কয়, “ইয়াত এজন ভাৰতীয় নাগৰিক হিচাপে প্ৰত্যেকেই ব্যক্তিগত দায়িত্ব পালন কৰিব লাগে আৰু সঠিক খাদ্য গ্ৰহণ কৰিব লাগে, নিয়মিতভাৱে ব্যায়াম কৰিব লাগে আৰু আমাৰ মানসিক স্বাস্থ্যত গুৰুত্ব প্ৰদান কৰিব লাগে।"

শ্ৰী লুকে কয় যে মেদবহুলতাৰপৰা হাত সাৰিবলৈ আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ খাদ্যত মিঠাতেল ১০ শতাংশ হ্ৰাসৰ কথা কৈছে। তেওঁ লগতে কয়, “ভাৰতক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগী আৰু সকলোৰে ব্যক্তিগত দায়িত্বক সন্মান জনাই ইয়াৰ বাবে সজাগতাৰ প্ৰয়োজনীয়তা আছে আৰু ঘৰ-কা-খানা (ঘৰত ৰন্ধা খাদ্য) খাবলৈ উৎসাহিত কৰিব লাগিব আৰু ইয়াৰ বাবে দেশখন ঐক্যবদ্ধ হোৱাটো আৱশ্যকীয়।"

****

MV/AKS/SB
 


(Release ID: 2107373) Visitor Counter : 10