নিতি আয়োগ
azadi ka amrit mahotsav

দিল্লীৰ মডাৰ্ণ পাব্লিক স্কুলৰ অটল টিংকাৰিং লেব পৰিদৰ্শন কৰিলে নাছাৰ প্ৰাক্তন মহাকাশচাৰী মাইক মাছিমিনোই

Posted On: 28 FEB 2025 9:33PM by PIB Guwahati

 

অটল ইনোভেচন মিছন (এ আই এম), নিটি আয়োগে আজি দিল্লীৰ অটল টিংকাৰিং লেব (এ টি এল)লৈ নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা কলম্বিয়া বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ অধ্যাপক মাইক মাছিমিনোৰ বাবে বিশেষ ভ্ৰমণৰ আয়োজন কৰে।

 

বিজ্ঞানীগৰাকীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে  যুৱ মনক অনুপ্ৰাণিত কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৈজ্ঞানিক কৌতুহল বৃদ্ধি কৰাৰ লগতে দুটাকৈ মহাকাশ শ্বাটল অভিযানৰ অংশ হিচাপে কাম কৰা তথা  হাবল মহাকাশ দূৰবীণৰ সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন প্ৰবীণ মহাকাশচাৰীৰ সৈতে মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰা।

বিশিষ্ট বিজ্ঞানীগৰাকীক মডাৰ্ণ পাব্লিক স্কুলৰ অধ্যক্ষ শ্ৰীমতী অলকা কাপুৰে ছাত্ৰ-ছাত্ৰীসকলৰ  সৈতে আদৰণি জনায়। ইয়াৰ পিছতে বিজ্ঞানীগৰাকীৰ সন্মুখত  অটল টিংকাৰিং লেবৰ বিষয়ে  উপস্থাপন আগবঢ়ায়  এআইএম, নিটি আয়োগৰ ইনোভেচন লিড শ্ৰীযুত শুভম গুপ্তাই।

 

বিজ্ঞানীগৰাকীৰ ভ্ৰমণকালতে শিক্ষাৰ্থীসকলে পৰীক্ষাগাৰৰ ভিতৰত বিকশিত বিভিন্ন অভিনৱ প্ৰকল্প প্ৰদৰ্শন কৰে। যুৱ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন  সমস্যাৰ সমাধান আৰু সমালোচনামূলক চিন্তাধাৰাৰ সংস্কৃতি গঢ়ি তোলাত এআইএমৰ প্ৰভাৱৰ বিষয়তো  আলোকপাত কৰা হয় । শ্ৰীযুত মাইকে ইছৰো আৰু স্পেচকিডজৰ এক যৌথ উদ্যোগ বিখ্যাত আজাদিছেট উপগ্ৰহ উৎক্ষেপণৰ অংশ হোৱা শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰে। উপগ্ৰহটো সমগ্ৰ ভাৰতৰ ৭৫ খন বিদ্যালয়ৰ ৭৫০ গৰাকী কন্যা ছাত্ৰীয়ে নিৰ্মাণ কৰিছে। আঠ কিলোগ্ৰাম ওজনৰ  উপগ্ৰহটোত ৭৫  টা ফেমটো পৰীক্ষাৰ সুবিধা, ইয়াত সংলগ্ন  সৌৰ পেনেলৰ ছবি তুলিবলৈ চেলফি কেমেৰা আৰু দীৰ্ঘ-দূৰত্বৰ যোগাযোগ ট্ৰেন্সপণ্ডাৰ আছে। স্পেচকিডজৰ প্ৰতিষ্ঠাপক শ্ৰীমতী শ্ৰীমাথি কেচনেও শ্ৰীযুত মাইকক ষ্টেম (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত)ত কন্যা  শিক্ষাৰ্থীসকলক উদগনি যোগোৱা  এই অনন্য পদক্ষেপৰ বিষয়ে অৱগত কৰে।

ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি মাইক মাছিমিনোৱে নাছাৰ মহাকাশচাৰী হিচাপে তেওঁৰ অভিজ্ঞতা, মহাকাশ অভিযানৰ প্ৰত্যাহ্বান আৰু মহাকাশ অন্বেষণৰ ভৱিষ্যতৰ বিষয়ত  অন্তৰ্দৃষ্টি ভাগ-বতৰা কৰে। তেওঁৰ প্ৰেৰণাদায়ক ভাষণে ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু ষ্টেম  (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণিত) ক্ষেত্ৰসমূহ আবেগেৰে অন্বেষণ কৰিবলৈ উৎসাহিত কৰে।

 

অটল টিংকাৰিং লেবছৰ বিষয়ে

 

অটল টিংকাৰিং লেব (এ টি এল) হৈছে অটল ইনোভেচন মিছন (এ আই এম), নিটি আয়োগৰ অধীনত এক পদক্ষেপ, যিটো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক উদ্ভাৱনীমূলক মানসিকতা গঢ়ি তোলাৰ বাবে প্ৰস্তুত  কৰা হৈছে। এটিএল হৈছে এনে এটা কৰ্মক্ষেত্ৰ য’ত যুৱ মনবোৰে নিজৰ ধাৰণাক হেণ্ডছ অন ডু-ইট-ইয়ৰচেল্ফ মোডৰ জৰিয়তে গঢ় দিব পাৰে; আৰু উদ্ভাৱনৰ দক্ষতা আয়ত্ব কৰিব পাৰে ।উঠি অহা  শিক্ষাৰ্থীসকলে  ষ্টেম  (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত)ৰ ধাৰণা বুজি উঠিবলৈ  ইয়াত বিভিন্ন  সঁজুলিৰে কাম কৰাৰ সুযোগ পায়। এটিএলত শিক্ষামূলক আৰু শিক্ষণীয় ‘ইয়াক নিজে কৰা’ কিট আৰু সঁজুলি আছে – বিজ্ঞান, ইলেক্ট্ৰনিক্স, ৰবটিক্স, মুক্ত উৎস মাইক্ৰ’কণ্ট্ৰ’লাৰ ব’ৰ্ড, চেন্সৰ আৰু থ্ৰীডি প্ৰিণ্টাৰ আৰু কম্পিউটাৰ আদিৰে এই লেব সমৃদ্ধ।

 

মাইক মাছিমিনোৰ বিষয়ে

 

নাছাৰ প্ৰাক্তন মহাকাশচাৰী শ্ৰীমান মাইক মাছিমিনো কলম্বিয়া বিশ্ববিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক আৰু ইনট্ৰেপিড ছি, এয়াৰ এণ্ড স্পেচ মিউজিয়ামৰ মহাকাশ কাৰ্যসূচীৰ জ্যেষ্ঠ উপদেষ্টা। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা বি এছ ডিগ্ৰী লাভ কৰে  আৰু মেকানিকেল ইঞ্জিনিয়াৰিং তথা  প্ৰযুক্তি আৰু নীতি বিষয়ত  এম এছ ডিগ্ৰী লাভ কৰাৰ লগতে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পি এইচ ডি ডিগ্ৰী লাভ কৰে।

তেওঁ আই বি এম, নাছা, আৰু মেকডনেল ডগলাছ এৰোস্পেচত অভিযন্তা হিচাপে কাম কৰাৰ লগতে ৰাইচ বিশ্ববিদ্যালয় আৰু জৰ্জিয়া ইনষ্টিটিউট অৱ টেকন'লজিত শৈক্ষিক নিযুক্তি লাভ কৰাৰ  পিছত ১৯৯৬ চনত নাছাই মহাকাশচাৰী হিচাপে নিৰ্বাচিত কৰে আৰু ২০০২ তথা  ২০০৯ চনত হাবল মহাকাশ টেলিস্কোপ অভিযান সেৱাৰ  চতুৰ্থ আৰু পঞ্চমটো  উৰণৰ প্ৰবীণ বিজ্ঞানীৰূপে পৰিগণিত হয়। ঘণ্টাৰ সংখ্যাৰ দিশৰ পৰা মাইকৰ দলীয় অভিলেখ আছে। তেওঁ  মহাকাশৰ পৰা টুইট কৰা প্ৰথমজন ব্যক্তি আছিল। নাছাত থকা  সময়ছোৱাত তেওঁ নাছাৰ দুটা মহাকাশ উৰণ পদক, নাছাৰ ডিষ্টিংচড চাৰ্ভিচ মেডেল, আমেৰিকান এষ্ট্ৰ’নটিকেল ছ’চাইটিৰ ফ্লাইট এচিভমেণ্ট বঁটা আৰু ষ্টাৰ অৱ ইটালিয়ান ছলিডাৰিটি লাভ কৰে।

 

তেওঁ নিউয়ৰ্ক চহৰৰ ইনট্ৰেপিড ছি, এয়াৰ এণ্ড স্পেচ মিউজিয়ামৰ মহাকাশ কাৰ্যসূচীৰ জ্যেষ্ঠ উপদেষ্টা। কলম্বিয়া বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিদ্যালয় দ্য ফু ফাউণ্ডেশ্যন স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড এপ্লাইড চাইন্সৰো তেওঁ অধ্যাপক।

 

MJPS/SR/DM


(Release ID: 2107319) Visitor Counter : 9


Read this release in: English , Hindi , Gujarati