ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ তথ্য প্ৰচাৰকাৰী বাহনৰ ফ্লেগ অফেৰে সপ্তাহজোৰা জন ঔষধি দিৱস, ২০২৫ উদযাপনৰ শুভাৰম্ভ কৰে
জন ঔষধিৰ বাবে এটা জন-আন্দোলন গঢ়ি তোলো আহকঃ শ্ৰী জগত প্ৰকাশ নাড্ডা
পিএমবিজেপিৰ ফলশ্ৰুতিত বিগত ১০ বছৰত নাগৰিকসকলৰ প্ৰায় ৩০ হাজাৰ কোটি টকা সঞ্চয় হৈছে
Posted On:
01 MAR 2025 1:26PM by PIB Guwahati
কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই আজি নিৰ্মাণ ভৱনত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ তথ্য প্ৰচাৰকাৰী ৰথ আৰু আন ১০ খন বাহনৰ ফ্লেগ অফেৰে সপ্তাহজোৰা জন ঔষধি দিৱস, ২০২৫ উদযাপনৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী অনুপ্ৰিয়া পেটেল আৰু ফাৰ্মাচিউটিকেলছ বিভাগৰ সচিব শ্ৰী অমিত আগৰৱালায়ো অংশগ্ৰহণ কৰে।

ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী জগত প্ৰকাশ নাড্ডাই চৰকাৰৰ উক্ত প্ৰকল্পটো সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ বাবে দেশৰ নাগৰিকসকলক এই কাৰ্য্যসূচীসমূহত অংশগ্ৰহণ কৰিবলৈ তথা জন-ঔষধিৰ বাবে এটা জন-আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়।
শ্ৰীমতী অনুপ্ৰিয়া পেটেলেও ভাষণ প্ৰদানেৰে ৭ম জন ঔষধি দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশতে অনুষ্ঠিত হ’বলগীয়া সাতদিনীয়া সপ্তাহজোৰা কাৰ্য্যসূচী সম্পৰ্কে চমুকৈ ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত প্ৰতি বছৰে ৭ মাৰ্চৰ দিনটো আঁচনিখনৰ বিষয়ে সজাগতা বৃদ্ধি আৰু জেনেৰিক ঔষধৰ প্ৰচাৰৰ উদ্দেশ্যেৰে “জন ঔষধি দিৱস” হিচাপে উদযাপন কৰা হয়। পূৰ্বৰ বছৰ কেইটাৰ দৰেই ২০২৫ৰ ১ মাৰ্চৰপৰা ৭ মাৰ্চলৈকে দেশৰ ভিন্ন স্থানত সপ্তাহজোৰা অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে। আজি ফ্লেগ অফ কৰা বাহনসমূহে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (NCR) পিএমবিজেপি সম্পৰ্কে তথ্য প্ৰচাৰ কৰিব।
গুণগত মানৰ জেনেৰিক ঔষধ সকলোৰে বাবে সুলভ মূল্যত উপলব্ধ কৰি তোলাৰ উদ্দেশ্যেৰে ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ফাৰ্মাচিউটিকেলছ বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা (PMBJP)ৰ শুভাৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত জেনেৰিক ঔষধ যোগানৰ বাবে জন ঔষধি কেন্দ্ৰ (JAK) নামেৰে পৰিচিত সমৰ্পিত আউটলেটসমূহ মুকলি কৰা হয়।

২৮-০২-২০২৫লৈকে সমগ্ৰ দেশতে ১৫০০০ জন ঔষধি কেন্দ্ৰ (JAK) মুকলি কৰা হৈছে। পিএমবিজেপিৰ প্ৰডাক্ট বাস্কেটত ২০৪৭ বিধ ঔষধ আৰু ৩০০ অস্ত্ৰোপচাৰ সঁজুলি আছে, যিসমূহ খুচুৰা দোকানসমূহত ব্ৰেণ্ডেড ঔষধতকৈ ৫০%ৰ পৰা ৮০% সস্তাত বিক্ৰী কৰা হয়।
পিএমবিজেপিৰ অধীনত চৰকাৰে দেশজুৰি ২০২৭ৰ ৩১ মাৰ্চৰ ভিতৰত ২৫০০০ জেএকে মুকলিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। পিএমবিআই-এ ৩১-০১-২০২৫ত ২০২৫ৰ মাৰ্চৰ ভিতৰত ১৫০০০ জেএকে মুকলিৰ লক্ষ্যত ইতিমধ্যে উপনীত হৈছে।
ইয়াত বিস্তৃত শ্ৰেণীৰ ঔষধক সামৰি ল’বলৈ ২৯ টা প্ৰধান থেৰাপিটিক গ্ৰুপ যেনেঃ এন্টিবায়টিক আৰু এন্টি-ইনফেক্টিভ, এন্টি-কেন্সাৰ, এন্টি-ডায়েবেটিক, কাৰ্ডিঅ’ভাস্কুলাৰ ড্ৰাগছ, এনালজেচিক আৰু এন্টিপাইৰেটিক, এন্টি-এলাৰ্জিক, গেষ্ট্ৰ’-ইন্টেষ্টিনেল এজেন্ট, ভিটামিন আৰু খনিজ পদাৰ্থ, খাদ্য পৰিপূৰক/নিউট্ৰাচিউটিকেল, স্থানীয় ঔষধ আদি অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰিও ৩০০ টা অস্ত্ৰোপচাৰ সঁজুলি আৰু ব্যৱহাৰযোগ্য আহিলা যেনেঃ মাস্ক, অৰ্থপেডিক পুনৰ্বাসন সামগ্ৰী, অস্ত্ৰোপচাৰ ড্ৰেছিং, চিৰিঞ্জ আৰু নিডল, চেনিটেৰী নেপকিন, চিলাই, ডায়েপাৰ, ৰবৰ গ্লভছ, অক্সিমিটাৰ, ৰেপিড এন্টিজেন টেষ্ট কিট আদিকো পিএমবিজেপি বাস্কেটত সামৰি লোৱা হৈছে।
২০২৩-২৪ বিত্তীয় বৰ্ষত পিএমবিজেপিয়ে ১৪৭০ কোটি টকা (এমআৰপিত)ৰ বিক্ৰী কৰিছে, যাৰ ফলত নাগৰিকসকলৰ প্ৰায় ৭৩৫০ কোটি টকা সঞ্চয় হৈছে। চলিত বিত্তীয় বৰ্ষ অৰ্থাৎ ২০২৪-২৫ত পিএমবিজেপিয়ে ২৮-০২-২০২৫ লৈকে ১৭৬০ কোটি (এমআৰপিত) টকাৰ বিক্ৰী কৰিছে। যোৱা ১০ বছৰত এনে কেন্দ্ৰৰ সংখ্যা ১৮০ গুণ বৃদ্ধি পাইছে আৰু বিক্ৰীও ২০০ গুণৰো অধিক বৃদ্ধি পাইছে। বিগত ১০ বছৰত এই উদাৰ আঁচনিৰ বাবে নাগৰিকসকলৰ প্ৰায় ৩০ হাজাৰ কোটি টকা ৰাহি হৈছে।
*****
MV/AKS/SB
(Release ID: 2107306)
Visitor Counter : 17