মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ নাছাৰ প্ৰাক্তন মহাকাশচাৰী মিষ্টাৰ মাইক মাছিমিনোৰ
পিএম শ্ৰী বিদ্যালয় ভ্ৰমণৰ সময়ত পৰিদৰ্শন কৰিলে গৱেষণাগাৰ, ভাৰতৰ চন্দ্ৰ অভিযান, শ্বেয়াৰ কৰিলে শূন্য মধ্যাকৰ্ষণৰ অভিজ্ঞতা
Posted On:
27 FEB 2025 4:22PM by PIB Guwahati
নাছাৰ প্ৰাক্তন মহাকাশচাৰী শ্ৰীযুত মাইক মাছিমিনোৱে নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। মাছিমিনোৱে বিদ্যালয়খনৰ এ আৰ-ভি আৰ লেব, অটল টিংকাৰিং লেব, ভাষা লেব আদিকে ধৰি অন্যান্য সুবিধাসমূহ পৰিদৰ্শন কৰে।
ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা মত বিনিময়ত শ্ৰী মাছিমিনোৱে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ প্ৰশংসা কৰে। তেওঁ কয় যে এইটো কেৱল ভাৰতৰ বাবেই নহয়, আন্তঃৰাষ্ট্ৰীয় মহাকাশ সমাজৰ বাবেও গুৰুত্বপূৰ্ণ। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণৰ সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি তেওঁ এই কৃতিত্বই বাসস্থানৰ বাবে প্ৰয়োজনীয় পানীৰ উৎস বিচাৰি উলিওৱাত কেনেদৰে কাম কৰিব পাৰে সেই বিষয়ে আলোচনা কৰে। তেওঁ ভৱিষ্যতৰ মহাকাশ কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
শ্ৰী মাছিমিনোৱে কেনেকৈ সাতজন মহাকাশচাৰীৰ বিষয়ে এখন ছবিয়ে তেওঁক মহাকাশচাৰী হ’বলৈ অনুপ্ৰাণিত কৰিছিল সেই শ্বেয়াৰ কৰে। মহাকাশ অন্বেষণ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। শিক্ষাৰ্থীসকলে তেওঁক মহাকাশত কেনেধৰণৰ খাদ্য খাইছিল, মহাকাশত শূন্য মাধ্যাকৰ্ষণ শক্তিৰ লগত কেনেদৰে খাপ খুৱাইছিল, টোপনি কেনেদৰে মাৰিছিল আদিৰ বিষয়ে সোধে। মহাকাশ অন্বেষণত এআইৰ ভূমিকা সম্পৰ্কেও ছাত্ৰ-ছাত্ৰীসকলক কৌতুহলী হোৱা পৰিলক্ষিত হয়। এই প্ৰসংগত তেওঁ ব্যাখ্যা কৰে যে এআইয়ে এই প্ৰক্ৰিয়াটো সহজ, অধিক ফলপ্ৰসূ, সুৰক্ষিত আৰু খৰচ-বহনক্ষম কৰি তুলিব। মত বিনিময়ৰ শেষত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কয় যে যদি তেওঁলোকে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচাৰে তেন্তে তেওঁলোকে এই বিষয়ত মনোনিৱেশ কৰি দক্ষতা বিকাশ কৰিব লাগিব।
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে মহাকাশচাৰী হিচাপে কেৰিয়াৰ বাছনি কৰাৰ প্ৰত্যাহ্বানসমূহ আৰু ইয়াৰ বাবে প্ৰস্তুতি চলাবলৈ কি ধৰণৰ বিষয় অধ্যয়ন কৰিব লাগে আদিৰ বিষয়ে জানিব বিচাৰে। মাছিমিনোৱেই ভূ-বিজ্ঞান আৰু সামূদ্ৰিক জীৱবিজ্ঞানকে ধৰি বিভিন্ন বিষয় অধ্যয়নৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ ব্যৱহাৰিক আৰু অন্তৰ্দৃষ্টিসম্পন্ন উত্তৰবোৰে ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী আৰু অনুপ্ৰাণিত কৰে। নাছাত কাম কৰি থাকোঁতে তেওঁক কোনটো মিছন আটাইতকৈ কঠিন আছিল আৰু অদূৰ ভৱিষ্যতে মংগল গ্ৰহত জীয়াই থকাটো সম্ভৱ হ’ব নেকি বুলিও একাংশ শিক্ষাৰ্থীয়ে প্ৰশ্ন কৰে। তেওঁ বুজাই দিলে যে চন্দ্ৰত জীৱ জীয়াই থকাটো অতি সোনকালে সম্ভৱ হ’ব। অৱশ্যে কিছু কাৰিকৰী সমস্যাৰ বাবে মংগল গ্ৰহত জীৱ জীয়াই থাকিবলৈ বেছি সময় লাগিব।
নাছাৰ প্ৰাক্তন মহাকাশচাৰী মাইক মাছিমিনো কলম্বিয়া বিশ্ববিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিকী বিভাগৰ অধ্যাপক আৰু ইনট্ৰেপিড ছি, এয়াৰ এণ্ড স্পেচ মিউজিয়ামৰ মহাকাশ কাৰ্যসূচীৰ জ্যেষ্ঠ উপদেষ্টা। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বিএছ ডিগ্ৰী অৰ্জন কৰে। তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং আৰু টেকন’লজি এণ্ড পলিচিত এম এছ ডিগ্ৰী অৰ্জন কৰিছে আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।
আইবিএম, নাছা আৰু মেকডনেল ডগলাছ এৰ’স্পেচত অভিযন্তা হিচাপে কাম কৰাৰ পিছত আৰু ৰাইচ বিশ্ববিদ্যালয় আৰু জৰ্জিয়া ইনষ্টিটিউট অৱ টেকন’লজিত অধ্যাপনা কৰে। ইয়াৰ পিছত ১৯৯৬ চনত নাছাৰ মহাকাশচাৰী হিচাপে নিৰ্বাচিত হয়। ২০০২ আৰু ২০০৯ চনত তেওঁ চতুৰ্থ আৰু পঞ্চম হাবল স্পেচ টেলিস্কোপ ছাৰ্ভিচিং অভিযানত অংশগ্ৰহণ কৰে। মহাকাশ যাত্ৰাৰ এবাৰত সৰ্বাধিক সময় কটোৱা দলীয় অভিলেখো আছে তেওঁৰ নামত। মহাকাশৰ পৰা টুইট কৰা তেওঁ প্ৰথমগৰাকী মহাকাশচাৰী। নাছাত কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ নাছাৰ দুটা মহাকাশ উৰণ পদক, নাছাৰ বিশিষ্ট সেৱা পদক, আমেৰিকান এষ্ট্ৰ’নটিকেল ছ’চাইটিৰ ফ্লাইট এচিভমেণ্ট মেডেল আৰু ষ্টাৰ অৱ ইটালিয়ান ছলিডাৰিটি সন্মানেৰে সন্মানীত হয়।
অনুষ্ঠানত শ্ৰী সোমিত শ্ৰীবাস্তৱ, যুটীয়া আয়ুক্ত(পাৰ্ছ); শ্ৰী বি.কে. বেহৰা, উপ আয়ুক্ত (শৈক্ষিক) কেভিএছ মুখ্য কাৰ্যালয়; কেভিএছ দিল্লী অঞ্চলৰ উপ আয়ুক্ত শ্ৰী এছ এছ চৌহান; শ্ৰী জি.এছ.পাণ্ডে আৰু শ্ৰী কে.চি. মীনা, সহকাৰী আয়ুক্ত, দিল্লী অঞ্চল; শ্ৰী ভি.কে. মথপাল, অধ্যক্ষ কেভি নং ২, দিল্লী কেণ্টনমেণ্ট; আৰু অন্যান্য বিশিষ্ট উপস্থিত থাকে।


*****
MV/AK
MOE/DoSEL/27 February 2025/1
(Release ID: 2107301)