প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
'একতাৰ মহাযজ্ঞ'ৰ সমাপ্তি চিহ্নিত কৰি মহাকুম্ভৰ সামৰণি পৰিল; প্ৰয়াগৰাজত একতাৰ এই বিশাল সমাৱেশৰ সমগ্ৰ ৪৫ দিনত একেটা উৎসৱতে একে সময়তে ১৪০ কোটি নাগৰিকৰ বিশ্বাস একত্ৰিত হৈছিল, যিটো আছিল সঁচাকৈয়ে অভিভূতকাৰী! : প্ৰধানমন্ত্ৰী
আজি ভাৰত ইয়াৰ ঐতিহ্যৰ বাবে গৌৰৱান্বিত, নতুন শক্তিৰে আগবাঢ়ি গৈ আছে; এয়া হৈছে পৰিৱৰ্তনৰ এটা যুগৰ আৰম্ভণি যিয়ে দেশৰ বাবে এক নতুন ভৱিষ্যত লিখিবলৈ সাজু হৈছে ঃ প্ৰধানমন্ত্ৰী
মহাকুম্ভত অংশগ্ৰহণ কৰা ভক্তৰ ব্যাপক সংখ্যা কেৱল এক অভিলেখ নহয় বৰঞ্চ বহু শতিকালৈ আমাৰ সংস্কৃতি আৰু ঐতিহ্যক শক্তিশালী আৰু সমৃদ্ধ কৰি ৰখাৰ বাবেও এক শক্তিশালী ভেটি স্থাপন কৰিছে: প্ৰধানমন্ত্ৰী
এই মহাকুম্ভত সমাজৰ প্ৰতিটো শ্ৰেণী আৰু অঞ্চলৰ জনগণ একত্ৰিত হৈছিল: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
27 FEB 2025 11:12AM by PIB Guwahati
মহাকুম্ভক 'একতাৰ মহাযজ্ঞ "বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে ভাৰতে নিজৰ ঐতিহ্যক লৈ গৌৰৱান্বিত আৰু এক নতুন শক্তিৰে আগবাঢ়ি আছে। তেওঁ কয় যে এয়াই এটা পৰিৱৰ্তনৰ যুগৰ আৰম্ভণি যিয়ে দেশৰ বাবে এক নতুন ভৱিষ্যত লিখিবলৈ সাজু হৈছে। তেওঁ লগতে কয় যে মহাকুম্ভত অংশগ্ৰহণ কৰা ভক্তৰ বৃহৎ সংখ্যা কেৱল এক অভিলেখ নহয়, বৰঞ্চ ই বহু শতিকা ধৰি আমাৰ সংস্কৃতি আৰু ঐতিহ্য শক্তিশালী আৰু সমৃদ্ধ কৰি ৰাখিবলৈ এক শক্তিশালী ভেটি স্থাপন কৰিছে। একতাৰ মহাকুম্ভ সফলভাৱে সম্পন্ন হোৱাত সন্তুষ্টি প্ৰকাশ কৰি আৰু নাগৰিকসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, প্ৰচেষ্টা আৰু সংকল্পৰ বাবে ধন্যবাদ জনাই শ্ৰী মোদীয়ে নিজৰ চিন্তাধাৰা এটা ব্লগত লিখে আৰু ইয়াক এক্সত শ্বেয়াৰ কৰে।
“মহাকুম্ভ সম্পন্ন হ’ল… একতাৰ মহাযজ্ঞ সম্পূর্ণ হ’ল৷ প্ৰয়াগৰাজৰ একতাৰ মহাকুম্ভত সমগ্ৰ ৪৫ দিনত একেটা সময়তে একেটা উৎসৱতে ১৪০ কোটি ভাৰতীয়ৰ বিশ্বাস যিদৰে একত্ৰিত হৈছিল, সেয়াই অভিভূত কৰিছে! মহাকুম্ভ সম্পূৰ্ণ হোৱাৰ পিছত মোৰ মনলৈ অহা চিন্তাবোৰ কলমেৰে লিখিবলৈ চেষ্টা কৰিছো...”
“মহাকুম্ভত বিপুল সংখ্যক ভক্তই যিদৰে অংশগ্ৰহণ কৰিছিল সেয়া কেৱল এক অভিলেখ নহয়, বৰঞ্চ ই বহু শতিকা ধৰি আমাৰ সংস্কৃতি আৰু ঐতিহ্যক শক্তিশালী আৰু সমৃদ্ধ কৰি ৰাখিবলৈ এক শক্তিশালী ভেটিও স্থাপন কৰিছে।”
“প্ৰয়াগৰাজৰ মহাকুম্ভ আজি সমগ্ৰ বিশ্বৰ ব্যৱস্থাপনা পেছাদাৰীসকলৰ লগতে পৰিকল্পনা আৰু নীতি বিশেষজ্ঞসকলৰ বাবে গৱেষণাৰ বিষয় হৈ পৰিছে।”
"আজি নিজৰ ঐতিহ্যক লৈ গৌৰৱান্বিত ভাৰতে এতিয়া এক নতুন শক্তিৰে আগবাঢ়ি আছে। এয়া পৰিৱৰ্তনৰ যুগ, যিয়ে দেশৰ বাবে এক নতুন ভৱিষ্যত লিখিবলৈ গৈ আছে।"
“সমাজৰ প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো অঞ্চলৰ লোক এই মহাকুম্ভত একত্ৰিত হৈছিল। 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ এই অবিস্মৰণীয় দৃশ্য কোটি কোটি দেশবাসীৰ আত্মবিশ্বাসৰ উপলব্ধিৰ উৎসৱত পৰিণত হ'ল।"
“একতাৰ এই মহাকুম্ভক সফল কৰি তোলাৰ বাবে দেশবাসীৰ কঠোৰ পৰিশ্ৰম, প্ৰচেষ্টা আৰু সংকল্পত অভিভূত হৈ মই বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথম জ্যোতিৰ্লিংগ শ্ৰী সোমনাথক দৰ্শন কৰিবলৈ যাম। সংকল্প পুষ্পক ভক্তিৰ প্ৰতীক হিচাপে উছৰ্গা কৰি প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰাৰ্থনা কৰিম। দেশবাসীৰ মাজত একতাৰ এই নিৰৱচ্ছিন্ন প্ৰবাহ এনেদৰে চলি থকাটো কামনা কৰিলোঁ।"
***
MJPS/SR/KD
(ৰিলিজ আই ডি : 2106641)
অতিথি কক্ষ : 74
ত এই ৰিলিজটো পঢ়ক:
Manipuri
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada