ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

এডভান্টেজ আছাম ২.০ত বৃহৎ আন্তঃগাঁথনি আৰু তথ্য- প্ৰযুক্তিৰ পদক্ষেপ উন্মোচন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে

অৰ্ধপৰিবাহী নিৰ্মাণৰ উত্থানঃ অসমৰ বাবে নতুন উদ্যোগ ঘোষণা

গুৱাহাটী ৰে'লৱে ষ্টেচন আই টি হাবলৈ ৰূপান্তৰিত হ’ব; অসমৰ ৰে’ল নেটৱৰ্ক বৃদ্ধিৰ বাবে ছটা নতুন গতি শক্তি কাৰ্গো টাৰ্মিনেল

দিল্লী আৰু চেন্নাইক গুৱাহাটীৰ সৈতে সংযোগ কৰিব নতুন অমৃত ভাৰত ৰে'ল

Posted On: 25 FEB 2025 8:14PM by PIB Guwahati

 

আজি গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ৰে'লৱে, ইলেক্ট্ৰ'নিকছ আৰু তথ্য প্ৰযুক্তি তথা  তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ  মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে।  অনুষ্ঠানত উপস্থিত থাকি  তেওঁ অঞ্চলটোৰ ৰে’লৱে আৰু আই টি উদ্যোগৰ বৃদ্ধি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ তথা  প্ৰকল্পৰ কথা ঘোষণা কৰে।

আন্তঃগাঁথনি আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰি শ্ৰী বৈষ্ণৱে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ উন্নয়নৰ "নতুন ইঞ্জিন" বুলি অভিহিত কৰে। তেওঁ অসমত নতুন অৰ্ধপৰিবাহী উদ্যোগৰ পৰিকল্পনাও উন্মোচন কৰে৷   এনে পৰিকল্পনাই ইলেক্ট্ৰ'নিকছ আৰু অৰ্ধপৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যৰ ক্ৰমবৰ্ধমান ভূমিকাক শক্তিশালী কৰি তুলিব। ইয়াৰ উপৰি তেওঁ  গুৱাহাটী ৰে'লৱে ষ্টেচনক নতুন আই টি হাবলৈ ৰূপান্তৰিত কৰা হ’ব বুলিও  ঘোষণা কৰে ৷  ফলত অঞ্চলটোৰ ডিজিটেল আন্তঃগাঁথনি আৰু অধিক শক্তিশালী হ’ব বুলি তেওঁ মন্তব্য কৰে।

মন্ত্ৰীগৰাকীয়ে ২০১৪ চনৰ পৰা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ১,৮২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’লপথ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ সফলতাৰ দিশটো সন্দৰ্ভত আলোকপাত কৰে৷  মইনাৰবন্দ আৰু চিনামৰাত অসমত দুটা গতি শক্তি কাৰ্গো টাৰ্মিনেল আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি  তেওঁ ছয়গাঁও, নিউ বঙাইগাঁও, বিহৰা , হিলৰা, বাইহাটা  আৰু... ৰংজুলি অঞ্চলটোৰ ৰে’ল নেটৱৰ্ক বহু পৰিমাণে বৃদ্ধি কৰিব বুলি মন্তব্য  কৰে।  তেওঁ কয় যে উত্তৰ-পূবত ইতিমধ্যে এখন বন্দে ভাৰত এক্সপ্ৰেছ কাৰ্যক্ষম হৈ উঠিছে, আন এখনে অতি সোনকালে গুৱাহাটী আৰু আগৰতলাক সংযোগ কৰিব। তেওঁ এই বছৰতে  চলিবলগীয়া দুখন অমৃত ভাৰত ৰে’ল (গুৱাহাটী-দিল্লী আৰু গুৱাহাটী-চেন্নাইৰ মাজত) অনুমোদন দিয়াৰ লগতে লামডিঙত ৰে’লৱে ইঞ্জিন মিডলাইফ  পুনৰ নিৰ্মাণৰ সুবিধা স্থাপনৰ কথাও ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে বড়োলেণ্ড অঞ্চলৰ বাশবাৰীত ৩০০ কোটি টকা ব্যয় সাপেক্ষে এখন ৱেগন ৱৰ্কশ্বপ  স্থাপনৰ পৰিকল্পনাৰ কথাও উল্লেখ  কৰে।

শ্ৰী বৈষ্ণৱে অসম আৰু ভূটানৰ মাজত সংযোগ উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা  পৰিকল্পনাৰ বিষয়তো  আলোকপাত কৰে৷  ইয়াৰ  ফলত অৰ্থনৈতিক বিকাশৰ নতুন সুযোগ মুকলি হ'ব । বডোলেণ্ড অঞ্চলৰ উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ বাশবাৰীত ৱেগন ৱৰ্কশ্বপ স্থাপনৰ কথা ঘোষণা কৰে৷ ইয়াৰ জড়িয়তে  বড়ো চুক্তিৰ অধীনত চৰকাৰৰ দায়বদ্ধতাৰ কথা তেওঁ  পুনৰ উল্লেখ কৰে।

ইলেক্ট্ৰ'নিকছ আৰু মোবাইল ফোন নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়  যে এতিয়া ৯৮%তকৈ অধিক মোবাইল ফোন ঘৰুৱাভাৱে উৎপাদন কৰা হয়। এই খণ্ডটোক আৰু অধিক শক্তিশালী কৰাৰ বাবে তেওঁ কামৰূপৰ বঙৰাত  ইলেক্ট্ৰ'নিকছ মেনুফেকচাৰিং আঁচনিৰ অধীনত গ্ৰীণফিল্ড ইলেক্ট্ৰ'নিক মেনুফেকচাৰিং ক্লাষ্টাৰ (ইএমচি) গঢ়ি তোলাৰ কথা ঘোষণা কৰে৷ যাৰ প্ৰকল্প ব্যয়  ১২০ কোটি টকা। ইয়াৰ উপৰি তেওঁ কয় যে নেশ্যনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰ'নিক্স এণ্ড ইনফৰ্মেশ্যন টেকন’লজি (এন আই ই এল আই টি)ক ডিমড-টু-বি বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে৷ জাগীৰোডত ইয়াৰ এটা  চৌহদ স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে।

শ্ৰী বৈষ্ণৱে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি আৰু ঔদ্যোগিক উন্নয়নৰ প্ৰতি চৰকাৰৰ নিষ্ঠাক পুনৰ দৃঢ়তাৰে দোহাৰে৷ তেওঁ  কয় অসমে অতি শীঘ্ৰে উল্লেখযোগ্য ঔদ্যোগিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব বুলি আস্থা প্ৰকাশ কৰে। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উন্নয়নৰ আবেগ প্রতিধ্বনিত কৰি ৰাজ্যখনত নতুন পদক্ষেপৰ পোষকতাৰে কেন্দ্রীয় চৰকাৰৰ অবিৰত সহায়ক স্বীকাৰ কৰি আহিছে৷ অসম বিশ্বৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ এক মূল  অংশীদাৰ  হিচাপে পৰিগণিত হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

অনুষ্ঠানত অসম চৰকাৰে সমগ্ৰ ছিংগাপুৰ, মালয়েছিয়া, আৰু জাপানৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ ১০টা উদ্যোগ গোটৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে৷  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ  উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব শক্তিশালী কৰা আৰু ৰাজ্যখনৰ ক্ৰমবৰ্ধমান অৰ্ধপৰিবাহী উদ্যোগত বিনিয়োগক লাভাৱান্বিত কৰাৰ এক বিশেষ পদক্ষেপ হিচাবে বিবেচিত হৈছে।

KSY/PG/BM/DM


(Release ID: 2106261) Visitor Counter : 55


Read this release in: English , Hindi , Kannada